নিউজ ডেস্ক, 17 এপ্ৰিল: কৰ’ণাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ প্ৰকাশ জাভেদকাৰ ৷ শুকুৰবাৰে টুইট যোগে এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচতে তেখেতে বিগত দুই তিনি দিনৰ ভিতৰত নিজৰ সংস্পৰ্শলৈ অহা লোকসকলক নিজৰ কৰ’ণাৰ পৰীক্ষা কৰাবলৈ আহ্বান জনায় ৷
-
I have tested #COVID positive today. All those who have come in contact with me in the last 2-3 days may please get themselves tested.
— Prakash Javadekar (@PrakashJavdekar) April 16, 2021 " class="align-text-top noRightClick twitterSection" data="
">I have tested #COVID positive today. All those who have come in contact with me in the last 2-3 days may please get themselves tested.
— Prakash Javadekar (@PrakashJavdekar) April 16, 2021I have tested #COVID positive today. All those who have come in contact with me in the last 2-3 days may please get themselves tested.
— Prakash Javadekar (@PrakashJavdekar) April 16, 2021
নিজৰ টুইটত প্ৰকাশ জাভেদকাৰে লিখিছে যে, " মোৰ শৰীৰত আজি ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ বিগত দুই-তিনিদিনৰ ভিতৰত যিসকল মোৰ সংস্পৰ্শলৈ আহিছে, তেওঁলোকে অনুগ্ৰহক কৰি নিজৰ পৰীক্ষা কৰাই লওঁক ৷ "
উল্লেখ্য যে, ক’ৰণাৰ দ্বিতীয় ঢৌত ইতিমধ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি. এছ. য়েদিয়ুৰাপ্পাৰ দৰে কেইবাগৰাকীও শীৰ্ষ নেতা ক’ৰণাত আক্ৰান্ত হৈছে ৷
লগতে পঢ়ক : তামিল কৌতুক অভিনেতা বিবেকৰ মৃত্যু