ETV Bharat / bharat

অসমৰ লগতে নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্বভাৰ গ্ৰহণ জগদীশ মুখীৰ

অসমৰ লগতে নাগালেণ্ডৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে(Jagdish Mukhi) ৷ এক নিয়মীয়া ব্যৱস্থা গ্ৰহণ নকৰালৈকে অসমৰ লগতে নাগালেণ্ডৰো ৰাজ্যপালৰ কাৰ্য সম্পাদনৰ বাবে তেওঁক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে(Ram Nath Kovind) ৷

Jagdish Mukhi Has been appointed as the new Governor of Nagaland
জগদীশ মুখীক দ্বৈত দায়িত্ব
author img

By

Published : Sep 10, 2021, 7:29 AM IST

নিউজ ডেস্ক, 10 ছেপ্তেম্বৰ: দেশৰ কেইখনমান ৰাজ্যৰ ৰাজ্যপাল(Governor) পদত ৰদল-বদল কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে(Ram Nath Kovind) ৷ তামিলনাডু, উত্তৰাখণ্ড, পঞ্জাৱ আৰু নাগালেণ্ডৰ ৰাজ্যপালক বদলি কৰা হৈছে ৷ সেই অনুসৰি অসমৰ ৰাজ্যপাল জগদীশ মুখীক(Jagdish Mukhi) অসমৰ লগতে নাগালেণ্ডৰো ৰাজ্যপালৰ দায়িত্ব অৰ্পন কৰিছে ৰাষ্ট্ৰপতিয়ে ৷

এতিয়াৰে পৰা দ্বৈত দায়িত্ব পালন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে ৷ এক নিয়মীয়া ব্যৱস্থা গ্ৰহণ নকৰালৈকে নিজৰ দায়িত্বৰ উপৰিও নাগালেণ্ডৰ ৰাজ্যপালৰ কাৰ্য সম্পাদনৰ বাবে নিযুক্তি দিয়া হৈছে ৰাজ্যপাল মুখীক ৷ ইফালে নাগালেণ্ডৰ গৱৰ্ণৰ তথা প্ৰাক্তন আই এ এছ বিষয়া আৰ এন ৰবিক(RN Ravi) তামিলনাডুলৈ বদলি কৰা হৈছে ৷

উত্তৰাখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন লেফ্টেনেণ্ট জেনেৰেল গুৰমিত সিঙক(Lt. Gen. Gurmit Singh) ৷ ৰাজ্যখনৰ পূৰ্বৰ ৰাজ্যপাল বেবী ৰাণী মৌৰ্যই পদত্যাগ কৰাৰ পাচত খালী হৈ আছিল ৰাজ্যপালৰ আসন ৷ তামিলনাডুৰ ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতক(Banwarilal Purohit) পঞ্জাৱৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব অৰ্পন কৰি পঞ্জাৱৰ নিয়মীয়া ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে ৷

ৰাষ্ট্ৰপতি ভৱনৰ বিবৃতিত উল্লেখিত অনুসৰি, ৰাজ্যপাল কেইগৰাকীৰ নিযুক্তি তেওঁলোকৰ নিজ নিজ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰা তাৰিখৰ পৰা কাৰ্যকৰী হ’ব ৷

লগতে পঢ়ক: 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে আয়কৰ ৰিটাৰ্ণৰ সময়সীমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.