ETV Bharat / bharat

কংগ্ৰেছক ৰাজস্থানৰ পৰা নিচিহ্ন কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 2:19 PM IST

ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ এবাৰ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । অশোক গেহলটক যাদুকৰ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ পৰা কংগ্ৰেছ আৰু যাদুকৰক নিচিহ্ন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

Rajasthan Election 2023
কংগ্ৰেছক ৰাজস্থানৰ পৰা নিচিহ্ন কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

নেশ্যনেল ডেস্ক,১৮ নৱেম্বৰ : ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । শাসকীয় কংগ্ৰেছৰ সমান্তৰালকৈ বিজেপি দলেও প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । একপ্ৰকাৰ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰসকলে বাহৰ পাতিছে ৰাজস্থানত । ইয়াৰ মাজতে শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । নিৰ্বাচনী সভাত তেওঁ কংগ্ৰেছ দলক পুনৰ এবাৰ লক্ষ্য কৰি লয় । ভৰতপুৰত তেওঁ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কয় যে ৰাজস্থানৰ বতাহৰ দিশ স্পষ্ট হৈ পৰিছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে ৩ ডিচেম্বৰত কংগ্ৰেছ আৰু 'যাদুকৰ' পৰাজিত হ'ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে আৰু ৰাজ্যখনত সংঘটিত অপৰাধ আৰু দুৰ্নীতিৰ বিষয়ত গেহলট চৰকাৰক লক্ষ্য কৰি লয় । মুখ্যমন্ত্ৰী অশোক গেহলটক আক্ৰমণ কৰি তেওঁ কয় যে কিছুমান লোকে নিজকে যাদুকৰ বুলি কয় । কিন্তু মানুহে তেওঁলোকক কৈছে যে ৩ ডিচেম্বৰত কংগ্ৰেছ আৰু 'যাদুকৰ' ৰাজস্থানৰ পৰা নিশ্চিহ্ন হ'ব ।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিশ্ৰুতি দি কয় যে তেওঁ ৰাজস্থানক দেশৰ আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তুলিব আৰু কোনো দুৰ্নীতিগ্ৰস্ত ব্যক্তিক এৰি নিদিয়ে । তেওঁ কয় যে দুৰ্নীতিক শক্তিশালীভাৱে দমন কৰা হ'ব আৰু মাতৃ-ভগ্নীসকলৰ বাবে এক সুৰক্ষিত পৰিৱেশ গঢ়ি তোলা হ'ব । এয়া মোদীৰ গ্যেৰাণ্টি বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপিয়ে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব । এই সময়ছোৱাত তেওঁ পুনৰ এবাৰ 'লাল ডায়েৰী'ৰ প্ৰসংগও উত্থাপন কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছে যে আজি ভাৰত বিশ্বৰ ৫ম সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হৈ পৰিছে আৰু শীঘ্ৰেই ভাৰত তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হিচাপে প্ৰতিষ্ঠা হ'ব । ৰাইজৰ ভোটৰ বাবেই আজি বিশ্বত ভাৰতৰ কণ্ঠস্বৰ বাজি উঠিছে বুলিও তেওঁ দাবী কৰিছে ।

প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছে যে প্ৰতিটো উৎসৱতে ৰাজস্থানত হিংসা হয় । সান্ধ্য আইন জাৰি কৰিবলগীয়া হয় । অশোক গেহলটক লক্ষ্য কৰি তেওঁ কয় যে এনে যাদুকৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ অধিকাৰ নাই । প্ৰধানমন্ত্ৰীৰ মতে কংগ্ৰেছক ৰাজস্থানৰ পৰা চিৰদিনৰ বাবে আঁতৰ কৰাৰ প্ৰয়োজন আছে ।

লগতে পঢ়ক :প্ৰতিশ্ৰুতি দি পূৰণ নকৰাৰ ইতিহাস আছে কংগ্ৰেছৰ: ওৱেইছি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.