ETV Bharat / bharat

গুৰপতৱন্ত সিং পান্নুৰ নিৰ্দেশত অমৃতসৰ বিমানবন্দৰৰ পথত খালিস্তানপন্থী শ্ল'গান - Khalistani slogans on Amritsar airport road

শিখছ ফৰ জাষ্টিছৰ মুৰব্বীৰ নিৰ্দেশত অমৃতসৰৰ বিমানবন্দৰ পথত লিখা হৈছিল খলিস্তানী শ্ল'গান । সামাজিক মাধ্যমত এই কথা স্বীকাৰ কৰিলে এছএপজেৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুৱে । ভাৰতীয় বিমানবন্দৰ বৰ্জনৰো ভাবুকি দিয়ে পান্নুৱে ।

Khalistan slogans
গুৰপতৱন্ত সিং পান্নুৰ নিৰ্দেশত অমৃতসৰ বিমানবন্দৰৰ পথত খালিস্তানপন্থী শ্ল'গান
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 2:24 PM IST

নেশ্যনেল ডেস্ক,২৮ নৱেম্বৰ : সমগ্ৰ পঞ্জাব আৰু বিদেশত ভাৰতৰ বিৰুদ্ধে জঘন্য আন্দোলনৰ ঘোষণা কৰা খালিস্তানী নেতা গুৰপতৱন্ত পান্নু পুনৰ এবাৰ চৰ্চালৈ আহিছে । খালিস্তানপন্থী শ্ল'গানৰ লগতে অমৃতসৰৰ বিমানবন্দৰৰ পথত 'ভাৰতীয় বিমানবন্দৰ বৰ্জন'ৰ শ্ল'গান লিখাৰ দায়িত্ব স্বীকাৰ কৰিছে শিখছ ফৰ জাষ্টিছৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুৱে । সামাজিক মাধ্যমৰ জৰিয়তে এই শ্ল'গানবোৰ লিখাৰ দায়িত্ব স্বীকাৰ কৰিছে খালিস্তানী নেতাগৰাকীয়ে ।

এছএফজেৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুৱে দাবী কৰিছে যে অমৃতসৰৰ বিমানবন্দৰ পথত লিখা খলিস্তানী শ্ল'গান তেওঁৰ নিৰ্দেশত লিখা হৈছিল । এই সন্দৰ্ভত সামাজিক মাধ্যমত তেওঁ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে । ভিডিঅ'টোত ভাৰতীয় বিমানবন্দৰ বৰ্জন কৰাৰ কথাও তেওঁ উল্লেখ কৰিছে । ইফালে অমৃতসৰ আৰক্ষীয়ে তাৎক্ষণিকভাৱে বিমানবন্দৰ পথত লিখা খালিস্তান পন্থী শ্ল'গানবোৰ আঁতৰাই দিয়ে ।

উল্লেখ্য যে গুৰপতৱন্ত পান্নুৱে এয়াৰ ইণ্ডিয়াক নিৰন্তৰভাৱে ভাবুকি প্ৰদান কৰি আহিছে । আনকি লোকসকলক এয়াৰ ইণ্ডিয়াত ভ্ৰমণ নকৰিবলৈও তেওঁ সকীয়াই দিছে । তেওঁ লগতে এয়াৰ ইণ্ডিয়া বন্ধ কৰিবলৈও দাবী জনাইছে । তেওঁ এটা ভিডিঅ'ত শিখসকলক এয়াৰ ইণ্ডিয়াত ভ্ৰমণ নকৰিবলৈ সকীয়নি দিছিল । লগতে তেওঁ কানাডাকে ধৰি সমগ্ৰ বিশ্বতে এয়াৰ ইণ্ডিয়াৰ বিমান ধ্বংস কৰাৰো ভাবুকি দিছিল । ইফালে কানাডাত তেওঁৰ একাংশ সন্দেহযুক্ত সহকৰ্মীক আৰক্ষীয়ে বিমানবন্দৰৰ পৰা আটক কৰে ।

যোৱা ৪ নৱেম্বৰত এছএফজেৰ মুৰব্বী গুৰপতৱন্ত পান্নুৱে সামাজিক মাধ্যমত এটা ভাবুকিপূৰ্ণ ভিডিঅ' মুকলি কৰিছিল । তেওঁ ১৯ নৱেম্বৰত বিশ্বজুৰি এয়াৰ ইণ্ডিয়াৰ বিমানসমূহক লক্ষ্য কৰি লোৱাৰ কথা ঘোষণা কৰিছিল । ইয়াৰ উপৰিও, পান্নুৱে ১৯ নৱেম্বৰত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ধ্বংস কৰাৰো ভাবুকি দিছিল । এনআইএয়ে এই সন্দৰ্ভত পান্নুৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল । এনআইএয়ে পান্নুৰ বিৰুদ্ধে আইপিচিৰ ১২০বি, ১৫৩এ আৰু ৫০৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল । ইয়াৰ উপৰিও, বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা ১০, ১২, ১৬, ১৭, ১৮, ১৮বি আৰু ২০ ৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছিল ।

লগতে পঢ়ক :ছত্তীশগড়ৰ দান্তেৱাড়াত ১৫ খনকৈ বাহনত অগ্নিসংযোগ মাওবাদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.