ETV Bharat / bharat

300 আৱদ্ধ পৰ্যটকক উদ্ধাৰ কৰিলে হিমাচল আৰক্ষীয়ে - কুল্লুত পৰ্যটকক উদ্ধাৰ

শনিবাৰে ৰোহতাঙৰ অটল সুৰংগৰ কাষত আৱদ্ধ প্ৰায় 300 পৰ্যটকক উদ্ধাৰ কৰে হিমাচল আৰক্ষীয়ে ৷ পৰ্যটক সকলৰ উদ্ধাৰৰ বাবে প্ৰায় 70 খন বাহন, এখন 48 খন আসনযুক্ত বাছ, এখন 24 খন আসনযুক্ত আৰক্ষীৰ বাছ, আৰু আৰক্ষীৰ কুইক ৰিয়েকচন টিম প্ৰেৰণ কৰা হয় ৷

Police team rescues 300 tourists stranded in snow in Solang Nala
300 আৱদ্ধ পৰ্যটকক উদ্ধাৰ কৰিলে হিমাচল আৰক্ষীয়ে
author img

By

Published : Jan 3, 2021, 12:11 PM IST

নেশ্যনেল ডেস্ক,3 জানুৱাৰী : ৰোহতাঙৰ অটল সুৰংগৰ কাষত প্ৰৱল তুষাৰপাতৰ বাবে আৱদ্ধ 300 গৰাকী পৰ্যটকক উদ্ধাৰ কৰিছে হিমাচল প্ৰদেশ আৰক্ষীয়ে ৷ শনিবাৰে পুৱাৰ ভাগত কিছুসংখ্যক পৰ্যটকে সুৰংগটো পাৰ কৰিবলৈ সক্ষম হৈছিল যদিও আবেলি পৰ্যন্ত লাহৌলত হোৱা প্ৰবল তুষাৰপাতৰ বাবে তেওঁলোকে কোন আশ্ৰয়স্থল বিচাৰি নাপায় ৷ যাৰ বাবে মাজবাটতে আৱদ্ধ হৈ থাকে পৰ্যটক সকল ৷

অটল সুৰংগৰ কাষত আবদ্ধ পৰ্যটক

সন্ধিয়া কুল্লু আৰক্ষীৰ সহযোগত লাহৌল-স্পীতি আৰক্ষীয়ে সুৰংগৰে উদ্ধাৰৰ বাবে বাহন প্ৰেৰণ কৰে ৷ পৰ্যটক সকলৰ উদ্ধাৰৰ বাবে প্ৰায় 70 খন বাহন, এখন 48 খন আসনযুক্ত বাছ, এখন 24 খন আসনযুক্ত আৰক্ষীৰ বাছ, আৰু আৰক্ষীৰ কুইক ৰিয়েকচন টিম প্ৰেৰণ কৰাৰ কথা সদৰি কৰিছে কুল্লুৰ আৰক্ষী অধীক্ষক গৌৰৱ সিঙে ৷

এই উদ্ধাৰ অভিযান শনিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হৈ মাজনিশা পৰ্যন্ত অব্যাহত থাকে ৷ পৰ্যটক সকলক অটল সুৰংগৰ ধুন্ধী আৰু চাউথ পোৰ্টেলৰ পৰা উদ্ধাৰ কৰি মনালীত সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰা হয় ৷ বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাষ অনুসৰি আগন্তুক দিনসমূহতো সুৰংগটোৰ কাষত প্ৰৱল তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক-মানালিত প্ৰৱল তুষাৰপাতৰ ফলত আৱদ্ধ 500ৰো অধিক পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.