ETV Bharat / bharat

জনৌষধি কেন্দ্ৰৰ পৰা ঔষধ ক্ৰয়ৰ আহ্বান প্ৰধানমন্ত্ৰীৰ - Janaushadhi Kendras

'জনৌষধি সপ্তাহ'ৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে জনৌষধি কেন্দ্ৰৰ পৰা সুলভ মূল্যত ঔষধ ক্ৰয় কৰিবলৈ জন সাধাৰণক আহ্বান জনায় । দৰিদ্ৰ শ্ৰেণীৰ লোকৰ সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি আঁচনি ৰূপায়ণ কৰিছিল ।এই আঁচনিৰ অধীনত ইতিমধ্যে দেশত ৭৫০০ খন জনৌষধি কেন্দ্ৰ স্থাপন কৰা হৈছে । য'ত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলে আন বজাৰতকৈ ৫০ ৰ পৰা ৯০ শতাংশ পৰ্যন্ত কম মূল্যত ঔষধ ক্ৰয় কৰিবলৈ সক্ষম হৈছে ।

জনৌষধি কেন্দ্ৰৰ পৰা ঔষধ ক্ৰয়ৰ বাবে জনসাধাৰণক আহ্বান প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Mar 7, 2021, 1:09 PM IST

নিউজ ডেস্ক,৭ মাৰ্চ: দৰিদ্ৰ শ্ৰেণীৰ লোকৰ সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি আঁচনি ৰূপায়ণ কৰিছিল । এই আঁচনিৰ অধীনত ইতিমধ্যে দেশত ৭৫০০ খন জনৌষধি কেন্দ্ৰ স্থাপন কৰা হৈছে । য'ত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলে আন বজাৰতকৈ ৫০ৰ পৰা ৯০ শতাংশ পৰ্যন্ত কম মূল্যত ঔষধ ক্ৰয় কৰিবলৈ সক্ষম হৈছে । দেশৰ সকলো জিলাই এই আঁচনিৰ ভিতৰত অন্তৰ্ভূক্ত কৰা হৈছে । তথ্য অনুসৰি জনৌষধি কেন্দ্ৰ সমূহৰ ফলত ২০২০-২১ বিত্তীয় বৰ্ষত সাধাৰণ নাগৰিকে ৩,৬০০ কোটি টকা সঞ্চয় কৰিব পাৰিছে । জনৌষধি সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে ১ মাৰ্চৰ পৰা এসপ্তাহৰ বাবে সমগ্ৰ দেশতে 'জনৌষধি সপ্তাহ' আয়োজন কৰা হৈছে । 'জনৌষধি- সেৱা ভি, ৰোজগাৰ ভি' শীৰ্ষক থীম লৈ উদযাপন কৰা হৈছে এই 'জনৌষধি সপ্তাহ'ৰ ।

এই 'জনৌষধি সপ্তাহ'ৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে জনৌষধি কেন্দ্ৰৰ পৰা সুলভ মূল্যত ঔষধ ক্ৰয় কৰিবলৈ জন সাধাৰণক আহ্বান জনায় । জনৌষধি দিৱস উদযাপনৰ মাজতে প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰা সময়ত ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনাই ৰাইজক ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা মতে ঔষধ যথেষ্ট ব্যয়বহুল সেয়ে চৰকাৰে দৰিদ্ৰ লোকৰ বাবে 'জনৌষধি' আঁচনি ৰূপায়ণ কৰিছে যাৰ জৰিয়তে তেওঁলোকে ধন সঞ্চয় কৰিবলৈ সক্ষম হৈছে । দৰিদ্ৰলোকসকলে কম মূল্যত ঔষধ ক্ৰয় কৰিব পাৰিছে যাৰ বাবে তেওঁলোকৰ প্ৰায় ৯০০০ কোটি টকা ৰাহি হৈছে । অত্যাধিক দামৰ বাবে পূৰ্বে ঔষধ ক্ৰয় নকৰা বহু লোকে এতিয়া ঔষধ ক্ৰয় কৰিবলৈ সক্ষম হৈছে বুলিও কয় প্ৰধানমন্ত্ৰী গৰাকীয়ে । লগতে তেওঁ কয় যে যদি মানুহে জনৌষধি কেন্দ্ৰক মোডীৰ দোকান বুলি ভাৱে তেনেহ'লে তাত গৈ ঔষধ ক্ৰয় কৰিব লাগে সকলোৱে । প্ৰধানমন্ত্ৰীগৰাকীয়ে মধ্য প্ৰদেশৰ ৰুবিনা নামৰ এগৰাকী মহিলাই কেনেদৰে এই আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে সেই বিষয়েও উল্লেখ কৰে অনুষ্ঠানত ।

উল্লেখ যে ইয়াৰ পূৰ্বে দেওবাৰৰ দিনটোতে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে শ্বিলঙৰ উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত দেশৰ ৭৫০০তম জনৌষধি কেন্দ্ৰ মুকলি কৰে ।

লগতে পঢ়ক: দেওবাৰে "মধ্যম শ্ৰেণীত" ৰাজধানী দিল্লীৰ বায়ুৰ মানদণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.