ETV Bharat / bharat

Priest shot dead at Motihari: মন্দিৰৰ ভিতৰতেই গুলীয়াই হত্যা পূজাৰীক

author img

By

Published : Jul 21, 2022, 7:18 PM IST

মন্দিৰৰ ভিতৰতেই আততায়ীয়ে গুলীয়াই হত্যা কৰিলে পূজাৰীক (Priest murder in Bihar) ৷ মন্দিৰৰ ভিতৰত জিৰণি লৈ থকা অৱস্থাতেই বাইকেৰে অহা দুজনীয়া দুৰ্বৃত্তই মূৰত গুলীয়াই থৈ যায় পূজাৰীজনক (Murder case in Bihar)৷

priest resting in temple shot dead at Motihari
মন্দিৰৰ ভিতৰতেই দুৰ্বৃত্তই গুলীয়াই হত্যা পূজাৰীক

মতিহাৰী, 21 জুলাই: বিহাৰৰ মতিহাৰীত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা (Priest shot dead at Motihari) ৷ বৃহস্পতিবাৰে মন্দিৰৰ ভিতৰতেই আততায়ীয়ে গুলীয়াই হত্যা কৰিলে এজন পূজাৰীক (Priest murder in Bihar) ৷ মতিহাৰী ৰে'ল ষ্টেশ্যনৰ সমীপতে থকা মন্দিৰৰ পুৰোহিত সুৰেশ সিং ওৰফে সুৰেশ মস্তানক মন্দিৰৰ ভিতৰত জিৰণি লৈ থকা অৱস্থাতেই বাইকেৰে অহা দুজনীয়া দুৰ্বৃত্তই মূৰত গুলীয়াই থৈ যায় (Murder case in Bihar)৷

গুলীৰ আঘাতত থিতাতে মৃত্যু হয় পুৰোহিত গৰাকীৰ ৷ অপৰাধ সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্ত দুটাই ৷ মৃত পুৰোহিতগৰাকীৰ ঘৰ পূৱ সম্পৰাণ জিলাৰ কুণ্ডৱাৰ চেইনপুৰত ৷ এই ঘটনাৰ পিছতেই হুৱা-দুৱা লাগে অঞ্চলটোত ৷ স্থানীয়ে লোকে আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷

ঘটনাস্থলীত চেইনপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো লৈ যাবলৈ ওলাওতেই স্থানীয় লোকে আৰক্ষীক বাধা প্ৰদান কৰি মৃতদেহটো ঘেৰাও কৰি ৰাখে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাইছে যদিও অপৰাধীৰ কোনো শুং-সূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইপিনে স্থানীয়ে লোকে আৰক্ষীক অনতিপলমে অপৰাধীক কৰায়ত্ত কৰিবলৈ দাবী উত্থাপন কৰে ৷

আৰক্ষীয়ে দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ আশ্বাস প্ৰদান কৰি ৰাইজক সৈমান কৰিবলৈ চেষ্টা কৰে যদিও ক্ষোভিত ৰাইজে কোনোপধ্যেই মানি লোৱা নাই ৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমন কুমাৰে এই হত্যাকাণ্ডৰ সন্দৰ্ভত কয় যে এতিয়ালৈ এই ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই ৷ আৰক্ষীয়ে তদন্ত আব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Sidhu Moosewala murder: আজি আদালতত হাজিৰ কৰোৱা হ’ব হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড লৰেন্সক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.