নিউজ ডেস্ক, 17 নৱেম্বৰ : তৃণমূল কংগ্ৰেছৰ ৰোষত পৰিছে চিবিআই (Central Bureau of Investigation) আৰু প্ৰৱৰ্তন সঞ্চালকালয়ৰ (Enforcement Directorate) দুগৰাকীকৈ বিষয়া ৷ বুধবাৰে পশ্চিম বংগৰ বিধানসভাত তৃণমূল কংগ্ৰেছে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰে চিবিআইৰ উপ-সঞ্চালক সতীন্দ্ৰ নাৰায়ণ সিং আৰু প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) সঞ্চালক ৰথিন বিশ্বাসৰ বিৰুদ্ধে ৷
বিধানসভাৰ মজিয়াত এই প্ৰস্তাৱটো উত্থাপন কৰে টিএমচিৰ জ্যেষ্ঠ বিধায়ক তাপচ ৰয়ে ৷ টিএমচি (Trinamool Congress)ৰ বিধায়ক সকলে অভিযোগ কৰা মতে, চিবিআই আৰু ইডিৰ বিষয়া সকলে ইচ্ছাকৃতভাৱে বিধানসভাৰ অধ্যক্ষ গৰাকীক অসন্মান তথা অৱজ্ঞা কৰি আহিছে ৷ মন কৰিবলগীয়া যে, এই প্ৰস্তাৱটোক তৃণমূল কংগ্ৰেছৰ চিফ হুইপ (Chief whip) নিৰ্মল ঘোষে সমৰ্থন জনোৱাৰ লগতে বিধানসভাৰ অধ্যক্ষ বিমান বন্দোপাধ্যায়েও গ্ৰহণ কৰে প্ৰস্তাৱটো ৷
উল্লেখ্য যে, মঙলবাৰে বিধানসভাৰ মজিয়াত ক্ষোভ প্ৰকাশ কৰি অধ্যক্ষ বিমান বন্দোপাধ্যায়ে কৈছিল, চিবিআই আৰু ইডিৰ দৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিষয়াসকলে এগৰাকী বিধানসভাৰ অধ্যক্ষক বাৰে বাৰে অসন্মান কৰা তথা অৱজ্ঞা সূচত আচৰণ কৰিছে ৷ দুয়োটা সংস্থাৰ সঞ্চালক দুগৰাকীক বিধানসভাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল ; কিন্তু তেওঁলোকে সেই নিৰ্দেশ মানি চলিবলৈ অস্বীকাৰ কৰিছে বুলি ক্ষোভেৰে অভিযোগ উত্থাপন কৰে বংগ বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে ৷
লগতে পঢ়ক: Assam Accord: অসম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ