নেশ্যনেল ডেস্ক,৩০ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অযোধ্যাত নৱনিৰ্মিত ৰে'ল ষ্টেচন আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে । লগতে অযোধ্যাত কেইবাটাও অভিলাষী প্ৰকল্পৰো উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে । তাৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীয়ে অযোধ্যাত উজ্বলা আঁচনিৰ এগৰাকী হিতাধিকাৰীৰ ঘৰলৈ যায় । পৰিয়ালটোৰ সৈতে তেওঁ চাহৰো জুতি লয় ।
উল্লেখ্য যে ২০১৬ চনৰ ১ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলক ৫০ নিযুত এলপিজি সংযোগ প্ৰদানৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ আৰম্ভ কৰিছিল । সেই আঁচনিৰ এগৰাকী হিতাধিকাৰী মীৰা মাঁঝিৰ ঘৰত শনিবাৰে উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী । আঁচনিখনৰ প্ৰায় ১০ কোটি হিতাধিকাৰীৰ অংশ মহিলাগৰাকী প্ৰধানমন্ত্ৰীৰ আগমন যথেষ্ট উৎফুল্লিত হৈ পৰে । মীৰা মাঁঝি তেওঁৰ স্বামী সুৰজ মাঁঝি, শহুৰেক ধনীৰাম মাঁঝি আৰু শাহুয়েকৰ সৈতে ৰামনগৰীৰ দলিত কলনীত বাস কৰে ।
-
PM @narendramodi visited the residence of 10 croreth beneficiary of Ujjwala Yojana #MeeraMajhi and had tea at her residence on his #Ayodhya visit today.#PMModiinAyodhya @PMOIndia @PetroleumMin @HardeepSPuri @CMOfficeUP @myogiadityanath @myogioffice @ianuragthakur @Murugan_MoS… pic.twitter.com/mA6ityiOb9
— Ministry of Information and Broadcasting (@MIB_India) December 30, 2023 " class="align-text-top noRightClick twitterSection" data="
">PM @narendramodi visited the residence of 10 croreth beneficiary of Ujjwala Yojana #MeeraMajhi and had tea at her residence on his #Ayodhya visit today.#PMModiinAyodhya @PMOIndia @PetroleumMin @HardeepSPuri @CMOfficeUP @myogiadityanath @myogioffice @ianuragthakur @Murugan_MoS… pic.twitter.com/mA6ityiOb9
— Ministry of Information and Broadcasting (@MIB_India) December 30, 2023PM @narendramodi visited the residence of 10 croreth beneficiary of Ujjwala Yojana #MeeraMajhi and had tea at her residence on his #Ayodhya visit today.#PMModiinAyodhya @PMOIndia @PetroleumMin @HardeepSPuri @CMOfficeUP @myogiadityanath @myogioffice @ianuragthakur @Murugan_MoS… pic.twitter.com/mA6ityiOb9
— Ministry of Information and Broadcasting (@MIB_India) December 30, 2023
লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত তেওঁৰ ঘৰলৈ যোৱা কাৰ্যসূচীত অন্তৰ্ভুক্ত নাছিল । অৱশ্যে, প্ৰধানমন্ত্ৰীগৰাকী কলনিত উপস্থিত হোৱাৰ লগে লগে মাঁঝি সম্প্ৰদায়ৰ বহু লোকে ফুলৰ মালাৰে তেওঁক আদৰণি জনায় । প্ৰধানমন্ত্ৰীয়ে আৱাসীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও কণ কণ শিশুসকলৰ সৈতেও মত বিনিময় কৰে ।
উল্লেখ্য যে উক্ত এলেকাটোত মাঁঝি আৰু নিশাদ সম্প্ৰদায়ৰ আধিপত্য আছে । যিসকলৰ বেছিভাগে সৰজু নদীত মাছ ধৰা আৰু নাও চলাই পৰিয়াল পোহপাল দি আছে । ইফালে মাঁঝিৰ পৰিয়ালে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ ঘৰলৈ অহা দেখি আচৰিত হৈ পৰে আৰু তেওঁক ঘৰত সকলো ধৰণৰ আপ্যায়নৰ ব্যৱস্থা কৰে । প্ৰধানমন্ত্ৰীয়ে মীৰাৰ শাহুয়েকক মাতা জী বুলি সম্বোধন কৰিছিল আৰু স্বাস্থ্যৰো বুজ লৈছিল । যিটোৱে তেওঁক আৰু তেওঁৰ পৰিয়ালটোক আনন্দিত কৰি তুলিছিল ।
তাৰ মাজতে দুগৰাকী শিক্ষাৰ্থী আগবাঢ়ি আহি প্ৰধানমন্ত্ৰীক ৰাম মন্দিৰৰ এখন চিত্ৰও দেখুৱাইছিল । তেওঁলোকৰ চিত্ৰশিল্পত মুগ্ধ হৈ প্ৰধানমন্ত্ৰীয়ে তাত স্বাক্ষৰ কৰে আৰু তেওঁলোকক প্ৰশংসা কৰে ।
লগতে পঢ়ক :অযোধ্যা ৰে’লৱে ষ্টেচন আৰু বিমান বন্দৰ জনতাৰ নামত উৎসৰ্গিত প্ৰধানমন্ত্ৰীৰ