নেশ্যনেল ডেস্ক,১২ জুন : পাঞ্জাৱৰ অমৃতসৰত চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder in Amritsar)। পুৱতি নিশা ডুবাইৰ পৰা অহা এজন ব্যক্তিক গুলীয়াই হত্যা দুৰ্বৃত্তৰ (Dubai returned man shot dead in Amritsar)। মৃত ব্যক্তিগৰাকী ৩৫ বছৰীয়া হৰপিন্দৰ বুলি জানিব পৰা গৈছে । আৰক্ষীৰ সূত্ৰই জনোৱা মতে ঘটনাটো অমৃতসৰৰ ঘানুপুৰ কালে অঞ্চলত সংঘটিত হৈছে ।
পুৱা প্ৰায় ৩.৩০ মান বজাত, হৰপিন্দৰে পত্নী আৰু সন্তানৰ সৈতে গুৰুদ্বাৰ চাহিবলৈ গৈ আছিল । সেই সময়তে বাইক লৈ অহা দুজনীয়া দুৰ্বৃত্তৰ এটা দলে তেওঁলোকক লুটপাতৰ চেষ্টা কৰে । পৰিয়ালটোৱে দুৰ্বৃত্তৰ দলটোক বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে গুলীচালনা কৰে । য'ত হৰপিন্দৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
গুলীবৰ্ষণৰ শব্দ শুনি স্থানীয় লোকসকলে ওলাই আহি আঘাতপ্ৰাপ্ত হৰপিন্দৰক ওচৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে কিন্তু অৱশেষত হৰপিন্দৰ মৃত্যুমুখত পৰে । আনহাতে ছেহাৰতা আৰক্ষী থানাৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।
আৰক্ষীৰ সূত্ৰৰ মতে, ডুবাইৰ এগৰাকী এনআৰআই আছিল হৰপিন্দৰ । তেওঁ শেহতীয়াকৈ অমৃতসৰলৈ আহিছিল । ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ পত্নী আৰু সন্তানৰ ভাষ্য সংগ্ৰহ কৰিছে আৰু অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে । ঘটনাৰ সৈতে জড়িত দোষীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি আৰক্ষীয়ে আশ্বাস প্ৰদান কৰিছে । আনহাতে হৰপিন্দৰৰ পৰিয়ালে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ।
লগতে পঢ়ক :Sensational murder at Sonari: শাৰীৰিক অসুস্থতাৰ বাবে পিতৃয়ে হত্যা কৰে পুত্ৰক