ETV Bharat / bharat

Tihar Jail Violence : তিহাৰ কাৰাগাৰত হিংসা নিয়ন্ত্ৰণৰ বাবে দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ !

author img

By

Published : May 8, 2023, 4:01 PM IST

তিহাৰ কাৰাগাৰৰ ভিতৰত টিলু তাজপুৰীয়াৰ হত্যাৰ (Tillu Tajpurias murder inside Tihar Jail) পিছত কৰ্তৃপক্ষই প্ৰতিদ্বন্দ্বী গেংষ্টাৰসকলক বিভিন্ন কাৰাগাৰত ৰখাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে । লগতে তিহাৰ কাৰাগাৰৰ ভিতৰত এনে ধৰণৰ দলবদ্ধ সংঘৰ্ষ আৰু হত্যাকাণ্ডৰ পুনৰাবৃত্তি প্ৰতিহত কৰিবলৈ বিশেষ নিৰাপত্তাৰক্ষী দলক (QRT, Quick Reaction Team) মোতায়েন কৰা হ'ব । আনহাতে, সঠিক নিৰাপত্তা নিশ্চিত কৰিবলৈ তেওঁলোকক দেখা মাত্ৰেই গুলী কৰাৰ আদেশ দিয়া হ'ব ।

Tihar Jail Violence
Tihar Jail Violence

নিউজ ডেস্ক, ৮ মে' : তিহাৰ কাৰাগাৰৰ হিংসাত্মক ঘটনাৰ পিচত এতিয়া বিশেষ নিৰাপত্তাৰক্ষী দলক (Quick Reaction Team) নিয়োগ কৰা হ'ব । অনাগত দিনত যাতে তিহাৰ কাৰাগাৰৰ ভিতৰত টিলু তাজপুৰীয়াৰ হত্যাৰ দৰে কোনো ঘটনা সংঘটিত নহয় সেইটো নিশ্চিত কৰিবলৈ এই দল নিয়োজিত কৰা হ'ব (QRT given shoot at sight orders in Tihar Jail) ।

তিহাৰ কাৰাগাৰত তামিলনাডুৰ বিশেষ আৰক্ষীৰ সৈতে চিআৰপিএফ (Central Reserve Police Force) আৰু আইটিবিপিৰ (Indo-Tibetan Border Police) জোৱান মোতায়েন কৰা হ'ব । তেওঁলোকৰ হাতত একে-৪৭০-ৰ দৰে শক্তিশালী অস্ত্ৰ থাকিব । লগতে এনে যিকোনো পৰিস্থিতিত তেওঁলোকক দেখা মাত্ৰেই গুলীচালনা কৰাৰো নিৰ্দেশ দিয়া হ'ব ।

আনহাতে, এইটোও কোৱা হৈছে যে গেংষ্টাৰজনৰ হত্যাৰ পিচত বহু কাৰাগাৰৰ বিষয়াৰ বিৰুদ্ধে কেৱল কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাই নহয়, বৰ্তমান কাৰাগাৰৰ ভিতৰত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ বাবেও কঠোৰ পদক্ষেপ লোৱা হৈছে (Tillu Tajpurias murder inside Tihar Jail) । কাৰাগাৰৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, এই প্ৰতিটো দলত 6-8 জন জোৱান থাকিব পাৰে । এই সৈনিকসকল কাৰাগাৰ চৌহদৰ ভিতৰত উচ্চ নিৰাপত্তা নিশ্চিত কৰাত যাতে যথেষ্ট কাৰ্যকৰী হয় তাৰ বাবেও বিশেষ যত্ন লোৱা হ'ব (QRT will deployed in Tihar Jail) ।

ইফালে কাৰাগাৰ প্ৰশাসনে তিহাৰৰ বিভিন্ন কাৰাগাৰত বন্দী ডাঙৰ ডাঙৰ গেংষ্টাৰৰ এখন তালিকা প্ৰস্তুত কৰি আছে । আগন্তুক দিনত তেওঁলোকক নিজ নিজ দলৰ প্ৰতি দেখুওৱা আনুগত্য অনুসৰি পৃথকে ৰখা হ'ব । প্ৰতিদ্বন্দ্বী দলৰ কোনো গেংষ্টাৰক একেখন কাৰাগাৰত ৰখা নহ'ব । কাৰাগাৰৰ ভিতৰত শেহতীয়াকৈ সংঘটিত ৰক্তক্ষয়ী দলগত যুদ্ধ আৰু ইয়াৰ অংশ হিচাপে সংঘটিত ঘটনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই সতৰ্কতামূলক পদক্ষেপসমূহ লোৱা হৈছে । উল্লেখ্য যে, টিলু তাজপুৰীয়াৰ হত্যাকাণ্ডৰ চাৰিওজন অভিযুক্তক এই ঘটনাৰ পিছতে আন এখন কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছে ।

আনহাতে, তিহাৰত বন্দী বহু গেংষ্টাৰে টিলু তাজপুৰীয়াৰ হত্যাৰ পিছত ভয় খাইছে । তেওঁলোকে আদালতত নিৰাপত্তাৰ বাবে অনুৰোধ কৰি আছে । ইয়াৰ এটা নাম হৈছে গেংষ্টাৰ দীপক বক্সাৰ । তেওঁ দিল্লীৰ পাটিয়ালা হাউছ আদালতত তেওঁৰ সুৰক্ষাৰ বাবে অনুৰোধ জনাইছে । তেওঁ আদালতক আন এখন কাৰাগাৰলৈ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছে । এই সন্দৰ্ভত পাটিয়ালা হাউছে আদালতে সংশ্লিষ্ট কাৰাগাৰ অধীক্ষকৰ পৰা উত্তৰ বিচাৰিছে । ইয়াৰ লগতে কাৰাগাৰ কৰ্তৃপক্ষক কাৰাগাৰৰ ভিতৰত তেওঁৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক : IAFs MiG 21 : ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত হ’ল বায়ুসেনাৰ মিগ 21 যুদ্ধবিমান, তিনিজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.