বহুলভাৱে ‘কোৱাড’ হিচাপে পৰিচিত চতুৰ্ভূজীয় সুৰক্ষা সংবাদ হ’ল অষ্ট্ৰেলিয়া, ভাৰতবৰ্ষ, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু জাপান ৷ এই চাৰিওখন দেশ ৰণনৈতিকভাৱে একত্ৰিত ৷ ইতিবাচক দৃষ্টিভংগিক সাৰোগত কৰি আৰম্ভ হোৱা এই যুটীয়া প্ৰচেষ্টাটো আৰম্ভ হৈছিল 2004 চনৰ আন্তঃৰাষ্ট্ৰীয় এক অতি শোকাৱহ ঘটনা ছুনামীৰ পাচত ৷ ইয়াৰ উদ্দেশ্য আছিল ভুক্তভোগীসকললৈ মানৱীয় সাহাৰ্য আগবঢ়োৱা ৷
2007 চনৰ পাচত এই প্ৰচেষ্টা কাগজ-পত্ৰতে আবদ্ধ হৈ ৰয় ৷ যি নহওঁক ইণ্ডো-পেচিফিক অঞ্চলত চীনে দেখুওৱা আগ্ৰাসী নীতিৰ ফলতেই এই শুই থকা প্ৰচেষ্টাটো পুনৰুজ্জীৱিত হয় আৰু ইয়েই কোৱাডৰ উত্থানত সহায় কৰে ৷ এই ৰণনৈতিক মঞ্চ হৈছে 2017 চনৰ ব্যাপক স্তৰত চলি থকা আলোচনা বিলোচনাৰ ফচল ৷
অৱশ্যে চাৰিওখন দেশৰে প্ৰমূখসকলৰ দাৰা ঘোষিত হোৱা যুটীয়া ঘোষণা পত্ৰত চীনৰ নাম উল্লেখ কৰা হোৱা নাই ৷ তথাপি ঘোষণা পত্ৰত তেওঁলোকৰ উদ্দেশ্য সম্পূৰ্ণৰূপে স্পষ্ট কৰা হৈছে ৷ ‘বসুধৈৱ কুটুম্বকম’ক প্ৰাধান্য দিয়া ভাৰতীয় দাৰ্শনিক দৃষ্টিভংগীৰ প্ৰতীক হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱাডক স্বাগতম জনাইছে ৷
তেওঁ কয় যে, ক’ৰণা সংক্ৰান্তত ভাৰতবৰ্ষই যি ধৰণে উদ্যোগ গ্ৰহণ কৰিলে, লগতে জলবায়ু পৰিবৰ্তন সম্বন্ধীয় বিষয়বোৰত আৰু ন-প্ৰযুক্তি বিদ্যাৰ বিকাশত দেশখনে যি ধৰণে আগভাগ লৈছে, ই বিশ্বজুৰি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব ৷ ৰাষ্ট্ৰ কেইখনৰ কোৱাড প্ৰমূখ কেইজনৰ দাৰা ঘোষিত যুটীয়া ঘোষণা পত্ৰখনত ক’ভিড-19ৰ ভেকচিন সম্বন্ধীয় বিষয়বোৰ, জলবায়ু পৰিবৰ্তন আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তিবিদ্যাৰ প্ৰগতিত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে ‘এক্সন টিম’ গঠনৰ বাবে আহ্বান জনোৱা হৈছে ৷
যি সময়ত চীনে 46.3 কোটি ভেকচিনৰ পালি ৰপ্তানি কৰা আৰু বিতৰণ কৰাৰ বাবে প্ৰস্তুতি চলাই আছে, ঠিক তেনে সময়তে কোৱাডে ইণ্ডো-পেচিফিক অঞ্চলত অৱস্থিত 24 খন দেশলৈ ভেকচিনৰ 100 কোটি পালি প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰযুক্তি, জাপানৰ আৰু আমেৰিকাৰ পৰা অৰ্থনৈতিক সাহাৰ্য আৰু অষ্ট্ৰেলিয়াৰ দ্বাৰা আগবঢ়োৱা যাতায়াতৰ ব্যৱস্থাৰে ভাৰতবৰ্ষই ভেকচিনৰ 100 কোটি পালি উৎপাদন কৰাৰ দায়িত্ব মূৰ পাতি লৈছে ৷
কোৱাডে ভৱিষ্যতৰ প্ৰযুক্তবিদ্যাৰ প্ৰগতিয়ে সংমিলিত স্বাৰ্থ পূৰণ কৰাত যে সহায় কৰিব তাক সুনিশ্চিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কোৱাড নিশ্চিতভাৱেই অৰ্থনৈতিক, বাণিজ্যিক আৰু সামৰিকভাৱে শক্তিশালী চীনৰ দ্বাৰা সৃষ্ট প্ৰত্যাহ্বানবোৰৰ সৈতে মোকাবিলা কৰিবলৈ এক উপযুক্ত পদক্ষেপ ৷
চাৰিওখন দেশৰ ভিতৰত ‘নাটো’ৰ সদস্যতা নথকা একমাত্ৰ দেশখনেই হ’ল ভাৰতবৰ্ষ ৷ ভাৰত আৰু চীন এক দীঘলীয়া সীমান্তৰে সংযোজিত হৈ থকাৰ উপৰিও দুয়োখন দেশৰে মাজত চলি আছে কেইবাটাও সীমা বিবাদ ৷ দেশৰ সামৰ্থ অনুপাতে ইয়াৰ নেতৃবৰ্গ বিনম্ৰ হোৱা উচিত বুলি ডেং জিয়াও পিঙে প্ৰদান কৰা মহৎ পৰামৰ্শৰ সম্পূৰ্ণ বিপৰীতে গৈ চীনে অৱলম্বন কৰা সম্প্ৰসাৰণবাদী নীতি তথা প্ৰতিৱেশী ৰাষ্ট্ৰবোৰক যুদ্ধৰ গৰাহলৈ ঠেলি দিয়া কাৰ্যৰ ফলত উত্তেজনাৰ সুত্ৰপাত হোৱা দেখা গৈছে ৷
চীনৰ সৰ্ব্বোচ্চ নেতা শ্বি জিংপিঙে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত এক ন-পঞ্চশীল নীতিৰ ঘোষণা কৰিছিল ৷ কিন্তু, ভাৰতবৰ্ষই ‘বেল্ট এণ্ড ৰ’ড ইনিছিয়েটিভ’ত যোগদান নকৰিবলৈ সিদ্ধান্ত লোৱাৰ পাচত তেওঁৰ এই সুৰ সলনি হয় ৷ 2017 চনত স্বাক্ষৰিত হোৱা চুক্তিৰ উলংঘন কৰি চীনে অপ্ৰত্যাশিতভাৱে ডকলাম সংকটৰ অৱতাৰণা কৰিছিল ৷ ৱুহান আৰু মহাৱলিপুৰমৰ শিখৰ সন্মিলনত ভাৰতৰ প্ৰতি উষ্মতা আৰু সৌহাৰ্দতা প্ৰদৰ্শন কৰাৰ ঠিক সমান্তৰালকৈ চীনে কিন্তু ভাৰতৰ লাডাখত সংঘাতত লিপ্ত হ’বলৈহে বিচাৰিছিল ৷
উল্লেখ্য যে, 22 হাজাৰ কিলোমিটাৰ জোৰা সীমান্তৰে 14 খন দেশ চীনৰ সৈতে সংযোজিত হৈ আছে আৰু এই সমগ্ৰ 14 খন দেশৰ সৈতে চীনৰ সীমা বিবাদ চলি আছে ৷ ড্ৰেগনৰ দেশখনে অৰুণাচল প্ৰদেশ তেওঁলোকৰ বুলিও দাবী উত্থাপন কৰিছে ৷ দেশখনে ম্যানমাৰ, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ আৰু পাকিস্তানত নৌ বাহিনীৰ ঘাটি স্থাপন কৰি ভাৰতৰ বিপক্ষে প্ৰতিকূলতা বৃদ্ধি কৰিবলৈ উঠি পৰি লাগিছে ৷
ঐতিহাসিকভাৱে, সমস্ত দক্ষিণ চীন সাগৰৰ ওপৰত তেওঁলোকৰ অধিকাৰ আছে বুলি দাবী কৰে আৰু ইয়াৰ সুবাদতেই সাগৰত দেশখনে কৃত্ৰিম দ্বীপ আৰু সামৰিক ঘাটি স্থাপন কৰিছে ৷ তাকেই কৰিবলৈ যাওঁতে তেওঁলোকে সম্পূৰ্ণৰূপে আন্তঃৰাষ্ট্ৰীয় ন্যায়াধীকৰণৰ ৰায়ো উলংঘন কৰিছে ৷ বেইজিঙৰ বৰ্ধিত প্ৰকোপৰ পৰিপ্ৰেক্ষিতত কোৱাডৰ দৰে মঞ্চ এখন গঠন হোৱাটোত কোনো আশ্চৰ্যকতা নাই ৷
চীনে কোৱাডক “নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্বন”ৰে এক এচিয়ান সংস্কৰণ বুলি অভিহিত কৰিছে ৷ দেশখনে লগতে কয় যে, ‘ব্ৰিকছ’ আৰু “ছাংহাই কৰ্প’ৰেশ্বন অৰ্গেনাইজেশ্বন”ত ভাৰতবৰ্ষ এক ঋণাত্মক শক্তিলৈ পৰিৱৰ্তিত হৈছে ৷ ড্ৰেগনক প্ৰতিহত কৰাৰ ক্ষেত্ৰত কোৱাডক গণতান্ত্ৰিক দেশসমূহৰ এক জোঁটবন্ধনলৈ ৰূপান্তৰিত কৰাৰ দিশত ভাৰতবৰ্ষ এক শক্তিশালী পৃষ্ঠপোষক হৈ আৱিৰ্ভূত হ’ব লাগিব ৷