ETV Bharat / bharat

দেশৰ অক্সিজেন নাটনিক লৈ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বিশেষ বৈঠক - অক্সিজেন চিলিণ্ডাৰ

অক্সিজেনৰ নাটনিয়ে যাতে পুনৰ বাৰ দেশত উদ্বেগৰ সৃষ্টি নকৰে তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) এক উচ্চ স্তৰৰ বৈঠকৰ আয়োজন কৰিছে । জানিব পৰা মতে শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠক । এই বৈঠকত অক্সিজেন উৎপাদন আৰু যোগান সন্দৰ্ভত আলোচনা হ'ব বুলি সূত্ৰই জনাইছে ।

oxygen across country
দেশৰ অক্সিজেন নাটনিকলৈ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বিশেষ বৈঠক
author img

By

Published : Jul 9, 2021, 2:06 PM IST

নেশ্যনেল ডেস্ক, ৯ জুলাই : ক'ভিডৰ দ্বিতীয় ঢৌত (Second wave) বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছে ভাৰত । বিশেষকৈ এপ্ৰিল-মে' মাহত ক'ভিডে (Covid) ভয়ংকৰ ৰূপ লৈছিল ভাৰতৰ বিভিন্ন ৰাজ্যত । এই দ্বিতীয় ঢৌত চিকিৎসা সেৱাত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছিল । বিভিন্ন ধৰণৰ চিকিৎসা সামগ্ৰীৰ নাটনি সমগ্ৰ ভাৰতৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছিল ।

ইয়াৰ ভিতৰত বিশেষকৈ অক্সিজনেৰ নাটনি (Oxygen) আছিল অন্যতম । বহু ৰাজ্যক অক্সিজেনৰ নাটনিৰ ফলত কি ধৰণৰ পৰিৱেশৰ সৃষ্টি সেয়া সকলোৰে জ্ঞাত । বহু লোকে অক্সিজেন নাপাই হাহাকাৰ কৰিবলগীয়া হৈছিল । একোটা অক্সিজেন চিলিণ্ডাৰৰ বাবে বহু ঠাইত তীব্ৰ সংকটে দেখা দিছিল ।

আনকি দুগুণ তিনিগুণ দামত বহুতে ক্ৰয় কৰিবলগীয়া হৈছিল অক্সিজেন চিলিণ্ডাৰ । আনকি চৰকাৰে সকলো ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিলেও অক্সিজেন নাটনিৰ সমস্যা দূৰ কৰাত বিফল হৈছিল ।

তেনে সময়ত আনকি বিদেশৰ পৰা ৰপ্তানি কৰা হৈছিল অক্সিজেন । সংকটৰ সময়ত বিশ্বৰ বহু দেশে ভাৰতৰ সৈতে থিয় দিছিল আৰু বিশেষকৈ চিকিৎসা সামগ্ৰীৰ লগতে ভাৰতলৈ অক্সিজেন যোগান ধৰিছিল । ভাৰত চৰকাৰেও বিভিন্ন ৰাজ্যত ততাতৈয়াকৈ অক্সিজেন প্ৰকল্পৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । ক্ৰমান্বয়ে এই সমস্যাৰ পৰা ভাৰতে কিছু সকাহ পাবলৈ ধৰিলে । এতিয়া সমগ্ৰ দেশতে এই ক্ষেত্ৰত সুস্থিৰ অৱস্থাই বিৰাজ কৰিছে ।

কিন্তু এতিয়াও এই সমস্যা সম্পূৰ্ণ সমাধান হোৱা নাই । যাৰ বাবে শংকিত হৈ আছে কেন্দ্ৰীয় চৰকাৰ । ইফালে কৰ'ণাৰ তৃতীয় ঢৌ অহাৰ ইংগিত দিছে বিশেষজ্ঞসকলে ।

যাৰ বাবে অধিক তৎপৰ হৈছে ভাৰত চৰকাৰ । বিশেষ অক্সিজেনৰ নাটনিয়ে যাতে পুনৰ বাৰ দেশত উদ্বেগৰ সৃষ্টি নকৰে তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) এক উচ্চ স্তৰৰ বৈঠকৰ আয়োজন কৰিছে । জানিব পৰা মতে শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠক । এই বৈঠকত অক্সিজেন উৎপাদন আৰু যোগান সন্দৰ্ভত আলোচনা হ'ব বুলি সূত্ৰই জনাইছে ।

লগতে পঢ়ক :খাদ্যৰ অভাৱত সমগ্ৰ বিশ্বত প্ৰতি ১ মিনিটত ১১ জন লোকে প্ৰাণ হেৰুৱায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.