ETV Bharat / bharat

আফগানিস্তানত নিহত পুলিৎজাৰ বঁটা প্ৰাপ্ত ভাৰতীয় ফটো সাংবাদিক

author img

By

Published : Jul 16, 2021, 6:14 PM IST

আফগান চহৰৰ স্পীন বোল্ডক জিলাত সংঘৰ্ষৰ সময়ত ৰয়টাৰৰ ফটো সাংবাদিক আৰু পুলিৎজাৰ বঁটা বিজয়ী ফটো সাংবাদিক ডেনিছ চিদ্দিকী নিহত হয় । তালিবানে স্পিন বোল্ডা দখল কৰাৰ পিছত কান্দাহাৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ চলি আছে ।

Pulitzer awardee Indian photojournalist killed in Afghanistan
পুলিৎজাৰ বঁটা প্ৰাপ্ত ভাৰতীয় ফটো সাংবাদিক আফগানিস্তানত নিহত

নিউজডেস্ক, 16 জুলাই : পাকিস্তানৰ কান্দাহাৰৰ অস্থিৰ পৰিস্থিতিৰ ছবি সংগ্ৰহ কৰা ফটো সাংবাদিক আৰু পুলিৎজাৰ বঁটা প্ৰাপ্ত ডেনিছ চিদ্দিকী আফগান চহৰৰ স্পিন বোল্ডাক জিলাত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা বুলি শুকুৰবাৰে এটা বিশেষ সূত্ৰই সদৰি কৰিছে ৷ বুধবাৰে, তালিবানে দাবী কৰি কয় যে, তালিবানী সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সৈতে আফগানিস্তানৰ সীমান্ত এলেকা কান্দাহাৰ দখল কৰিছে । উগ্ৰপন্থী সংগঠনটোৱে আফগানিস্তানত এনে কিছু আঞ্চল দখল কৰিছে, যিবোৰ অঞ্চলত ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই মধ্য আৰু দক্ষিণ এছিয়াৰ নিৰাপত্তা স্থলৰ পৰা নিজৰ সেনা প্ৰত্যাহাৰ কৰি আছে ।

মুম্বাইৰ উপৰিও চিদ্দিকীয়ে ২০০৭ চনত দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত ডিগ্ৰী লাভ কৰে । তেওঁ দূৰদৰ্শনৰ বাতৰি সংবাদদাতা হিচাপেও পেছাদাৰী সাংবাদিকতা কৰিছিল ৷ তাৰ পিছত ২০১০ চনত ৰয়টাৰৰ সৈতে এজন ইণ্টাৰ্ন হিচাপে ফটোজাৰ্নালিজম আৰম্ভ কৰিছিল চিদ্দিকীয়ে ।

2018 চনত, তেওঁ ৰোহিংগিয়া শৰণাৰ্থী সংকটৰ ওপৰত তেওঁৰ ফিচাৰ ফটোগ্ৰাফীৰ বাবে সন্মানীয় পুলিৎজাৰ বঁটা লাভ কৰিছিল । ২০১৫ চনত নেপালৰ ২০১৫ চনৰ ভূমিকম্প, ২০১৬-১৭ বৰ্ষত মছুলৰ যুদ্ধ, হংকঙত ২০১৯-২০২০ বৰ্ষৰ প্ৰতিবাদ আৰু ২০২০ চনৰ দিল্লীদাংগাকোত হোৱা ঘটনাৰ স্থিৰ চিত্ৰ তুলি ৰাখিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক-পুনৰ আলফা সন্দৰ্ভত সৰৱ আটাছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.