ETV Bharat / bharat

বজাৰত বিক্ৰিৰ পূৰ্বে এটা বিৰল কাছ উদ্ধাৰ শিলচৰৰ প্ৰবক্তাৰ

মাছৰ বজাৰত বিক্ৰিৰ বাবে থোৱা কাছ উদ্ধাৰ কৰি মহানতাৰ পৰিচয় ৷ টুকুৰাকৈ কাটি বিক্ৰি কৰাৰ উদ্দেশ্য অনা এটা কাছ জীৱন্তে উদ্ধাৰ কৰিলে এগৰাকী প্ৰবক্তাই ৷ উদ্ধাৰ হোৱা কাছ বিধ আইইউচিএন ৰ ৰঙা তালিকাত সংকটাপন্ন হিচাপে তালিকাভুক্ত ৷ বনবিভাগৰ সহযোগত কাছটোক সুৰক্ষিত স্থানলৈ প্ৰেৰণ ৷

বজাৰত বিক্ৰি হোৱাৰ পৰা বিৰল কাছ উদ্ধাৰ কৰিলে এগৰাকী প্ৰবক্তাই

author img

By

Published : Nov 30, 2020, 3:23 PM IST

নিউজ ডেস্ক, 30 নৱেম্বৰ: টুকুৰা - টুকুৰকৈ কাটি বিক্ৰি কৰাৰ উদ্দেশ্যে লৈ অহা এটা কাছ জীৱন্তে উদ্ধাৰ কৰি মহানতাৰ পৰিচয় দিছে এগৰাকী প্ৰবক্তাই ৷ শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰবক্তা ডঃ সাৰ্বনী গিৰিয়ে মাছৰ বজাৰত এগৰাকী ব্যৱসায়ীৰ পৰা বিক্ৰিৰ বাবে লৈ অনা কাছটো উদ্ধাৰ কৰে ৷ প্ৰবক্তা গৰাকীয়ে দক্ষিণ এচিয়াত উপলব্ধ ইণ্ডিয়ান পিক'ক চফ্টচেল টাৰ্টল (নিলচনিয়া হুৰুম) প্ৰজাতিৰ কাছটো উদ্ধাৰ কৰে ৷

বন বিভাগৰ সহযোগত কাছটোক সুৰক্ষিত স্থানলৈ প্ৰেৰণ

কাছাৰ বন সংমণ্ডলে জনোৱা তথ্য অনুসৰি অন্য দিনৰ দৰেই মাছ ক্ৰয় কৰাৰ উদ্দেশ্যে ডঃ সাৰ্বনী গিৰি মাছৰ বজাৰলৈ গৈছিল আৰু বজাৰতেই তেওঁ এগৰাকী মানুহে বিক্ৰিৰ বাবে অনা কাছটো প্ৰত্যক্ষ কৰে ৷ কাছটো বিক্ৰিৰ বাবে লৈ অনা মানুহজনে কাছটো টুকুৰাকৈ কাটি বিক্ৰি কৰিব বুলি গম পোৱাৰ পাছতে প্ৰবক্তা গৰাকীয়ে 4000 টকাৰে কাছটো জীৱন্ত অৱস্থাত ক্ৰয় কৰি লয় ৷

ডঃ সাৰ্বনীয়ে কাছটো তেওঁৰ ঘৰলৈ লৈ আনে আৰু কোনো সুৰক্ষিত স্থানত কাছটোক এৰি দিবৰ বাবে শিলচৰৰ কাছাৰ বন সংমণ্ডলক খবৰ দিয়ে ৷ বন বিভাগে কাছটো তেওঁৰ পৰা সংগ্ৰহ কৰে আৰু বিৰল প্ৰজাতিৰ কাছটো জীৱন্তে উদ্ধাৰ কৰাৰ বাবে ডঃ সাৰ্বনী গিৰিক ধন্যবাদ জ্ঞাপন কৰে ৷

প্ৰবক্তা গৰাকীপ উদ্যোগত উদ্ধাৰ হোৱা বিৰল প্ৰজাতিৰ কাছ

উক্ত ঘটনাৰ পাছতে বন বিভাগে মীন বিভাগৰ সৈতে মিলি মাছুৱৈ সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰে ৷ অদূৰ ভৱিষ্যতে যাতে এনে অনুৰূপ ঘটনাৰ পৰা বিৰল প্ৰজাতিৰ কাছসমূহ ৰক্ষা কৰিব পৰা যায় সেই উদ্দেশ্য আগত ৰাখিয়ে বন বিভাগে উক্ত সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখ্য যে ইণ্ডিয়ান পিক'ক চফ্টচেল টাৰ্টল (নিলচনিয়া হুৰুম) দক্ষিণ এচিয়াত উপলব্ধ কাছৰ এবিধ প্ৰজাতি আৰু এইবিধ কাছ আইইউচিএন ৰ ৰঙা তালিকাত সংকটাপন্ন প্ৰজাতি হিচাপে তালিকাভুক্ত কৰা হৈছে ৷

লগতে পঢ়ক:পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত জয়সাগৰ দলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.