নেশ্যনেল ডেস্ক, ২০ জুলাই : দেশৰ স্বাধীনতা দিৱসৰ (Independence day) পূৰ্বে চোৰাংচোৱা সংস্থাই দিল্লী আৰক্ষীক দিলে বিশেষ সতৰ্কবাণী । চোৰাংচোৱা সংস্থাই দিল্লী আৰক্ষীক সতৰ্ক কৰি দি কয় যে দিল্লীত সন্ত্ৰাসবাদীৰ (Militants) দ্বাৰা এক ডাঙৰ আক্ৰমণ হোৱাৰ সম্ভাৱনা আছে । বিশেষকৈ ৰাজধানী চহৰখনত বিমান আক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।
ইয়াৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ আৰক্ষী আয়ুক্ত বালাজী শ্ৰীবাস্তৱে ইতিমধ্যে ড্ৰোণকে (Drone) ধৰি সকলো উৰণ সামগ্ৰী নিষিদ্ধ কৰিছে । এই সতৰ্কবাণী অহাৰ পিছত দিল্লী আৰক্ষীৰ (Delhi police) সকলো জিলা ডিচিপিকে নিজ নিজ অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলৈ কোৱা হৈছে । সূত্ৰৰ মতে, দিল্লীত সন্ত্ৰাসবাদীয়ে কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে । আৰক্ষীক দিয়া এক সতৰ্কবাণীত কোৱা হৈছে যে যিহেতু ৫ আগষ্টত জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰা হৈছিল, সেয়ে সন্ত্ৰাসবাদীয়ে ৫ আগষ্টৰ আশে-পাশে ৰাজধানীত সন্ত্ৰাসবাদী আক্ৰমণ চলাব পাৰে বুলি সন্দেহ কৰা হৈছে ।
সন্ত্ৰাসবাদীয়ে এই উদ্দেশ্যে এটা শ্লীপাৰ চেল ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে । দিল্লী আৰক্ষীক বিশেষকৈ ১৫ আগষ্টলৈকে সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে । লগতে আৰক্ষীক দিল্লীৰ চুকে-কোণে, সকলোতে নজৰ ৰাখিবলৈ আহ্বান জনোৱা হৈছে ।
দিল্লীৰ আৰক্ষী আয়ুক্ত বালাজী শ্ৰীবাস্তৱে ইতিমধ্যে সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰতা গ্ৰহণ কৰিছে । যোৱা দেওবাৰে নিশা তেওঁ নিজেই নিৰাপত্তাৰ বুজ ল'বলৈ দিল্লীৰ বিভিন্ন প্ৰান্তলৈ গৈছে । তেওঁ দিল্লীৰ তিনিটা মুখ্য সীমাৰ উপৰিও লালকিল্লা আৰু সংসদ ভৱনৰ ওচৰত নিৰাপত্তা ব্যৱস্থাৰ বুজ লয় । আৰক্ষীয়ে দাবী কৰা মতে যে নিশা প্ৰায় ৩০,০০০ আৰক্ষী ৰাজপথত কৰ্তব্যৰত অৱস্থাত আছে ।
আৰক্ষী আয়ুক্ত বালাজী শ্ৰীবাস্তৱে জ্যেষ্ঠ বিষয়াসকলক বিশেষকৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হ'বলগীয়া লালকিল্লাৰ চাৰিওফালে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে । অৱশ্যে আৰক্ষী সূত্ৰই জনোৱা মতে দিল্লী আৰক্ষীয়ে বিভিন্ন সময়ত এনে সতৰ্কবাণী লাভ কৰে । ইতিমধ্যে দিল্লী আৰক্ষীয়ে স্বাধীনতা দিৱস আৰু বৰ্ষাকালীন অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ।
বিশেষকৈ হোটেল আৰু গেষ্ট হাউচবোৰত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । একে সময়তে ভাড়াতীয়াসকলৰ প্ৰমাণীকৰণ অভিযান ঠাই ভেদে চলাইছে আৰক্ষীয়ে । সন্দেহজনক যিকোনো বিষয় তাৎক্ষণিকভাৱে আৰক্ষীক জনোৱাৰ বাবে লোকসকলক আহ্বান জনাইছে আৰক্ষীয়ে ।
লগতে পঢ়ক : পেগাচাছৰ বিষয়ক লৈ উত্তেজিত বিৰোধী কংগ্ৰেছ