ETV Bharat / bharat

New Parliament Building : মোদীৰ নতুন সংসদ ভৱন উদ্বোধনক আদৰণি ৰাষ্ট্ৰপতিৰ - Droupadi Murmu on parliament inauguration

নতুন সংসদ ভৱন উদ্বোধনৰ এই ক্ষণ ভাৰতৰ ইতিহাসত সোণালী আখেৰেৰে লিপিবদ্ধ হ'ব । প্ৰধানমন্ত্ৰীয়ে সংসদ ভৱন উদ্বোধনৰ পিচত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এনেদৰে কয় (President Murmu on parliament inauguration) ।

New Parliament Building
New Parliament Building
author img

By

Published : May 28, 2023, 7:50 PM IST

নিউজ ডেস্ক, ২৮ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নতুন সংসদ ভৱন উদ্বোধন কৰে (PM Modi inaugurated new parliament building) । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা নতুন সংসদ ভৱনৰ উদ্বোধনক আদৰণি জনাইছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (Droupadi Murmu welcomed parliament inauguration) । তেওঁ কয় যে এইটো সমগ্ৰ দেশৰ বাবে গৌৰৱ আৰু অপৰিসীম সুখৰ বিষয় । তেওঁ লগতে কয় যে নতুন সংসদ ভৱনৰ উদ্বোধন দেশৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব ।

উল্লেখ্য, নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে ৰাষ্ট্ৰপতিয়ে এক লিখিত শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে (Droupadi Murmu on parliament inauguration) । আনহাতে, ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশে ৰাষ্ট্ৰপতি মুৰ্মুৰ শুভেচ্ছা বাৰ্তা লোকসভাত পাঠ কৰি দিয়ে । বাৰ্তাটোত কোৱা হৈছে যে নতুন সংসদ ভৱনৰ উদ্বোধন ভাৰতৰ সকলো জনসাধাৰণৰ বাবে এক গৌৰৱ আৰু আনন্দৰ বিষয় । তেওঁ লগতে কয় যে নতুন সংসদ ভৱনটো ভাৰতৰ গণতান্ত্ৰিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি (president Droupadi Murmu)।

লগতে তেওঁ কয় নতুন সংসদ ভৱনৰ এই উদ্বোধন ভাৰতৰ ইতিহাসত স্বৰ্ণিল আখৰেৰে লিখা থাকিব । উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কৰা নতুন সংসদ ভৱন উদ্বোধন কাৰ্যসূচী বহুকেইটা বিৰোধী দলে বৰ্জন কৰে । ৰাষ্ট্ৰপতিক নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ নিদিয়াৰ প্ৰতিবাদকল্পেই বিৰোধী দলকেইটাই এই অনুষ্ঠান বৰ্জন কৰে । উল্লেখ্য যে ৰাষ্ট্ৰপতিক আনকি উদ্বোধনী অনুষ্ঠানটোলৈ আমন্ত্ৰণো জনোৱা হোৱা নাছিল ।

কংগ্ৰেছে ইয়াৰ কঠোৰ সমালোচনা কৰি কয় যে ৰাষ্ট্ৰপতি হৈছে দেশখনৰ মুৰব্বী । সেয়েহে তেওঁক এনে ধৰণৰ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ নজনোৱাটো তেওঁৰ কৰ্তৃত্বক অসন্মান কৰাৰ সমান । ইয়াৰ পৰিৱৰ্তে বিজেপিয়ে যুক্তি দিয়ে যে প্ৰধানমন্ত্ৰী হৈছে চৰকাৰৰ মুৰব্বী, যাক জনসাধাৰণে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কৰে ।

উল্লেখ্য যে কংগ্ৰেছে পূৰ্বতেও চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পক লৈ চৰকাৰক সমালোচনা কৰিছিল । দেশৰ সবাতোকৈ পুৰণি ৰাজনৈতিক দলটোৱে পূৰ্বতেই এই প্ৰকল্পক অপ্ৰয়োজনীয় আৰু প্ৰধানমন্ত্ৰীৰ অৰ্থহীন প্ৰকল্প বুলি অভিহিত কৰিছিল ।

লগতে পঢ়ক :Rahul Gandhi Slams Modi : মোদীয়ে নতুন সংসদ ভৱন উদ্বোধনক ৰাজ অভিষেক বুলি গণ্য কৰে; ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.