ETV Bharat / bharat

Bharat Jodo Yatra Day 2: শ শ সমৰ্থকৰ অংশগ্ৰহণ ৰাহুলৰ পদ যাত্ৰাত

author img

By

Published : Sep 8, 2022, 1:25 PM IST

তামিলনাডুৰ কান্নিয়াকুমাৰী জিলাৰ আগাষ্টিশ্বৰাম চহৰৰ পৰা ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় দিনটো আৰম্ভ (Bharat Jodo Yatra 2nd day)। ৰাহুল গান্ধীৰ সৈতে দলৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাৰ অংশগ্ৰহণ । এই যাত্ৰা প্ৰায় ১৫০ দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু প্ৰায় ১২ খন ৰাজ্যক সামৰি লোৱা হ'ব । নিশা ৰাহুল গান্ধীয়ে বিশেষ কণ্টেইনাৰত বিশ্ৰাম ল'ব ।

Bharat Jodo Yatra
কন্যাকুমাৰীৰ পৰা ৰাহুল গান্ধীৰ পদযাত্ৰা আৰম্ভ

নেশ্যনেল ডেস্ক,৮ ছেপ্টেম্বৰ : ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছে কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা' (Congress Bharat Jodo Yatra)। বুধবাৰৰ পৰা এই ১৪৮ দিনীয়া পদযাত্ৰাৰ আৰম্ভ হয় । বৃহস্পতিবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে ৰাহুল গান্ধীয়ে তামিলনাডুৰ কান্নিয়াকুমাৰী জিলাৰ আগাষ্টিশ্বৰাম চহৰৰ পৰা দলটোৰ ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় দিনটো আৰম্ভ কৰে (Bharat Jodo Yatra 2nd day)।

সাংসদ কেচি বেণুগোপাল, পি চিদাম্বৰম, ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকলে ৰাহুল গান্ধীৰ সৈতে এই পদযাত্ৰাত অংশগ্ৰহণ কৰে । কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে পদযাত্ৰাত অংশ লৈ কয় যে বিজেপিৰ বিভাজনমূলক ৰাজনীতিৰ বিৰুদ্ধে যুঁজ দিয়া, অৰ্থনৈতিক অসমতাৰ বাবে, সামাজিক মেৰুকৰণৰ বাবে আৰু ৰাজনৈতিক কেন্দ্ৰীকৰণৰ বাবে দেশখনে সন্মুখীন হোৱা বিপদৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এই ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰা হৈছে (Congress leader Jairam Ramesh on Bharat Jodo Yatra)। এই যাত্ৰাই দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে দলীয় কৰ্মীসকলক একত্ৰিত কৰিব বুলিও আশাবাদী কংগ্ৰেছ নেতাগৰাকী ।

তেওঁ উল্লেখ কৰা মতে ভাৰত জোড়ো যাত্ৰা সফলতাৰে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰাৰ বাবে কংগ্ৰেছে গুৰুত্ব প্ৰদান কৰিব । ইফালে ভাৰত জোড়ো যাত্ৰা শুভাৰম্ভ কৰি বুধবাৰে বিজেপিক তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে । তেওঁৰ মতে দেশৰ জাতীয় পতাকাই প্ৰতিটো ধৰ্ম, ৰাজ্য আৰু ভাষাৰ লোকক প্ৰতিনিধিত্ব কৰে । কিন্তু বৰ্তমান বিজেপি আৰু আৰ এছ এছয়ে ভাৰতক ধৰ্ম আৰু ভাষাৰ ভিত্তিত বিভক্ত কৰি আছে ।

উল্লেখ্য যে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৩,৫০০ কিলোমিটাৰ 'ভাৰত জোড়ো যাত্ৰা' ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছে (Kanyakumari to Kashmir Congres padyatra)। এই যাত্ৰা প্ৰায় ১৫০ দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু প্ৰায় ১২ খন ৰাজ্যক সামৰি লোৱা হ'ব । ১১ ছেপ্টেম্বৰত পদযাত্ৰা কেৰালাত উপস্থিত হোৱাৰ পাছতে আগন্তুক ১৮ দিনৰ বাবে ৰাজ্যখনৰ মাজেৰে পাৰ হ'ব । পদযাত্ৰাৰ দলটো ৩০ ছেপ্টেম্বৰত কৰ্ণাটকত উপস্থিত হ'ব । দেশৰ উত্তৰ দিশলৈ যোৱাৰ পূৰ্বে কৰ্ণাটকত পদযাত্ৰাৰ দলটো ২১ দিন থাকিব ।

ইফালে এই দীঘলীয়া যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ থকা, খোৱা আদি বিষয়ক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অৱশ্যে পদযাত্ৰাৰ দলটোৱে স্পষ্ট কৰি দিছে যে এই যাত্ৰাৰ সময়ত তেওঁ কোনো হোটেলত নাথাকে । বৰঞ্চ সমগ্ৰ যাত্ৰাটোৰ সময়ত তেওঁ নিশা এটা অতি সাধাৰণ কণ্টেইনাৰত থাকিব ।

কিছুমান কণ্টেইনাৰত শোৱা বিছনা, শৌচালয় আৰু AC স্থাপন কৰা হৈছে । যাত্ৰাৰ সময়ত, বহুতো ক্ষেত্ৰত উষ্ণতা আৰু পৰিৱেশ পৃথক পৃথক হ'ব । ঠাইৰ পৰিৱৰ্তনৰ সমান্তৰালকৈ গৰম আৰু আৰ্দ্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে ।

এনে ধৰণৰ প্ৰায় ৬০ টা কণ্টেইনাৰ নিৰ্মাণ কৰি কন্যাকুমাৰীলৈ প্ৰেৰণ কৰা হৈছে য'ত এখন গাঁও স্থাপন কৰা হৈছে । কণ্টেইনাৰসমূহ প্ৰতিদিনে এখন গাঁৱৰ আকাৰত নতুন স্থানত নিশাৰ বিশ্ৰামৰ বাবে ৰখা হ'ব ৷ সূত্ৰৰ মতে ৰাহুল গান্ধীৰ সৈতে সকলো সময়তে থকা যাত্ৰীসকলে একেলগে খাব আৰু থাকিব । সূত্ৰটোৱে কয় যে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাক সাধাৰণ লোকৰ সৈতে সংযোগ স্থাপনৰ উদ্দেশ্যে আৰম্ভ কৰিছে ।

এই পদযাত্ৰা কাশ্মীৰত সমাপ্ত হ'ব । এই পদযাত্ৰা প্ৰতিদিনে ২৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । পদযাত্ৰাৰ সময়ত বিভিন্ন ৰাজহুৱা সভাও আয়োজন কৰা হ'ব য'ত ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :নতুন মোল্লাই পিয়াজ বেছিকৈ খাই: হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ ভূপেশ বাঘেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.