নেশ্যনেল ডেস্ক, ১০ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা এগৰাকী নাৰ্ছে এইবাৰ চুৰাটৰ পৌৰসভাৰ নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰিব । ২২ নং ভটাৰ-ৱেছু-দাম্মাছ ৱাৰ্ডৰ প্ৰাৰ্থী হিচাপে টিকট লাভ কৰিছে কৈলাশ চোলাংকি নামৰ এইগৰাকী নাৰ্ছে । উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে গুজৰাটত নাৰ্ছে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব । এইগৰাকী নাৰ্ছে ২০১৯ চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰীয় বঁটাৰে তেওঁক সন্মানিত কৰিছিল ।
নাৰ্ছ হিচাপে সমাজৰ প্ৰতি তেওঁ আগবঢ়াই অহা সেৱাৰ বাবে তেওঁলৈ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছিল । কৈলাশ চোলাংকিয়ে নিজৰ বুদ্ধি আৰু দক্ষতাৰে বহু ৰোগীৰ জীৱন ৰক্ষা কৰিছে । এগৰাকী ৰোগী সংকটজনক অৱস্থাত চটফটাই থকা দেখি মানৱদৰদী কৈলাশ চোলাংকিয়ে নিজে এম্বুলেন্স চলাই ৰোগীগৰাকীক চিকিৎসালয়লৈ নিছিল । কেৱল এয়াই নহয়, ২০০৮ চনত চুৰাটত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত এইগৰাকী নাৰ্ছে পানীৰ মাজত আৱদ্ধ হৈ থকা এগৰাকী গৰ্ভৱতী মহিলাক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ গৈছিল । সাপে দংশন কৰা লোকৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰতো তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে ।
মহামাৰীৰ সংকটৰ সময়ত কৈলাশ চোলাংকিয়ে নাৰ্ছসকলৰ মাজত ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰি সাৱধনতা অৱলম্বন কৰিবলৈ সকলোকে সজাগ কৰিছিল । ই টিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত কৈলাশ চোলাংকিয়ে কয় যে, আলথানস্থিত অটল ক'ভিড কেন্দ্ৰত তেওঁ ৩ মাহ দিনে-নিশাই সেৱা আগবঢ়াইছিল । তেওঁ শুশ্ৰূষা কৰা সময়ত ১,২০০ গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী আৰোগ্য হৈ উঠিছিল । উক্ত কেন্দ্ৰটোত সেই সময়ত এগৰাকীও ৰোগীৰো মৃত্যু হোৱা নাছিল বুলি প্ৰকাশ কৰে চোলাংকিয়ে । এইগৰাকী মানৱদৰদী নাৰ্ছে চুৰাটৰ পৌৰসভা নিৰ্বাচনত ৰাইজৰ পৰা কেনেধৰণৰ সঁহাৰি লাভ কৰে সেয়া লক্ষণীয় হ'ব ।
লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ফেচবুকত বিৰূপ মন্তব্য কৰি বিপদত ত্ৰিপুৰাৰ যুৱক