ETV Bharat / bharat

Rahul Gandhi in PSC: প্ৰতিৰক্ষা বিষয়ক সংসদীয় স্থায়ী কমিটীলৈ মনোনীত ৰাহুল গান্ধী

ৰাহুল গান্ধীক পুনৰ সংসদীয় স্থায়ী সমিতিৰ সদস্য হিচাপে মনোনীত ৷ মাৰ্চ মাহত সাংসদ পদ হেৰুৱাৰ পাচতে সংসদীয় স্থায়ী সমিতিৰ সদস্যৰ পৰা বহিষ্কাৰ কৰা হৈছিল ৷ ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ সাংসদ অমৰ সিঙকো সংসদীয় সমিতিলৈ মনোনীত কৰা হৈছে

Rahul Gandhi
ৰাহুল গান্ধীক পুনৰ মনোনীত সংসদীয় স্থায়ী সমিটিলৈ
author img

By

Published : Aug 17, 2023, 10:03 AM IST

নিউজ ডেস্ক, 17 আগষ্ট: সংসদলৈ পুনৰ প্ৰত্যাৱৰ্তনৰ পাচতে ৰাহুল গান্ধীক পুনৰ সংসদীয় স্থায়ী সমিতিৰ সদস্য হিচাপে মনোনীত কৰা হৈছিল ৷ লোকসভাৰ অধ্যক্ষই ৰাহুলক প্ৰতিৰক্ষা সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিলৈ মনোনীত কৰিছে ৷ বিগত মাৰ্চ মাহত সংসদে অযোগ্য বুলি ঘোষণা কৰাৰ পাচত সংসদীয় স্থায়ী সমিতিৰ সদস্যৰ পৰা বহিষ্কাৰ কৰা হৈছিল ৰাহুল গান্ধীক ৷ তাৰ পিচত ৭ আগষ্টত ৰাহুল গান্ধীয়ে সাংসদ পদ ওভতাই পোৱাৰ পাচতে সংসদীয় স্থায়ী সমিতিৰ সদস্য হিচাপে মনোনীত কৰা হৈছে ৷

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে ‘মোদী’ লোকক অপমান কৰা বুলি গোচৰ তৰা হৈছিল গুজৰাটত ৷ সেই গোচৰৰ ভিত্তিত গুজৰাটৰ উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীক 2 বছৰৰ বাবে কাৰাদণ্ড ৰায় প্ৰদান কৰিছিল ৷ তেতিয়াই সাংসদৰ বাবে ৰাহুল গান্ধীক অযোগ্য হিচাপে ঘোষণা কৰিছিল সংসদে ৷ হেৰুৱাই পেলাইছিল সাংসদ পদ ৷ মাৰ্চ মাহত সাংসদ পদ হেৰুৱাৰ পাচতে গুজৰাটৰ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৰাহুল গান্ধীয়ে ৷

4 আগষ্টত গুজৰাটৰ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ৰায় প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে ৷ ৰাহুলৰ শাস্তিৰ নিৰ্দেশ স্থগিত ৰাখি সাংসদ পদ ওভতাই দিব লাগে বুলি উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পাচতে সাংসদ পদ লাভ কৰিছিল ৰাহুল গান্ধীয়ে ৷

ইফালে ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ সাংসদ অমৰ সিঙকো সংসদীয় সমিতিলৈ মনোনীত কৰা হৈছে । নৱ নিৰ্বাচিত আম আদমী দলৰ সদস্য সুশীল কুমাৰ ৰিংকুক কৃষি, পশুপালন আৰু খাদ্য প্ৰক্ৰিয়াকৰণ সমিতিলৈ মনোনীত কৰা হৈছে । ৰিংকুৱে অলপতে জলন্ধৰ লোকসভা উপনিৰ্বাচনত জয়লাভ কৰিছিল ৷ ৰিংকুৱে সংসদৰ নিম্ন সদন অৰ্থাৎ লোকসভাৰ একমাত্ৰ আপৰ সদস্য ।

লগতে পঢ়ক:Rahul on 2 days visit to Ladakh: দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখলৈ ৰাওনা হোৱাৰ সম্ভাৱনা ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.