নিউজ ডেস্ক, ২৫ জুলাই : ২৪ সংখ্যক কাৰ্গিল বিজয় দিৱসৰ প্ৰস্তুতি মঙলবাৰে লাডাখৰ ড্ৰাছত আৰম্ভ হৈছে । ১৯৯৯ চনত পাকিস্তানৰ সৈতে হোৱা কাৰ্গিল যুদ্ধত ভাৰতৰ বিজয়ক দেশে স্মৰণ কৰি আছে । এই উপলক্ষে যুদ্ধ স্মাৰকক অন্তিম স্পৰ্শ দিয়া হৈছে । কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । কাৰ্গিল যুদ্ধ জয়ৰ ২৪ সংখ্যক বিজয় দিৱসত অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বুধবাৰে পুৱা লাডাখত উপস্থিত হ'ব ।
তাত তেওঁ দেশৰ বাবে প্ৰাণ আহুতি দিয়া জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । আনহাতে, মঙলবাৰে লামোচেন ভিউ পইণ্টত এক অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত ভাৰতীয় সেনাৰ সৈনিকসকলৰ সাহসিকতা আৰু ত্যাগৰ ওপৰত আলোকপাত কৰা যুদ্ধসমূহৰ এক দৃশ্য-শ্ৰব্য অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ব । লামোচন ভিউ পইণ্টৰ পৰা যুদ্ধক্ষেত্ৰলৈ বিশিষ্ট ব্যক্তিসকলক লৈ যোৱাৰ পিছত, সান্দো ৰিয়াৰত সাংস্কৃতিক কাৰ্যসূচীৰ লগতে 'বিজয় ভোজ' আৰু 'বৰাখানা'ৰ আয়োজন কৰা হ'ব ।
সেনাৰ এটা বেণ্ডেও দেশপ্ৰেমমূলক গান পৰিবেশন কৰিব । ইয়াৰ পিছত স্থানীয় সাংস্কৃতিক শিল্পীসকলে তেওঁলোকৰ পৰম্পৰাগত নৃত্যৰ জৰিয়তে নিজৰ সমৃদ্ধ জাতিসত্তা প্ৰদৰ্শন কৰি সমবেত লোকসকলক মনোৰঞ্জন কৰিব আৰু ভাৰতীয় সেনাৰ প্ৰতি স্থানীয় জনসাধাৰণৰ প্ৰতিশ্ৰুতি প্ৰমাণ কৰিব । লগতে অপাৰেচন বিজয়ৰ সময়ত সাহসী যোদ্ধাসকলৰ অৱদানক স্মৰণ কৰিব ।
ইফালে মঙলবাৰে বৰ্তমানৰ আৰু প্ৰাক্তন শীৰ্ষ সেনা বহু বিষয়াই যুদ্ধ স্মাৰকত পুষ্পস্তৱক অৰ্পণ কৰিব । অনুষ্ঠানটোৰ পিছত এটা স্মাৰক সেৱা অনুষ্ঠিত হ'ব আৰু স্মৰণ কুটিৰলৈ তেওঁলোক যাব । এই স্মাৰক কুটিৰটো হৈছে যুদ্ধ স্মাৰকৰ কাষতে নিৰ্মাণ কৰা এটা সংগ্ৰহালয় ।
অনুষ্ঠানটোত বন্তি প্ৰজ্বালনৰ লগতে প্ৰাৰ্থনাও অনুষ্ঠিত হ'ব । ইয়াৰ পিছত পৰম্পৰাগত পাইপ বেণ্ড আৰু ষ্টেটিক বেণ্ড পৰিবেশন কৰা হ'ব । উল্লেখ্য যে কাৰ্গিল বিজয় দিৱস প্ৰতিবছৰে ২৬ জুলাইত কাৰ্গিল যুদ্ধৰ নায়কসকলৰ সাহসিকতা আৰু বীৰত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ স্মৰণ কৰা হয় ।
লগতে পঢ়ক :Pak intruder shot dead : বিএছএফৰ গুলীত নিহত পাকিস্তানী চোৰাং ব্যৱসায়ী