ETV Bharat / bharat

20 years of Parliament Attack : সংসদ ভৱনৰ আক্ৰমণত নিহতলৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ - সংসদ ভৱনৰ আক্ৰমণত নিহতলৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ

২০০১ চনৰ ১৩ ডিচেম্বৰ - সমগ্ৰ দেশবাসীৰ বাবে এটা অভিশপ্ত দিন । এইটো দিনতে সংসদ ভৱনত হোৱা আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ১৪ জন লোকে । আক্ৰমণত প্ৰাণ হেৰুওৱা সাধাৰণ নাগৰিক আৰু শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(Modi pays tribute to Parliament Attack victims) ।

2001 Parliament Attack
সংসদ ভৱন আক্ৰমণৰ ২০ বছৰ
author img

By

Published : Dec 13, 2021, 1:14 PM IST

নেশ্যনেল ডেস্ক, ১৩ ডিচেম্বৰ : সংসদ ভৱন আক্ৰমণৰ আজি ২০ বছৰ সম্পূৰ্ণ হ'ল(20 years of 2001 Parliament Attack) । ২০০১ চনৰ আজিৰ দিনটোতে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু জৈইছ-এ-মহম্মদে আক্ৰমণ চলাইছিল সংসদ ভৱনত(Parliament Attack in 2001) ।

সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ হেৰুৱাইছিল সাধাৰণ নাগৰিক আৰু নিৰাপত্তা বাহিনীৰ জোৱানে । আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই আক্ৰমণত মৃত্যুক আঁকোৱালি লোৱাসকললৈ শ্ৰদ্ধা নিবেদন কৰে ।

ৰাষ্ট্ৰপতি কোবিন্দে টুইটযোগে শ্ৰদ্ধাঞ্জলি জনাই উল্লেখ কৰে যে, "২০০১ চনৰ আজিৰ দিনটোতে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ সংসদক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে যুঁজ দি প্ৰাণ আহুতি দিয়া সাহসী জোৱানসকলক মই শ্ৰদ্ধাঞ্জলি জনাইছো" । এই ত্যাগৰ বাবে সমগ্ৰ দেশবাসী চিৰদিন শ্বহীদ জোৱানৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব বুলিও তেওঁ উল্লেখ কৰে(Kovind pays tribute to Parliament Attack victims) ।

  • I pay homage to the brave security personnel who laid down their lives on this day in 2001, defending the Parliament of the world’s largest democracy against a dastardly terrorist attack. The nation shall forever remain grateful to them for their supreme sacrifice.

    — President of India (@rashtrapatibhvn) December 13, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ২০০১ চনত সংসদ ভৱন আক্ৰমণৰ সময়ত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হোৱা সকলো জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মাতৃভূমিৰ প্ৰতি তেওঁলোকে আগবঢ়াই যোৱা সেৱা আৰু ত্যাগে প্ৰতিজন নাগৰিকক অনুপ্ৰাণিত কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটত উল্লেখ কৰে ।

  • I pay my tributes to all those security personnel who were martyred in the line of duty during the Parliament attack in 2001. Their service to the nation and supreme sacrifice continues to inspire every citizen.

    — Narendra Modi (@narendramodi) December 13, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, ২০০১ চনৰ ১৩ ডিচেম্বৰত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু জৈছ-এ-মহম্মদৰ পাঁচজন সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে নতুন দিল্লীৰ সংসদ ভৱনত আক্ৰমণ কৰে । সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত নিৰাপত্তা বাহিনীৰ ১৩ জন জোৱানৰ লগতে এজন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছিল । সংসদ স্থগিত ৰখাৰ প্ৰায় ৪০ মিনিট পিছত এই সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল । সেই সময়ত সংসদ ভৱনত প্ৰায় ১০০ জন সদস্য উপস্থিত আছিল ।

লগতে পঢ়ক: PM Modi at Kashi Vishwanath Corridor : 12 গৰাকী মুখ্যমন্ত্ৰীৰ সৈতে কাশী বিশ্বনাথ কৰিডৰ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.