ETV Bharat / bharat

Priyanka Gandhi Writes to PM Modi : হিমাচলৰ দুৰ্যোগ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰিয়ংকা গান্ধীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 10:48 PM IST

হিমাচলৰ দুৰ্যোগত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছে ৷ য’ত তেওঁ প্ৰধানমন্ত্ৰীক হিমাচলৰ ভয়াবহ দুৰ্যোগ সন্দৰ্ভত অৱগত কৰিছে ৷ লগতে হিমাচল প্ৰদেশৰ এই ভয়ংকৰ দুৰ্যোগক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ দাবী জনায় ৷

Priyanka Gandhi Writes to PM Modi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰিয়ংকা গান্ধীৰ

নিউজ ডেস্ক, 15 ছেপ্টেম্বৰ : ছেপ্টেম্বৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে দুৰ্যোগ প্ৰভাৱিত হিমাচল ভ্ৰমণ কৰে ৷ ইয়াৰ পিছতে তেওঁ দিল্লীলৈ উভতি আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ লিখে ৷ য’ত তেওঁ প্ৰধানমন্ত্ৰী মোদীক এই দুৰ্যোগৰ বাবে হিমাচলৰ ক্ষতিৰ বিষয়ে অৱগত কৰে ৷ লগতে হিমাচলৰ এই শোকাৱহ ঘটনাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ দাবী জনায় ৷ উল্লেখযোগ্য যে শেহতীয়াকৈ প্ৰিয়ংকা গান্ধী কুল্লু, মাণ্ডী, সোলন আৰু চিমলা ভ্ৰমণ কৰি উভতি আহিছে ৷

হিমাচলৰ দুৰ্যোগ সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ লিখা পত্ৰত হিমাচলৰ দুৰ্যোগক কেদাৰনাথৰ দৰে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ দাবী জনায় ৷ তেওঁ লিখিছে যে দেৱভূমি হিমাচল প্ৰদেশৰ লোকসকল অভূতপূৰ্ব সংকটৰ সন্মুখীন হৈছে ৷ বানপানী আৰু ভূমিস্খলনে ৰাজ্যত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে ৷ এই ধ্বংসলীলাৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে নিজৰ পর্যায়ত যৎপৰোনাস্তি চেষ্টা চলাইছে ৷ হিমাচলৰ জনসাধাৰণে ৰাজ্য চৰকাৰৰ লগত কান্ধ মিলাই থিয় হৈ সংকটৰ সন্মুখীন হোৱা দেখিলোঁ ৷ ক’ৰবাত কোনোবাই পথ মেৰামতিৰ বাবে শ্ৰমদানত নিয়োজিত হৈ আছে, আনহাতে ক’ৰবাত দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত লোক, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৃষকসকলে নিজৰ মাজতে অনুদান সংগ্ৰহ কৰি সাহায্য কাৰ্যসূচীত সহায় কৰি আছে ৷ এই সংহতিৰ অনুভূতিয়ে মোক অতিশয় আপ্লুত কৰিছিল ৷ এই অনুভৱেৰেই মই আপোনালোকলৈ এই চিঠিখন লিখিছো ৷

প্ৰিয়ংকা গান্ধীয়ে চিঠিখনত লিখিছে যে এই ট্ৰেজেডীত যেতিয়া হিমাচলৰ জনসাধাৰণে সহায়ৰ আশাত ইফালে সিফালে চাই আছে, একে সময়তে কেন্দ্ৰীয় চৰকাৰে বিদেশী আপেলৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰাটোৱে দুগুণ অৰ্থনৈতিক আঘাতৰ সৃষ্টি কৰিব হিমাচলৰ কৃষকসকলক ৷ এই কঠিন সময়ত কৃষকক এনে আঘাত দিয়া উচিত নহয়, বৰং হিমাচলৰ কৃষকসকলে যদি কেন্দ্ৰীয় চৰকাৰৰ পৰা যিকোনো ধৰণৰ আৰ্থিক সাহায্য পায় তেন্তে তেওঁলোকে সকাহ পাব ৷

2013 চনৰ কেদাৰনাথ ট্ৰেজেডীৰ দৰে এই দুৰ্যোগক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ জনাইছে ৷ লগতে ভুক্তভোগী আৰু ৰাজ্য চৰকাৰক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে বুলি কয় তেওঁ ৷ যাতে হিমাচলৰ ৰাইজে সকাহ পায় আৰু ৰাজ্যখন সঠিকভাৱে পুনৰ নিৰ্মাণ কৰিব পাৰে ৷ প্ৰিয়ংকাই কয় যে আজি সমগ্ৰ দেশ আগবাঢ়ি আহি হিমাচলৰ সৈতে থিয় দিছে ৷ আশা কৰা হৈছে যে হিমাচলবাসীৰ প্ৰতি সংবেদনশীল হৈ আপোনালোকে সহায়ৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব ৷

প্ৰিয়ংকা গান্ধীয়ে শেহতীয়াকৈ হিমাচল ভ্ৰমণৰ বিষয়ে চিঠিখনত উল্লেখ কৰিছে ৷ শেহতীয়াকৈ তেওঁ চিমলা, কুল্লু, মানালী আৰু মাণ্ডিত দুৰ্যোগগ্ৰস্ত লোকক লগ পোৱা বুলি কয় ৷ তেওঁ কয় যে, সকলোতে ধ্বংসলীলা দেখি বৰ দুখ লাগিল ৷ এই দুৰ্যোগত এতিয়ালৈকে 428 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ এই দুৰ্যোগত পৰিয়ালৰ সকলো সদস্য হেৰুৱাইছে বহু লোকে ৷ মৃতকৰ ভিতৰত সৰু ল’ৰা-ছোৱালীও আছে, যিসকলে মাতৃৰ সৈতে শাওনৰ শেষ সোমবাৰে পুৱাই শিৱ মন্দিৰলৈ গৈছিল ৷ ৰাজ্যত 16 হাজাৰৰো অধিক জীৱ-জন্তু আৰু চৰাইৰ মৃত্যু হৈছে ৷ য’ত 10 হাজাৰতকৈ অধিক হাঁহ-কুকুৰা আৰু 6 হাজাৰতকৈ অধিক গৰু, ম’হ আৰু অন্যান্য পোহনীয়া জীৱ-জন্তু আছে ৷

একে সময়তে 13 হাজাৰৰো অধিক ঘৰ আৰু অট্টালিকা সম্পূৰ্ণৰূপে বা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ৷ চিমলাৰ পৰা পাৰৱানু ৰাষ্ট্ৰীয় ঘাইপথ আৰু কুল্লু-মানালী-লেহ ঘাইপথৰ বৃহৎ অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে ৷ ৰাজ্যখনৰ বহু পথ সম্পূৰ্ণৰূপে বা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ৷ হাজাৰ হাজাৰ কোটি টকা লোকচানৰ সন্মুখীন হৈছে ৰাজ্যখন ৷

লগতে পঢ়ক : JP Nadda Attack on INDIA : সনাতন ধৰ্মবিৰোধী মন্তব্যত নীৰৱ কিয় ছোনিয়া আৰু ৰাহুল গান্ধী; জেপি নাড্ডাৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.