ETV Bharat / bharat

বুধবাৰে মোডী মন্ত্ৰীসভাৰ বিশেষ কেবিনেট বৈঠক

author img

By

Published : Jun 29, 2021, 2:13 PM IST

বুধবাৰে মোডী মন্ত্ৰীসভাৰ বিশেষ কেবিনেট বৈঠক ৷ এই বিশেষ বৈঠক খনে ৰাজজৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে ৷ কিয়নো ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা হৈছে প্ৰধানমন্ত্ৰীয়ে নিজৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ কথা ৷

বুধবাৰে মোডী মন্ত্ৰীসভাৰ বিশেষ কেবিনেট বৈঠক
বুধবাৰে মোডী মন্ত্ৰীসভাৰ বিশেষ কেবিনেট বৈঠক

নেছনেল ডেস্ক, 29 জুন: বুধবাৰে দেশৰ প্ৰধান মন্ত্ৰীয়ে (PM meeting) কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ (Union council of ministers) অৰ্থাৎ কেবিনেটৰ এখন বিশেষ বৈঠকত সভাপতিত্ব কৰিব ৷ বিশেষ বৈঠক খনত সম্প্ৰতি দেশত মহামাৰী ক’ৰণা (Corona)ই সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতি সৰ্ম্পকে আলোচনাত মিলিত হ’ব ৷ একেদৰে কেইটামান চৰকাৰী বিভাগৰ, মন্ত্ৰীৰ কাৰ্যকলাপৰ বিষয়েও পৰ্যালোচনা চলাব বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

অতিকে গুৰুত্বপূৰ্ণ বৈঠকখন আজি অৰ্থাৎ বুধবাৰে বিয়লি ভাগলৈ অনুষ্ঠিত হ’ব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে ৷ বিশেষকৈ বৈঠকখনত পথ আৰু পৰিবহণ মন্ত্ৰালয় (Ministry of raod and tarnsport) আৰু অসামৰিক বিমান পৰিবহন (Ministry of Civil Aviation) আৰু টেলিকম মন্ত্ৰালয়ে (Ministry of Telecom) কৰা কামৰ পৰ্যালোচনা বৈঠকত কৰা হ'ব পাৰে সূত্ৰটোৱে সদৰি কৰিছে ৷

উল্লেখযোগ্য যে, এই বৈঠকখনত শেহতীয়াকৈ দেশত ভয়াৱহ ৰূপ লোৱা ক’ভিড-19 (Covid 19)ৰ পৰিস্থিতিৰ সৰ্ন্দভত কেতবোৰ গুৰুত্বপূৰ্ণ সিধান্ত গ্ৰহণ কৰা সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷

ইয়াৰ পূৰ্বে প্ৰধান মন্ত্ৰীয়ে নিজ নিজ মন্ত্ৰালয়ৰ বা বিভাগ সমূহৰ খাতিয়ান আৰু মন্ত্ৰী সকলৰ পাৰদৰ্শিতা সৰ্ম্পকে বিভিন্ন ভাগত কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰী সকলৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিতি হৈছিল ৷ জানিবপৰা মতে, এই বিশেষ বৈঠক খন পূৰ্বে প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হৈছিল ৷ অনুষ্ঠিত হোৱা বেছি ভাগ সভাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা উপস্থিত আছিল ৷

তাৎপৰ্যপূৰ্ণ যে, এই বিশেষ বৈঠক খনে ৰাজজৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে ৷ কিয়নো ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা হৈছে প্ৰধান মন্ত্ৰীয়ে নিজৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ কথা ৷ তাৰ মাজেত চৰ্চা লাভ কৰিছে কেইবাজনো অদক্ষ মন্ত্ৰী বা পাৰদৰ্শিতা দেখোৱাব নোৱাৰা মন্ত্ৰীৰ পাখি কটা যাব বুলি ৷ একেদৰে কেইবাজনো নতুনকৈ ৰাজনৈতিক নেতাই কেবিনেট বা মোডীৰ মন্ত্ৰী সভাত স্থান পোৱাৰ সম্ভাৱনা আছে ৷ যাক লৈ ইতিপূৰ্ৱে কেইবাখনো বিশেষ বৈঠক অনুষ্ঠিত হৈছে বিজেপিৰ শীৰ্ষ নেতা সকলৰ মাজত ৷

এই মন্ত্ৰী সভাতে অসমৰ পৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পূৰ্ৱৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbanada Sonowal) পুনৰ স্থান পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ কিয়নো অসমত দ্বিতীয় বাৰলৈ ক্ষমতালৈ অহা বিজেপি চৰকাত তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে ড৹ হিমন্ত বিশ্ব শৰ্মাক দায়িত্বভাৰ অৰ্পণ কৰিছিল ৷

একে দৰে উত্তৰ প্ৰদেশৰ পৰা কেইবাজনো নেতাই মন্ত্ৰী সভাত স্থান পোৱাৰ সম্ভাৱনা আছে কিয়নো 2022 চনত উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ উত্তৰ প্ৰদেশৰ বিধানসভাক লক্ষ্য কৰিয়েই মোডী মন্ত্ৰী সভাত কেইবাজনো নেতাই স্থান পাৱ বুলি ৰাজনৈতি মহলত বিশেষ চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ অনুদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.