ETV Bharat / bharat

সীমান্ত সুৰক্ষাত আৰক্ষীৰ ভূমিকা গুৰুত্বপূৰ্ণ: Security Advisor Ajit Doval - doval

শুকুৰবাৰে হায়দৰাবাদস্থিত চৰ্দাৰ বল্লভ ভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী((SVPNPA)ত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে(Ajit Doval) । তেওঁ কয় যে, ভাৰতে স্বাধীনতাৰ ১০০ বছৰ অতিক্ৰম কৰাৰ দিশে আগবঢ়াৰ লগে লগে এক নতুন যুগৰ সূচনা কৰিব পৰা ভাৰত হিচাপে পৰিগণিত হ'ব । বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে ভাৰত জনাজাত হ'ব আৰু সমগ্ৰ বিশ্বৰ ভিতৰতে আগশাৰীৰ ৰাষ্ট্ৰ হ'ব হিচাপে পৰিগণিত হ'ব বুলিও তেওঁ মন্তব্য কৰে ।

Ajit Doval in Sardar Vallabhbhai Patel National Police Academy
চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীত অজিত ডোভাল
author img

By

Published : Nov 12, 2021, 5:46 PM IST

নেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ: পাকিস্তান, চীন, ম্যানমাৰ আৰু বাংলাদেশ সীমান্তক সামৰি থকা ১৫,০০০ কিলোমিটাৰতকৈও অধিক বিস্তৃত সীমান্তৰ সুৰক্ষাৰ ব্যৱস্থা কৰাত আৰক্ষীৰ ভূমিকা গুৰুত্বপূৰ্ণ । ভাৰতৰ এইবোৰ সীমান্ত নিৰাপত্তা সম্পৰ্কীয় সমস্যাৰে জৰ্জৰিত । শুকুৰবাৰে হায়দৰাবাদস্থিত চৰ্দাৰ বল্লভ ভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী(Sardar Vallabhbhai Patel National Police Academy)ত আইপিএছ প্ৰাৰ্থীসকলৰ ৭৩ সংখ্যক দলৰ পাছিং আউট পেৰেড সম্বোধন কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে(Ajit Doval) এই মন্তব্য কৰে । তেওঁ কয় যে, উপকূলীয় অঞ্চলৰ পৰা সীমান্ত অঞ্চললৈকে আৰক্ষী থানাৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত সকলো স্থানতে দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাটো আৰক্ষীৰ দায়িত্ব ।

ডোভালে লগতে কয় যে, ভাৰতৰ ৩২ লাখ বৰ্গ কিলোমিটাৰৰ প্ৰতিটো অংশত আইন-শৃংখলা বজাই ৰখাটো আৰক্ষী বাহিনীৰ দায়িত্ব । দেশৰ সীমান্ত ব্যৱস্থাপনাৰ বাবে দায়বদ্ধ হ'ব লাগিব বুলিও আইপিএছ(IPS) প্ৰাৰ্থীসকলক কয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা(Security Advisor)গৰাকীয়ে । তেওঁ কয় যে, ১৫,০০০ কিলোমিটাৰ জোৰা সীমান্তৰ বেছি অংশতে বিভিন্ন সমস্যা আছে । বিভিন্ন ধৰণৰ নিৰাপত্তা সম্পৰ্কীয় সমস্যা পোহৰলৈ আহিছে আৰু এনে সমস্যাবোৰৰ সৈতে আৰক্ষী আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনে মোকাবিলা কৰে ।

তেওঁ কয় যে, সীমাৰ সুৰক্ষাৰ সকলো ব্যৱস্থাপনা আৰক্ষী আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনে পৰিচালনা কৰি আছে । ডোভালৰ মতে, দেশত আৰক্ষী বাহিনীত নিয়োজিত জোৱানৰ সংখ্যা ২১ লাখ আৰু এতিয়ালৈকে ৩৫,৪৮০ জনে দেশৰ স্বাৰ্থত প্ৰাণ আহুতি দিছে ।

লগতে তেওঁ ৪০ গৰাকী শ্বহীদ আইপিএছ বিষয়াকো স্মৰণ কৰে । ডোভালে কয় যে, ভাৰতে স্বাধীনতাৰ ১০০ বছৰ অতিক্ৰম কৰাৰ দিশে আগবঢ়াৰ লগে লগে এক নতুন যুগৰ সূচনা কৰিব পৰা ভাৰত হিচাপে পৰিগণিত হ'ব । তেওঁ লগতে কয় যে, বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে ভাৰত জনাজাত হ'ব আৰু সমগ্ৰ বিশ্বৰ ভিতৰতে আগশাৰীৰ ৰাষ্ট্ৰ হ'ব হিচাপে পৰিগণিত হ'ব ।

গণতন্ত্ৰৰ সাৰমৰ্ম কেৱল বেলট বাকচত নাথাকে । এয়া থাকে আইনৰ নীতি-নিৰ্দেশনাত, যিবোৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত লোকে প্ৰস্তুত কৰে । আইনৰ শাসন বিফল হোৱা স্থানত কেতিয়া ৰাষ্ট্ৰ গঠন হ'ব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে ।

তেওঁ কয় যে, যদি আইন প্ৰৱৰ্তনকাৰী মানুহে দুৰ্বল আৰু দুৰ্নীতিগ্ৰস্ত হয়, তেন্তে মানুহে সুৰক্ষিত অনুভৱ কৰিব নোৱাৰে । ডোভালে কয় যে, আৰক্ষীয়ে আন সংগঠনসমূহৰ সৈতে লগ হৈ কাম কৰিব লাগিব আৰু দেশৰ বাবে সেৱা কৰিবলৈ আৰক্ষী মানসিকভাৱে সাজু হোৱা প্ৰয়োজন । তেওঁৰ মতে, যদি আভ্যন্তৰীণ নিৰাপত্তা বিফল হয়, কোনো দেশেই মহান হ'ব নোৱাৰে ।

লগতে পঢ়ক:উত্তৰ প্ৰদেশত পুনৰ দুজনৰ দেহত ধৰা পৰিছে জিকা ভাইৰাছ (Zika Virus)ৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.