নিউজ ডেস্ক, ২৫ জুলাই : দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ 15 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছত ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱাৰ (Droupadi Murmu reached Rashtrapati Bhawan) লগে লগে তেওঁক ৰাইচিনা হিলৰ চৌহদত আন্তঃসেৱা গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰা হয় (Droupadi Murmu take inter service Guard of Honour) । ৰাষ্ট্ৰপতি ভৱনৰ বিষয়াসকলে ইটিভি ভাৰতক জনোৱা মতে, মুৰ্মু ৰাষ্ট্ৰপতি ভৱনৰ পাৰিবাৰিক শাখাত (Family Wing of Rashtrapati Bhawan) থকাৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতি ভৱনৰ অতিথি শাখাত কেইদিনমান থকাৰ সম্ভাৱনা আছে ।
"সাধাৰণতে যেতিয়াই নতুন ৰাষ্ট্ৰপতি আহে, তেওঁ প্ৰথমে ৰাষ্ট্ৰপতি ভৱনৰ অতিথি শাখাত থাকে । নৱীকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে পাৰিবাৰিক শাখালৈ স্থানান্তৰিত হ'ব পাৰে ।" ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামৰ প্ৰাক্তন প্ৰেছ সচিব এছ এম খানে এনেদৰে কয় । সাধাৰণতে অতিথি শাখাটো বিদেশী অতিথিসকলৰ বাবে ব্যৱহাৰ কৰা হয় ।
খানে অৱশ্যে কয় যে, ‘‘অতিথি শাখাত থকাটো অৱশ্যে প্ৰটোকলত নাই । অতিথি শাখাত থকাটো প্ৰটোকলৰ অধীনত নহয় (Staying at Guest Wing not under protocol), কিন্তু এয়া ৰাষ্ট্ৰপতিৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁ অতিথি শাখাত থাকিব বিচাৰেনে নাই । অতিথি শাখাটো মূলতঃ বিদেশৰ পৰা অহা অতিথিসকলৰ বাবে ব্যৱহাৰ কৰা হয় ।"
ৰাষ্ট্ৰপতি ভৱনৰ আন এজন বিষয়াই এই সংবাদদাতাক কয় যে, ৰাষ্ট্ৰপতি মুৰ্মুক সোমবাৰে ৰাস্পতি ভৱনৰ সকলো বিষয়াৰ সৈতে পৰিচয় কৰাই দিয়া হয় । "শপত গ্ৰহণ অনুষ্ঠানৰ পিছত ৰাষ্ট্ৰপতিক জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পৰিচয় কৰাই দিয়া হয় । তেওঁ ৰাষ্ট্ৰপতিৰ সচিব, সামৰিক সচিব, উপ-সামৰিক সচিব, প্ৰেছ সচিব, যুটীয়া সচিব, অতিৰিক্ত সচিব আৰু অন্যান্যসকলক সাক্ষাৎ কৰে ।" বিষয়াজনে কয় ।
সকলো বিষয়াই পিছত ৰাষ্ট্ৰপতিক আনুষাংগিক সকলো বিষয় সম্পৰ্কে অৱগত কৰায় । দ্বিতীয়দিনা ৰাষ্ট্ৰপতি মুৰ্মুৱে দৰবাৰ হল বা অশোক হলত সকলো অতিথিক সাক্ষাৎ কৰিব । "নতুন ৰাষ্ট্ৰপতিক শুভেচ্ছা জনাবলৈ কেইবাজনো লোক আহিব । সেয়েহে কাইলৈ ৰাষ্ট্ৰপতিয়ে তেওঁলোকক সাক্ষাৎ কৰা আৰম্ভ কৰিব আৰু তাৰ পিছত তেওঁ চৰকাৰী ফাইলবোৰ চোৱা আৰম্ভ কৰিব ।" বিষয়াজনে কয় ।
উল্লেখ্য, দ্ৰৌপদী মুৰ্মু হৈছে জনজাতীয় সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা (Murmu is first woman from tribal community), যিয়ে শীৰ্ষ সাংবিধানিক পদত অধিষ্ঠিত হৈছে । বৃহস্পতিবাৰে ভোট গণনা সমাপ্ত হোৱাৰ পিছত তেওঁক ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাবে ঘোষণা কৰা হয় । ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী যশোৱন্ত সিনহাক তেওঁ পৰাস্ত কৰিছিল । উক্ত নিৰ্বাচনত ব্যাপক ক্ৰছ ভোটিং হোৱা বুলিও অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক :Watershed moment for India: দ্ৰৌপদী মূৰ্মুৰ শপতগ্ৰহণক ঐতিহাসিক ক্ষণ আখ্যা প্ৰধানমন্ত্ৰী মোডীৰ