ETV Bharat / bharat

President Tripura Visit : আগৰতলাত ৰাষ্ট্ৰপতিৰ অনুষ্ঠান বয়কট চিপিআইএমৰ - CPIM Tripura

ত্ৰিপুৰাৰ বিৰোধী চিপিআইএমে (CPIM) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দুয়োটা অনুষ্ঠানতে উপস্থিত নাথাকে । আজি আগৰতলাত চিপিআইএমে এই সিদ্ধান্তৰ কথা কয় । উল্লেখ্য, ত্ৰিপুৰা ভ্ৰমণৰ বাবে আজি আগৰতলাত উপস্থিত হৈছে দ্ৰৌপদী মুৰ্মু (President Droupadi Murmu Tripura visit) ৷

Tripura
Tripura
author img

By

Published : Oct 12, 2022, 6:10 PM IST

আগৰতলা, ১২ অক্টোবৰ : ত্ৰিপুৰাৰ বিৰোধী চিপিআইএমে (CPIM) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দুয়োটা অনুষ্ঠানতে উপস্থিত নাথাকে । আজি আগৰতলাত চিপিআইএমে এই সিদ্ধান্তৰ কথা কয় । উল্লেখ্য, ত্ৰিপুৰা ভ্ৰমণৰ বাবে আজি আগৰতলাত উপস্থিত হৈছে দ্ৰৌপদী মুৰ্মু (President Droupadi Murmu Tripura visit) ৷

এক প্ৰেছ বিজ্ঞপ্তিত চিপিআইএমৰ ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে কয় যে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ত্ৰিপুৰা ভ্ৰমণ উপলক্ষে কাইলৈ ৰাজ্য চৰকাৰে নাগৰিকৰ সৈতে অভ্যৰ্থনাৰ কাৰ্যসূচী আয়োজন কৰিছে (CPIM boycott President programme) ।

"এই দুটা অনুষ্ঠানত উপস্থিত থাকিবলৈ চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদককে ধৰি বিধায়ক আৰু প্ৰাক্তন সাংসদসকললৈও আমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে । চিপিআই (এম) ত্ৰিপুৰা (CPIM Tripura) ৰাজ্যিক সচিবালয়ে মহামান্য ৰাষ্ট্ৰপতিৰ ভ্ৰমণক আদৰণি জনাইছে । কিন্তু দুয়োটা অনুষ্ঠানতে উপস্থিত নথকাৰ সিদ্ধান্ত লোৱা হৈছে ।" বিবৃতিটোত এনেদৰে উল্লেখ কৰা হৈছে ।

তেওঁ লগতে কয় যে বিগত চাৰে চাৰিটা বছৰ ধৰি ত্ৰিপুৰা ৰাজ্যত কোনো আইনৰ শাসন নাই । "ব্যক্তিৰ স্বাধীনতা আৰু নাগৰিক অধিকাৰৰ ওপৰত এক নিয়ন্ত্ৰণহীন আক্ৰমণ চলি আছে । পৰিস্থিতি এনে এক পৰ্যায়ত উপনীত হৈছে যে গণতন্ত্ৰ ৰক্ষা কৰি মৃত্যুবৰণ কৰা দলীয় কৰ্মীসকলৰ স্মৃতিসৌধত ফুল দিয়াৰ অধিকাৰো কাঢ়ি লোৱা হৈছে ।" প্ৰেছ বিজ্ঞপ্তিটোত লগতে উল্লেখ কৰা হৈছে ।

বিজ্ঞপ্তিটোত লগতে লিখা হৈছে, "চিপিআই (এম)য়ে আশা কৰে যে সন্মানীয় ৰাষ্ট্ৰপতিয়ে বিগত চাৰে চাৰি বছৰ ধৰি ৰাজ্যখনত শ্বাসৰুদ্ধ পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ পিছত প্ৰকৃত অভিজ্ঞতাৰে উভতি যাব আৰু তেওঁ নাগৰিকসকলৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব ।"

উল্লেখ্য, দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Murmu arrives in Tripura)। বুধবাৰে পুৱাই এমবিবি বিমানবন্দৰত আহি উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা আৰু ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্যই বিমানবন্দৰত ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায় । ইফালে এমবিবি বিমানবন্দৰৰ টাৰ্মিনেলত ত্ৰিপুৰা আৰক্ষীয়ে ৰাষ্ট্ৰপতিক গাৰ্ড অফ অনাৰ প্ৰদান কৰে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে বিমানবন্দৰৰ পৰা ত্ৰিপুৰা ৰাজ্যিক ন্যায়িক একাডেমীৰ উদ্বোধনৰ বাবে ৰাওনা হয় । আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে দুপৰীয়া ২ বজাত নৰচিঙ্গড়ৰ আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব ।

লগতে পঢ়ক :President Murmu in Tripura : দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.