ETV Bharat / bharat

প্ৰাক নতুন বছৰ পালন কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা কৰ্ণাটক প্ৰশাসনৰ

কভিডৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাক নতুন বছৰ পালন কৰা ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰিছে কৰ্ণাটক প্ৰশাসনে ৷ ধাৰা 144 অধিনত 31 ডিচেম্বৰৰ সন্ধিয়াৰ পৰা 1 জানুৱাৰীৰ পুৱা ভাগলৈকে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷

Public New Year eve revelry, parties banned in Bengaluru
প্ৰাক নতুন বছৰ পালন কৰা ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰ্ণাটক প্ৰশাসনৰ
author img

By

Published : Dec 29, 2020, 9:45 AM IST

নিউজ ডেস্ক, 29 ডিচেম্বৰ: কভিড-19ৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক প্ৰশাসনে ৰাজ্যৰ খনৰ ৰাজধানীত নতুন বছৰক আদৰাৰ উপলক্ষে অনুষ্ঠিত অনুষ্ঠান আৰু সুৰা যুক্ত পাৰ্টিসমূহৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা জাৰি কৰিছে ৷ এই ক্ষেত্ৰত প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি 31 ডিচেম্বৰৰ পৰা 1 জানুৱাৰীলৈকে থাকিব এই নিষেধাজ্ঞা ৷

এই সন্দৰ্ভত বাংগালুৰু আৰক্ষীৰ আয়ুক্ত কমল পান্টে কয়,ধাৰা 144ৰ অধিনত 31 ডিচেম্বৰৰ সন্ধিয়াৰ পৰা 1 জানুৱাৰীৰ পুৱা ভাগলৈকে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি চহৰখনৰ ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক গোট খাব নোৱাৰিব ৷

ইফালে,পাব,বাৰ,ৰেষ্টুৰেণ্ট,ষ্টাৰ হোটেল আৰু মলবোৰত মাস্ক পৰিধান,সামাজিক দূৰত্ব আৰু তাপমাত্ৰা স্ক্ৰীণিং ব্যৱস্থা কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ সমান্তৰালভাৱে বাৰ,ৰেষ্টুৰেণ্টৰ কৰ্তৃপক্ষই প্ৰাক নতুন বছৰ পালনৰ কৰা ক্ষেত্ৰত গ্ৰাহক সকলৰ বাবে আগতীয়া বুকিংৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষীৰ আয়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়ক:AUS বনাম IND দ্বিতীয় টেষ্ট : 8 উইকেটত জয় সাব্যস্ত ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.