ETV Bharat / bharat

Rahul Bhat killing: দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল কাশ্মীৰ উপত্যকা

ৰাহুল ভাটৰ ন্যায় আৰু উপত্যকাৰ সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষাৰ দাবীত শুকুৰবাৰেও কাশ্মীৰী পণ্ডিতসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে (Protests continue for second day demanding justice) । তেওঁলোকৰ দাবী পূৰণ নকৰিলে সমজুৱাকৈ পদত্যাগৰ ভাবুকি দিছে ৰাজ্যখনৰ বিভিন্ন বিভাগত কৰ্মৰত কাশ্মীৰী পণ্ডিতসকলে ৷ এই লৈ কাশ্মিৰৰ পৰা ছামিউল্লাহ মাগ্ৰাৰ এক বিশেষ প্ৰতিবেদন ।

author img

By

Published : May 13, 2022, 5:37 PM IST

Rahul Bhat killing
Rahul Bhat killing: দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল কাশ্মীৰ উপত্যকা

নেশ্যনেল ডেস্ক, 13 মে’: অশান্ত কাশ্মীৰ উপত্যকাৰ বুডগাম জিলাত শুকুৰবাৰে দ্বিতীয় দিনাৰ বাবেও শতাধিক কাশ্মিৰী পণ্ডিতে ৰাজহ বিভাগৰ বিষয়া ৰাহুল ভাটক হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (Protest demanding justice for Rahul Bhat) । অচিনাক্ত বন্দুধাৰীয়ে বৃহস্পতিবাৰে গুলীয়াই হত্যা কৰে ৰাজহ বিভাগৰ বিষয়া ভাটক ৷ যাৰ পাচতেই প্ৰতিবাদত মুখৰ হৈ উঠা দেখা গৈছে কাশ্মীৰ উপত্যকা ।

শুকুৰবাৰে প্ৰতিবাদকাৰীসকলে শ্ৰীনগৰ বিমানবন্দৰলৈ যোৱা এটা গুৰুত্বপূৰ্ণ পথ অৱৰোধ কৰে আৰু শাসনাধিষ্ঠ বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে শ্ল’গান দি প্ৰতিবাদকাৰীসকলে পৰ্যাপ্ত সুৰক্ষা প্ৰদান নকৰিলে ৰাজ্যখনৰ বিভিন্ন বিভাগত কৰ্মৰত কাশ্মীৰী পণ্ডিতসকলে সমজুৱাকৈ পদত্যাগৰ ভাবুকি দিছে ।

দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল কাশ্মীৰ উপত্যকা

পণ্ডিত সম্প্ৰদায়ৰ সদস্য ভাটক প্ৰধানমন্ত্ৰীৰ বিশেষ পেকেজৰ অধীনত কাশ্মীৰ উপত্যকাত নিযুক্তি দিয়া হৈছিল ।

তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আৰম্ভ কৰাৰ পাচৰে পৰা এই আঁচনিৰ অধীনত পূৰ্বৰ ৰাজ্যখনৰ বিভিন্ন বিভাগত 6 হাজাৰৰো অধিক পণ্ডিত সম্প্ৰদায়ৰ লোকক চৰকাৰী চাকৰি দিয়া হৈছে । এই কৰ্মচাৰীসকলে সমগ্ৰ উপত্যকাৰ কাৰ্যালয়ত কাম কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁলোকক নিৰ্দিষ্ট কিছু ক্লাষ্টাৰত সুৰক্ষিত ভাৱে থকাৰ বাবে বাসস্থানো দিয়া হৈছিল ।

বৃহস্পতিবাৰৰ পৰা এনে এটা ক্লাষ্টাৰৰ বাহিৰত বাডগামৰ জিলাৰ শ্বেখপোৰাত অনুষ্ঠিত হৈছিল পণ্ডিতসকলৰ বৃহৎ বিক্ষোভ । এটা সময়ত আৰক্ষীয়ে বিক্ষোভকাৰীসকলৰ ওপৰত আক্ৰমণ চলোৱা লগতে কন্দুৱা গেছ নিক্ষেপ কৰি তেওঁলোকক ছত্ৰভংগ দিয়াবলগীয়া হৈছিল । আৰক্ষীয়ে 4 জন প্ৰতিবাদকাৰীকো জিম্মাত লয় ।

প্ৰতিবাদকাৰীসকলে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই শোক প্ৰকাশৰ বাবে তেওঁলোকৰ কাষলৈ নোযোৱাৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এজন প্ৰতিবাদকাৰীয়ে কয় যে, আমি লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাৰ বাবে পুৱা 11 বজালৈকে অপেক্ষা কৰি আছিলো ৷ কিন্তু তেওঁ উপস্থিত নহ’ল ।

আমাৰ হাতত আন কোনো বিকল্প নাছিল আৰু ৰাহুল ভাটৰ হত্যাৰ বিৰুদ্ধে বিমানবন্দৰৰ ফালে যাত্ৰা কৰাৰ সিদ্ধান্ত লৈছিলো । আমি প্ৰশাসন আৰু আৰক্ষীক জনাইছিলো যে এল জিয়ে সেই স্থান পৰিদৰ্শন কৰি আমাৰ সুৰক্ষা আৰু ন্যায়ৰ বিষয়ে আশ্বাস দিব লাগে ৷ কিন্তু তেওঁ আমাৰ ওচৰলৈ নাহিল ।

লগতে পঢ়ক : ব্ৰাহ্ম'ছ মিছাইলৰ আন এক সফল পৰীক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.