ETV Bharat / bharat

Priyanka Gandhi Himachal tour: প্ৰাকৃতিক দুৰ্যোগত বিধস্ত অঞ্চল পৰিদৰ্শনৰ উদ্দেশ্যে হিমাচলত প্ৰিয়ংকা গান্ধী - হিমাচলত উপস্থিত প্ৰিয়ংকা গান্ধী

কুল্লুৰ ভুণ্টাৰ বিমান বন্দৰত উপস্থিত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰা ৷ প্ৰাকৃতিক দুৰ্যোগত বিধস্ত হিমাচল প্ৰদেশৰ বিভিন্ন ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব ৱাদ্ৰাই ৷

Priyanka Gandhi Visited Himachal disaster affected areas
কুল্লুৰ ভুণ্টাৰ বিমান বন্দৰত উপস্থিত প্ৰিয়ংকা গান্ধী
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 11:22 AM IST

নেশ্যনেল ডেস্ক, 12 ছেপ্টেম্বৰ: প্ৰাকৃতিক দুৰ্যোগে বিধস্ত কৰি পেলোৱা হিমাচল প্ৰদেশত উপস্থিত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ৷ প্ৰিয়ংকা গান্ধীয়ে মঙলবাৰে হিমাচল প্ৰদেশৰ কুল্লু, মাণ্ডী আৰু সোলন জিলাৰ দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে । দলটোৰ মুখপাত্ৰই এই সন্দৰ্ভত কয় যে, গান্ধীয়ে পুৱা 7 বজাত চণ্ডীগড়ত উপস্থিত হয় আৰু মঙলবাৰে পুৱা কুল্লুৰ ভুণ্টাৰলৈ বিমানেৰে যাব । পুৱা প্ৰায় 9:45 বজাত কুল্লুৰ পৰা মানালীত উপস্থিত হয় প্ৰিয়ংকা গান্ধী ।

মানালীত বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰাৰ পিছত হেলিকপ্টাৰেৰে মাণ্ডীৰ পাণ্ডোহলৈ আহি ক্ষতিগ্ৰস্ত লোকসকলক লগ কৰিব কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে । প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত সোলনৰ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত প্ৰিয়ংকা ৱাদ্ৰা কল্যাণী হেলিপদ ছিমলালৈ আহিব বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, প্ৰিয়ংকা গান্ধী ছিমলাৰ ছাৰবৰাত থকা বাসগৃহত থাকিব । বুধবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ছিমলা জিলাৰ দুৰ্যোগ ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময়ত ভাগ লোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, মঙলবাৰে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে প্ৰিয়ংকা গান্ধীক ৰাজ্যখনলৈ আদৰণি জনাবলৈ চণ্ডীগড়লৈ ৰাওনা হয় ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ এই ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখু আৰু ৰাজ্যিক কংগ্ৰেছৰ সভানেত্ৰী প্ৰতিভা সিং উপস্থিত থাকিব । উল্লেখ কৰা প্ৰয়োজন যে, ধাৰাবাহিক বৰষুণৰ ফলত পাহাৰীয়া ৰাজ্যখনত বিস্তৰ ক্ষতি-সাধন হোৱা পৰিলক্ষিত হৈছে বিগত কেইবামাহ ধৰি ৷ ঠায়ে ঠায়ে হোৱা ভূমিস্খলনৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ বহু ঐতিহাসিক স্থান তথা ৰাজহুৱা সম্পত্তি ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: AEPS fraud case: সাৱধান ! বায়’মেট্ৰিক ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীয়ে লুটিছে ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.