নেচনেল ডেস্ক, ৩ জুলাই : দুদিনীয়া কাৰ্যসূচীৰে হায়দৰাবাদৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা (BJP National Executive meeting)। এই সভাত উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Modi National Executive meeting Hyderabad ) কয়, বিজেপিয়ে তেলেংগানাৰ সৰ্বাংগীন উন্নয়ন বিচাৰে । লগতে বিজেপিৰ মূলমন্ত্ৰ 'সবকা সাথ সবকা বিকাশ' (Sabka Saath Sabka Vikas) এই মূলমন্ত্ৰটো তেলেংগানা ৰাজ্যত কাৰ্যকৰী কৰিব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
তাৰোপৰি, 2019 চনত হায়দৰাবাদৰ নিৰ্বাচনত বিজেপিয়ে অভাৱনীয় সফলতা লাভ কৰাৰ বাবে সকলোকে ধন্যবাদ জনায় (Narendra Modi thanks Telangana people for BJP Greater Hyderabad election results 2019) ৷ আগন্তুক সময়তো বিজেপিয়ে জয়ৰ মুখ দেখিব বুলি মন্তব্য কৰি তেলেংগনাত বিজেপি চৰকাৰ হ’লে তেলেগু ভাষাত শিক্ষাৰ্থীসকলে প্ৰযুক্তি আৰু বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ লগতে বিগত কেইবাবছৰো বন্ধ হৈ থকা ৰামানাগুণ্ডেম সাৰ কাৰখানাটোৰ কাম শীৰ্ঘ্ৰই আৰম্ভ হ’ব বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।
তেলেংগানাত সাতখন মেগা বস্ত্ৰ উদ্যানৰ ভিতৰত এখন উদ্যান স্থাপন কৰি হাজাৰ হাজাৰ যুৱক-যুৱতীক জীৱিকা প্ৰদান কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ইয়াৰ লগতে বিজেপি চৰকাৰ শাসনত আহিলে হায়দৰাবাদ নামটো ‘ভাগ্যনগৰ’ লৈ সলনি কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
তাৰোপৰি, চৰ্দাৰ বল্লভভাই পেটেলে অঞ্চলটোক কেন্দ্ৰীয় সংঘত একত্ৰিত কৰি “এক ভাৰত” (সংযুক্ত ভাৰত)ৰ ভেটি স্থাপন কৰিছিল আৰু ‘শ্ৰেষ্ঠ ভাৰত’ গঢ়ি তোলাটো বিজেপিৰ ঐতিহাসিক বাধ্যবাধকতা বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । আনহাতে কাৰো নাম নোলোৱাকৈয়ে মোদীয়ে ভাৰতত দীৰ্ঘদিন ধৰি শাসন কৰা দলসমূহৰ এতিয়া টাৰ্মিনেল অৱনতি ঘটিছে বুলিও উল্লেখ্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
বিজেপিৰ গণতান্ত্ৰিক প্ৰমাণপত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰা বিৰোধী দলসমূহকো প্ৰত্যুত্তৰ দি তেওঁলোকৰ সংগঠনৰ ভিতৰত গণতন্ত্ৰৰ মৰ্যাদা কি বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে ৷ লগতে মোদীয়ে বিজেপি কৰ্মীসকলক ‘স্নেহ যাত্ৰা’ গ্ৰহণ কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কাষ চাপিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক: 2024 চনৰ ভিতৰত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সকলো সমস্যা সমাধান হ’ব : গৃহমন্ত্ৰী অমিত শ্বাহ