ETV Bharat / bharat

মহাকাশলৈ সফলভাৱে উৎক্ষেপন বছৰৰ প্ৰথমটো ৰাডাৰ ইমেজনিং উপগ্ৰহ

author img

By

Published : Feb 14, 2022, 10:31 AM IST

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছ’ৰ) সোমবাৰে উৎক্ষেপন কৰে বছৰৰ প্ৰথমটো উপগ্ৰহ পি এছ এল ভি-চি 52(PSLV-C 52) ৷ এই উপগ্ৰহটোৱে যিকোনো পৰিস্থিতিত মহাকাশৰ পৰা পৃথিৱীৰ উচ্চ মানদণ্ডৰ ফটো তুলি প্ৰেৰণ কৰিব পাৰিব ৷

PSLV rocket lifts off with India's new 'eye in the sky' satellite
পি এছ এল ভি-চি 52

নিউজ ডেস্ক, 14 ফেব্ৰুৱাৰী : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছ’ৰ) সোমবাৰে পুৱা বছৰৰ প্ৰথমটো উপগ্ৰহ পি এছ এল ভি-চি 52(India's Polar Satellite Launch Vehicle-C52) উৎক্ষেপন কৰে (ISRO launch PSLV C52) ৷ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয় উপগ্ৰহটো । প্ৰায় 1,710 কিলোগ্ৰাম ওজনৰ ই অ'এছ-04 উপগ্ৰহটো পি এছ এল ভি-চি ৫২ৰ জৰিয়তে সূৰ্যৰ মেৰু কক্ষপথত পৃথিৱীৰ পৰা ৫২৯ কিলোমিটাৰ উচ্চতাত স্থাপন কৰা হ'ব ।

ইছ’ৰৱে সোমবাৰে উৎক্ষেপন কৰা ই অ'এছ-04 উপগ্ৰহটো হৈছে এক ৰাডাৰ ইমেজিং উপগ্ৰহ । এই উপগ্ৰহটোৱে যিকোনো পৰিস্থিতিত পৃথিৱীৰ উচ্চ মানদণ্ডৰ ফটো তুলি প্ৰেৰণ কৰিব পাৰিব ৷ ইয়াৰ দ্বাৰা কৃষি, বন, বৃক্ষৰোপণ, মাটিৰ আৰ্দ্ৰতা, পানীৰ উপলব্ধতা আৰু বানপীড়িত অঞ্চলৰ মানচিত্ৰ প্ৰস্তুত কৰাত সহায়ক হ’ব বুলি আশা কৰা হৈছে ।

এই অভিযানত আন দুটা সৰু উপগ্ৰহও উৎক্ষেপণ কৰা হৈছে । ইয়াৰে এটা হৈছে INSPIREsat-1 উপগ্ৰহ । এই উপগ্ৰহটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলোৰাডো বিশ্ববিদ্যালয়ৰ বায়ুমণ্ডলীয় আৰু মহাকাশ পদাৰ্থ বিজ্ঞানৰ গৱেষণাগাৰৰ শিক্ষাৰ্থীসকলৰ সহযোগত আই আই এছ টি (Institute of Space Science and Technology-IIST)ৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰিছে কৰিছে ।

আনটো উপগ্ৰহটো হৈছে INS-2TD । এই উপগ্ৰহটো ইছ’ৰ আৰু ভূটানৰ এটা যুটীয়া উপগ্ৰহ । ই এটা ব’ল্ডাৰ আৰু এটা কাৰিকৰী ডিট’নেটৰ উপগ্ৰহ । উল্লেখ্য যে, ভাৰত চৰকাৰে জানুৱাৰী মাহত ৰকেট বিজ্ঞানী এছ সোমনাথক ইছ’ৰৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে ।

লগতে পঢ়ক : উত্তৰাখণ্ড বিতৰ্ক : মুখ্যমন্ত্ৰী হিমন্তৰ বিৰুদ্ধে মহাৰাষ্ট্ৰত কংগ্ৰেছৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.