ETV Bharat / bharat

PNB Scam : মেহুল চৌক্সিৰ অন্যতম সহযোগী ধনেশ ছেঠক জামিন

author img

By

Published : Jul 13, 2021, 9:31 PM IST

দীৰ্ঘদিন ধৰি পলাতক হৈ থকা ব্যৱসায়ী মেহুল চৌক্সিৰ (Mehul Choksi) ঘনিষ্ঠ সহযোগী তথা তিনিটা প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক ধনেশ ব্ৰজলাল ছেঠক মুম্বাইৰ এক বিচাৰ আদালতে পিএনবি কেলেংকাৰী গোচৰত জামিন প্ৰদান কৰে । মেহুল চৌক্সি বৰ্তমান কেৰিবিয়ান ৰাষ্ট্ৰত অবৈধ প্ৰৱেশৰ অভিযোগত ডমিনিকান আৰক্ষীৰ জিম্মাত আছে যদিও চিকিৎসাৰ সংক্ৰান্তত সোমবাৰে ডমিনিকা উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে ।

PNB scam
মেহুল চক্সিৰ অন্যতম সহযোগী ধনেশ শ্বেথক জামিন

নেশ্যনেল ডেস্ক,১৩ জুলাই : পঞ্জাৱ নেচনেল বেংকৰ (PNB) বহু কোটি টকীয়া জালিয়াতি গোচৰৰ অন্যতম অভিযুক্ত তথা পলাতক ব্যৱসায়ী মেহুল চৌক্সিৰ (Mehul Choksi) ঘনিষ্ঠ সহযোগী তথা তিনিটা প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক ধনেশ ব্ৰজলাল ছেঠক (Dhanesh Vrajlal Sheth) মুম্বাইৰ এক বিচাৰ আদালতে জামিন প্ৰদান কৰে । ছেঠৰ অধিবক্তা বিজয় আগৰৱালাই সোমবাৰে গোচৰৰ শুনানিৰ সময়ত যুক্তি দিছিল যে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ' (CBI)য়ে ন্যায়াধীশৰ কান্ধত বন্দুক থৈ গুলী চালনাৰ চেষ্টা কৰিছে । তেওঁ লগতে কয় যে, এই ক্ষেত্ৰত চিবিআইৰ দ্বাৰা এখন পৰিপূৰক অভিযোগপত্ৰ দাখিল কৰা হৈছিল । তাৰ পিছতে আদালতৰ দ্বাৰা চমন জাৰি কৰা হৈছিল আৰু এই বছৰৰ ১৫ জুনত সম্পূৰ্ণ বিষয়টোৰ ওপৰত সোধা পোছা কৰা হৈছিল ।

আদালতত তেওঁ যুক্তি দি কয় যে, নক্ষত্ৰ ব্ৰেণ্ডছ লিমিটেডৰ পৰিচালন সঞ্চালক ছেঠক আদালতৰ দ্বাৰা চমন জাৰি কৰা হৈছিল আৰু চমন অনুসৰি তেওঁ হাজিৰো হৈছিল ৷ তাৰ পিছত আদালতত তেওঁ জামিনৰ আবেদন দাখিল কৰিছিল । আগৰৱালাই তীব্ৰ যুক্তি দি কয় যে, বৰ্তমানৰ গোচৰটোৰ তদন্ত সম্পূৰ্ণ হৈছে আৰু অভিযুক্তজনক গ্ৰেপ্তাৰ নকৰাকৈ এখন অভিযোগপত্ৰ দাখিল কৰা হৈছে । আনকি ইয়াত দেখুওৱা হৈছে যে ছেঠক জিম্মাত সোধা-পোছাৰ কোনো প্ৰয়োজনে নাই ।

আগৰৱালাই এই কথাটোও পোহৰলৈ আনিছিল যে ৩০৫ চিআৰপিচি ধাৰাৰ অধীনত আবেদন দাখিল নকৰালৈকে এটা কোম্পানীয়ে কোনো কাৰণতে প্ৰতিনিধিত্ব কৰিব নোৱাৰে । তেওঁ লগতে জোৰ দি কয় যে, অভিযুক্তসকলক গ্ৰেপ্তাৰ নকৰা তিনি বছৰ হ'ল । আগৰৱালাই কোৱা মতে ন্যায়াধীশে অভিযুক্তজনক এক লাখ টকাৰ জৰিমনা লৈ জামিন প্ৰদান কৰিছে ।

ইফালে গীতাঞ্জলি জেমছ লিমিটেডৰ সহকাৰী বিত্ত কাৰ্যবাহী নীতিন প্ৰেম শ্বাহি আৰু গীতাঞ্জলি জুৱেলছৰ এজিএম আনিয়ত শিৱৰমন নায়াৰকো নিষেধাজ্ঞা অবিহনে পিএনবিৰ পৰা এলঅ'ইউ জাৰী কৰাৰ বাবে মুখ্য অভিযুক্তৰ সৈতে সক্ৰিয়ভাৱে জড়িত থকাৰ অভিযোগ উত্থাপন কৰা হৈছিল । অৱশ্যে তেওঁলোকক ২০১৮ চনত জামিন প্ৰদান কৰা হৈছিল । ঘটনাৰ মূল খলনায়ক হিচাপে অভিযুক্ত মেহুল চৌক্সি বৰ্তমান কেৰিবিয়ান ৰাষ্ট্ৰত অবৈধ প্ৰৱেশৰ অভিযোগত ডমিনিকান আৰক্ষীৰ জিম্মাত আছে যদিও চিকিৎসাৰ সংক্ৰান্তত সোমবাৰে ডমিনিকা উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে ।

লগতে পঢ়ক : মণিপুৰত ১৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.