ETV Bharat / bharat

Gujarat ne to kamaal hi kardiya: নৰেন্দ্ৰই কঠোৰ পৰিশ্ৰম কৰিছিল যাতে ভূপেন্দ্ৰই অভিলেখ ভংগ কৰিব পাৰে; মোদী - গুজৰাট বিধানসভা নিৰ্বাচন

"বিজেপি গুজৰাটৰ প্ৰতিটো ঘৰ-পৰিয়ালৰ অংশ ৷ মই প্ৰতিশ্ৰুতি দিছিলোঁ যে, ভূপেন্দ্ৰই যাতে নৰেন্দ্ৰৰ অভিলেখ ভংগ কৰিব পাৰে তাৰ বাবে নৰেন্দ্ৰই নিজে কঠোৰ পৰিশ্ৰম কৰিব । ভূপেন্দ্ৰই সঁচাকৈয়ে অভিলেখ ভংগ কৰিছে ।" গুজৰাটত বিশাল বিজয়ৰ পাচত প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয় (PM Narendra Modi address from party headquarters)।

BJP victory in Gujarat poll
BJP victory in Gujarat poll
author img

By

Published : Dec 9, 2022, 8:27 AM IST

নিউজ ডেস্ক, 9 নৱেম্বৰ: ‘‘দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু বাকী পাঁচ ৰাজ্যৰ উপনিৰ্বাচনত বিপুল জনাদেশে বিজেপিৰ লক্ষ্য আৰু অংগীকাৰৰ প্ৰতি জনতাৰ সঁহাৰিক প্ৰতিফলিত কৰিছে ৷ এই মন্তব্য আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (BJP victory in Gujarat poll) ৷

দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাট বিধানসভা নিৰ্বাচনত দলটোৰ ঈৰ্শনীয় জয়ৰ বাবে ভোটাৰ ৰাইজক ধন্যবাদ জনায় ৷ তেওঁ কয় যে, যোৱা 27 বছৰে শাসনত অধিষ্ঠিত হৈ থকা দলটোৰ ওপৰত জনসাধাৰণে যি প্ৰীতি প্ৰদৰ্শন কৰিলে, সেই প্ৰীতিয়ে গুজৰাটত সকলো অভিলেখ ভংগ কৰি এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল (Gujarat assembly polls) ৷

দলীয় কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, বিজেপিৰ প্ৰতি দিয়া সমৰ্থনে বংশ শাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে মানুহৰ ক্ষোভ বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰিছে । তেওঁ কয় যে, অতি সোনকালে সকলো সুবিধা দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীলৈ লৈ যোৱাৰ বাবে ৰাইজে বিজেপিক ভোট দিছে (Gujarat assembly poll result) ।

ফল্টলাইনমসূহৰ উত্থান ঘটাই নহয়, সেইবোৰ নোহোৱাৰ কৰিহে ভাৰতৰ ভৱিষ্যৎ উজ্জল কৰিব পাৰি বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ গুজৰাটত বিজেপিয়ে 182 খন আসনৰ ভিতৰত 156 খনতে জয়লাভ কৰিলেও অৱশ্যে হিমাচলত 68 খন আসনৰ ভিতৰত 25 খনহে লাভ কৰে দলটোৱে ৷

গুজৰাট নিৰ্বাচনত দলটোৰ ঐতিহাসিক বিজয়ৰ কাৰণ প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বাসযোগ্যতা আৰু নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা বুলি উল্লেখ কৰিছে বিজেপিয়ে । ৰাজ্যৰ যিকোনো বিধানসভা নিৰ্বাচনতকৈ অধিক আসন লাভ কৰি দলটোৱে ক্ৰমাগত সপ্তমবাৰৰ বাবে ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ গুজৰাটত ঐতিহাসিক বিজয় সাব্যস্ত কৰে (Gujarat election result 2022) ।

"গুজৰাট নে তো কামাল হি কৰ দিয়া (গুজৰাটে আশ্চৰ্যৰ কাম কৰিছে), ই ইতিহাস ৰচনা কৰিছে কিয়নো ২৭ বছৰ ক্ষমতাত থকাৰ পিছতো ৰাইজে বিজেপিৰ প্ৰতি ইমান মৰম দেখুৱাইছে আৰু ব্যাপক ভোটদান কৰিছে ।" বুলি প্ৰধানমন্ত্ৰীয়ে কয় ৷

বিজেপি গুজৰাটৰ প্ৰতিটো ঘৰ-পৰিয়ালৰ অংশ ৷ গুজৰাটৰ ৰাইজক মই কৈছিলোঁ যে, এইবাৰ নৰেন্দ্ৰৰ অভিলেখ ভংগ কৰিব লাগে । মই প্ৰতিশ্ৰুতি দিছিলো যে, নৰেন্দ্ৰই কঠোৰ পৰিশ্ৰম কৰিব যাতে ভূপেন্দ্ৰই নৰেন্দ্ৰৰ অভিলেখ ভংগ কৰিব পাৰে । গুজৰাটৰ ইতিহাসত বিজেপিক সৰ্ববৃহৎ জনাদেশ দি গুজৰাটে সকলো অভিলেখ ভংগ কৰিছে ৷’’ কৰ্মীসকলক সম্বোধন কৰি মোদীয়ে এইদৰে কয় (Narendra Modi record break) ।

ইয়াৰ লগতে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, "মই জনাত যিকোনো ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন নাছিল । "হিমাচলৰ ভোটাৰসকলকো ধন্যবাদ জনাইছোঁ । বিজেপি আৰু কংগ্ৰেছৰ ভোটৰ সংখ্যাৰ পাৰ্থক্য আছিল ১% তকৈও কম ৷ হিমাচলৰ প্ৰতিটো বিষয় সম্পূৰ্ণ শক্তিৰে উত্থাপন কৰা হ’ব আৰু ইয়াৰ দ্বাৰা কেন্দ্ৰই যাতে সম্ভৱপৰ সকলো প্ৰকাৰে হিমাচলক সমৰ্থন কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব’’।

গুজৰাটৰ জনসাধাৰণে অভিলেখ ভংগ কৰাৰ বিপৰীতে হিমাচল প্ৰদেশত বিজেপি কংগ্ৰেছৰ পৰা এক শতাংশতকৈও কম ভোটত পিছ পৰি থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিহাৰত কুৰহানী উপনিৰ্বাচনত সংযুক্ত মিত্ৰশক্তি আৰজেডি-জেডি(ইউ)-কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ জয়ে ভৱিষ্যতে ৰাজ্যখনলৈ আহিবলগীয়া সময়ৰ ইংগিত প্ৰদান কৰিছে (Himachal Pradesh poll results)।

আম আদমী পাৰ্টিৰ ওপৰত এক আপাতঃ আক্ৰমণ কৰি মোদীয়ে "আমদানি আথনি খৰচা ৰূপাইয়া" হিন্দী প্ৰবচন ফাঁকি উল্লেখ কৰে ৷ তেওঁ কয় যে, মানুহে উপলব্ধি কৰিছে যে হ্ৰস্বম্যাদী ৰাজনীতিয়ে দেশৰ ডাঙৰ ক্ষতি কৰিব । এনে নীতি মানি চলিলে কি পৰিস্থিতি হ’ব সেয়া আমাৰ চুবুৰীয়া অঞ্চলত দেখা যায় বুলি শ্ৰীলংকা, পাকিস্তানৰ দৰে দেশৰ আৰ্থিক অসুবিধাৰ কথা উল্লেখ কৰে ৷

তেওঁ কয় যে, ৰাষ্ট্ৰীয় ৰাজধানীত বিজেপি পৰিচালিত পৌৰ নিগমক বিফল কৰাৰ চেষ্টা চলোৱা হৈছিল আৰু এই প্ৰক্ৰিয়াত মানুহক প্ৰতাৰণা কৰা হৈছিল ৷ বিজেপি দলৰ প্ৰতি থকা এক অভিযোগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, দিল্লীৰ আপ চৰকাৰক দিব খোজা শ শ কোটি টকাৰ পুঁজি আপে অস্বীকাৰ কৰিছিল । দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ ১৫ বছৰীয়া শাসনৰ অন্ত পেলোৱাৰ লগতে গুজৰাটতো প্ৰায় ১৩ শতাংশ ভোট লাভ কৰিছে আপে (Congress won to BJP in Himachal)।

ক’ভিড মহামাৰীৰ সময়ত অনুষ্ঠিত হোৱা নিৰ্বাচনতো বিজেপি দল জয়ী হোৱাৰ কথা উল্লেখ কৰি, সংকটৰ সময়তো ভোটাৰে বিজেপিক সমৰ্থন কৰা বুলি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় ৷ ‘‘মানুহৰ মনত কোনো সন্দেহ নাই যে, দেশখন যদি সমৃদ্ধিশালী হয় তেন্তে সকলোৰে সমৃদ্ধি নিশ্চিত ।’’ বুলি উল্লেখ কৰি বিজেপিয়ে উন্নত ভাৰতৰ দৃষ্টিভংগীৰে তেওঁলোকৰ আকাংক্ষা পূৰণৰ কাম কৰি আছে বুলি তেওঁ দোহাৰে ।

বিজেপিৰ সমালোচকক কটাক্ষ কৰি তেওঁ কয় যে, দেশত নিজকে নিৰপেক্ষ বুলি কোৱা লোকৰ “খেল” জনাটো প্ৰয়োজন । হিমাচল আৰু উত্তৰাখণ্ডত জমা ধন হেৰুৱাই পেলোৱাসকলৰ ওপৰত কোনো আলোচনা হোৱা নাই বুলিও কয় মোদীয়ে ।

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে প্ৰায় দুই লাখ ভোটৰ ব্যৱধানত নিজৰ সমষ্টিত জয়লাভ কৰিছে ৷ এয়া লোকসভা নিৰ্বাচনতো এক আকৰ্ষণীয় ব্যৱধান বুলি উল্লেখ কৰি তেওঁ সমালোচনাত্মকভাৱে কয় যে "ঠিকাদাৰ" সকলৰ আনৰ মূল্যায়নৰ গণিত বেলেগ বেলেগ আৰু বিজেপিয়ে এই "জুলম"ৰ (অত্যাচাৰ) সন্মুখেৰেই আগবাঢ়িব লাগিব ।

প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁ এই সকলোবোৰ দেখিছে কাৰণ তেওঁৰ প্ৰতিটো পদক্ষেপ ২০০২ চনৰ পিছত অন্য ধৰণৰ আছিল ৷ ইয়াৰ দ্বাৰা তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ৰাজ্যখনত হোৱা সাম্প্ৰদায়িক হিংসাৰ কথাকেই যেন উল্লেখ কৰিলে মোদীয়ে ৷ কিন্তু তেওঁ সকলো সময়তে সজাগ হৈ আৰু ইতিবাচক পৰিৱৰ্তন কৰি ইয়াৰ পৰা লাভৱান হৈছিল নিজেই । যিসকলক সকলো সময়তে প্ৰশংসা কৰা হয় তেওঁলোকৰ নিজকে শুধৰণি কৰাৰ সুযোগ কম বুলিও তেওঁ লগতে কয় ।

ইয়াৰ পূৰ্বে এই উপলক্ষে ভাষণ দি দলৰ সভাপতি জে পি নাড্ডাই কয়, "আমি আমাৰ দলৰ কৰ্মী আৰু গুজৰাটৰ লগতে হিমাচল প্ৰদেশৰ ভোটাৰক ধন্যবাদ জনাইছোঁ । স্বাধীন ভাৰতৰ গুজৰাটত বিজেপিৰ বাবে এয়া এক ঐতিহাসিক জয়, যিটো প্ৰধানমন্ত্ৰীয়ে সম্ভৱ কৰি তুলিছে । বিকাশবাদ, অৰ্থাৎ প্ৰধানমন্ত্ৰী মোদীয়ে এই দেশত যি উন্নয়নৰ বীজ ৰোপণ কৰিছিল, সেই ফল গুজৰাটৰ এই বৃহৎ জয়ত প্ৰতিফলিত হৈছে" ৷

বিজেপিৰ সভাপতিগৰাকীয়ে কংগ্ৰেছকো হিমাচলত জয়ী হোৱাৰ বাবে অভিনন্দন জনায় যদিও ভোটৰ সংখ্যাত গেৰুৱা দলটোৱে মাত্ৰ ০.৯০% ব্যৱধানত পৰাস্ত হোৱা বুলি কয় । ‘‘হিমাচলত আমি চৰকাৰ বনাব নোৱাৰো সঁচা, কিন্তু এই ৰাজ্যৰ ৰাজনৈতিক বুৰঞ্জীতো আমি ধাৰা সলনি কৰিছো’’ বুলি নাড্ডাই কয় ৷

লগতে পঢ়ক: Gujarat poll results: গুজৰাটত ১২ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ভূপেন্দ্ৰ পেটেলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.