ETV Bharat / bharat

অহা ২৮ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব চালকবিহীন ডিএমআৰচি মেট্ৰ'

author img

By

Published : Dec 26, 2020, 9:30 PM IST

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ ডিচেম্বৰত উদ্বোধন কৰিব ভাৰতৰ সৰ্বপ্ৰথম চালকবিহীন ডিএমআৰচি মেট্ৰ'ৰ মেজেণ্টা লাইন । ভিডিঅ' কনফাৰেন্সযোগে দিনৰ ১১ বজাত চালকবিহীন ডিএমআৰচি মেট্ৰ' উদ্বোধন কৰিব মোদীয়ে । প্ৰধানমন্ত্ৰীগৰাকীয়ে একেটা দিনতে বিমানবন্দৰ একপ্ৰেছ লাইনত নেশ্যনেল কমন ম'বিলিটি কাৰ্ড চাৰ্ভিছো উদ্বোধন কৰিব ।

অহা ২৮ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব চালকবিহীন ডিএমআৰচি মেট্ৰ'
অহা ২৮ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব চালকবিহীন ডিএমআৰচি মেট্ৰ'

নেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ: ভিডিঅ' কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ভাৰতৰ সৰ্বপ্ৰথম চালকবিহীন ডিএমআৰচি মেট্ৰ'ৰ মেজেণ্টা লাইন । অহা ২৮ ডিচেম্বৰত দিনৰ ১১ বজাত উদ্বোধনী অনুষ্ঠাত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে । দিল্লীৰ পশ্চিম জনকপুৰীৰ পৰা ব'টানিকেল গাৰ্ডেনলৈকে থকা মেজেণ্টা লাইন উদ্বোধন কৰিব ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে একেটা দিনতে বিমানবন্দৰ একপ্ৰেছ লাইনত নেশ্যনেল কমন ম'বিলিটি কাৰ্ড চাৰ্ভিছো উদ্বোধন কৰিব । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে, নেশ্যনেল কমন ম'বিলিটি কাৰ্ডে যিকোনো লোককে দেশৰ যিকোনো প্ৰান্তৰ বেংকৰ পৰা লাভ কৰা ডেবিট কাৰ্ড ব্যৱহাৰ কৰি বিমানবন্দৰ এক্সপ্ৰেছ লাইনত যাত্ৰা কৰাৰ সুবিধা আগবঢ়াৱ ।

২০২২ চনৰ পৰা সমগ্ৰ দিল্লীৰ মেট্ৰ' নেটৱৰ্কত এই ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব । ভ্ৰমণৰ সুবিধাৰ দিশত এই ব্যৱস্থাই এক নতুন অধ্যায়ৰ সূচনা কৰাৰ সম্ভাৱনা আছে । মেজেণ্টা লাইনৰ পিছত দিল্লী মেট্ৰ'ৰ পিংক লাইনো চালকবিহীন ডিএমআৰচি মেট্ৰ'ৰ অধীনলৈ অনাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:অসমত উদ্ধাৰ কোটি টকাৰ ক'লা ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.