ETV Bharat / bharat

PM Modi Uttarakhand visit : দেৱভূমিলৈ নাহিলে ভাৰতক জনা নাযায়: প্ৰধানমন্ত্ৰী মোদী - PM Modi Parvati Kund Temple visit

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে উত্তৰাখণ্ড ভ্ৰমণৰ সময়ত পিথোৰাগড় জিলাৰ চীন সীমান্তৰ পৰা দেশবাসীক সম্বোধন কৰে । তেওঁৰ ভাষণত বহু বিষয়ত বিৰোধীপক্ষক সমালোচনা কৰে । তেওঁ উত্তৰাখণ্ডৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কথাও উল্লেখ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উত্তৰাখণ্ডে তেওঁক তেওঁৰ পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰে ।

দেৱভূমিলৈ নাহিলে ভাৰতক জনা নাযায়; প্ৰধানমন্ত্ৰী মোদী
PM Modi Uttarakhand visit
author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 7:13 PM IST

নিউজ ডেস্ক, ১২ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে উত্তৰাখণ্ড ভ্ৰমণ কৰে । এই ভ্ৰমণৰ অংশ হিচাপে তেওঁ পিথোৰাগড়ত এক জনসভা সম্বোধন কৰে । 'ভাৰত মাতা কী জয়' শ্লোগানেৰে নিজৰ ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱভূমিৰ জনসাধাৰণৰ পৰা লাভ কৰা মৰম আৰু আদৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে । "আজি সমগ্ৰ বিশ্বতে ভাৰতৰ কণ্ঠস্বৰ বাজি উঠিছে । মানুহে ভাৰতক জানিব বিচাৰে । কিন্তু উত্তৰাখণ্ডলৈ নাহিলে ভাৰতক জনা নাযায় ।" প্ৰধানমন্ত্ৰীয়ে কয় ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমতে উত্তৰাখণ্ডৰ কুমাও ভ্ৰমণলৈ যায় । তাত তেওঁ প্ৰথমে পিথোৰাগড়ৰ আদি কৈলাস ভ্ৰমণ কৰে । তাৰ পিছত পাৰ্বতী কুণ্ডত প্ৰাৰ্থনা কৰি গুঞ্জি গাঁৱত উপস্থিত হয় । তাত তেওঁ গ্ৰামাঞ্চলৰ মহিলা আৰু শিশুসকলক লগ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰধানমন্ত্ৰী মোদীয়ে মাজতে কিছু সময়ৰ বাবে আলমোৰাৰ জগেশ্বৰ ধাম পৰিদৰ্শন কৰে আৰু তাৰ পৰা পিথোৰাগড়লৈ উভতি যায় । তাত তেওঁ উত্তৰাখণ্ডক ৪,২০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উপহাৰ দিয়ে । আধাৰশিলা স্থাপন আৰু প্ৰকল্পসমূহ উদ্বোধন কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে দেৱভূমিৰ জনসাধাৰণক সম্বোধন কৰে । প্ৰধানমন্ত্ৰীয়ে পাহাৰীয়া লোকসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু উত্তৰাখণ্ডৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ কথা উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰাখণ্ড পৰিয়ালৰ সদস্যৰ দৰে তেওঁৰ সৈতে সংযুক্ত । উত্তৰাখণ্ডৰ মানুহে প্ৰায়ে তেওঁলৈ পত্ৰ লিখে আৰু তেওঁলোকৰ সকলো আনন্দ আৰু দুখ তেওঁৰ সৈতে ভাগ-বতৰা কৰে । যদি কিবা উন্নতিৰ প্ৰয়োজন আছে, তেন্তে সেই বিষয়ে ক'বলৈও কয় । আনকি চৰকাৰে যেতিয়া বিগত ৩০-৪০ বছৰ ধৰি সংসদত স্থগিত হৈ থকা নাৰী সংৰক্ষণ বিধেয়ক গৃহীত কৰিছিল, দেৱভূমিৰ ভগ্নীসকলেও তেওঁলৈ পত্ৰ লিখা বুলি উল্লেখ কৰে ।

"প্ৰত্যাহ্বানৰে ভৰি থকা বিশ্বত আজি ভাৰতৰ কণ্ঠস্বৰ তীব্ৰ হৈ উঠিছে । শেহতীয়াকৈ সামৰণি পৰা জি-২০ সন্মিলনৰ সময়ত ইয়াৰ এক উদাহৰণ দেখা গৈছে । এই অনুষ্ঠানত বিশ্বই ভাৰতৰ প্ৰশংসা কৰে ।" মোদীয়ে কয় । আনহাতে, ইয়াৰ বাবে দেশবাসীক কৃতিত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়াই ভাৰতে বিশ্বক দিশ দেখুৱায়, ভাল অনুভৱ হয় । কিন্তু এই সকলোবোৰ দেশবাসীৰ উপহাৰ । কিয়নো দেশবাসীয়ে তেওঁলোকক সেৱা আগবঢ়োৱাৰ সুযোগ দিছে ।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে প্ৰান্তীয় অঞ্চলত বাস কৰা লোকসকলৰ বাবে কাম কৰিছে । যাৰ ফলত পাঁচ বছৰত ১৩.৫০ কোটি লোক দৰিদ্ৰতাৰ সীমাৰ পৰা ওলাই আহিছে । এই ১৩.৫০ কোটি হৈছে এক উদাহৰণ যে ভাৰতে নিজৰ দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰে ।

আনহাতে, চন্দ্ৰযানৰ সফলতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ চন্দ্ৰযান এনে স্থানত উপনীত হৈছে, য'ত আজিলৈকে বিশ্বৰ কোনো দেশ উপস্থিত হ'ব পৰা নাই । ভাৰতে চন্দ্ৰযান উপস্থিত হোৱা অঞ্চলটোক শিৱ শক্তি হিচাপে নামকৰণ কৰিছে । এই নামটো উত্তৰাখণ্ডৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত । উত্তৰাখণ্ড আজি সুখী, কাৰণ উত্তৰাখণ্ডৰ শক্তি চন্দ্ৰতো উপনীত হৈছে ।

ইফালে সদ্যসমাপ্ত এছিয়ান গেমছত ভাৰতৰ প্ৰদৰ্শনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ দুগৰাকী খেলুৱৈ লক্ষ্য সেন আৰু বন্দনা কাটাৰিয়াৰ কথা উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে সকলো অভিলেখ ভংগ কৰি শতাধিক পদক লাভ কৰিছে । উত্তৰাখণ্ডৰ 8 গৰাকী খেলুৱৈ এছিয়ান গেমছলৈ গৈছিল । তাৰে ভিতৰত লক্ষ্য সেনৰ দল আৰু বন্দনা কাটাৰিয়াৰ দলে জয়লাভ কৰিছে । প্ৰধানমন্ত্ৰীয়ে তাত উপস্থিত থকা সকলো লোকক মোবাইলৰ ফ্লেছলাইট অন কৰি এই খেলুৱৈসকলক অভিনন্দন জনোৱাৰ বাবে বিশেষভাৱে আহ্বান জনায় । ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ভাৰতৰ খেলুৱৈসকলক সম্পূৰ্ণ সহায় কৰি আছে, যাতে ভাৰতৰ খেলুৱৈসকলে বিশ্বত তেওঁলোকৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে । চৰকাৰে খেলুৱৈসকলৰ প্ৰশিক্ষণত কোটি কোটি টকা ব্যয় কৰি আছে ।

লগতে পঢ়ক :PM Modi Adi Kailash Yatra : আদি কৈলাসত প্ৰধানমন্ত্ৰীৰ ধ্যান; পাৰ্বতী কুণ্ড মন্দিৰত বজালে শংখ আৰু ডম্বৰু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.