ETV Bharat / bharat

৬ খন ৰাজ্যত ক'ভিডৰ সংক্ৰমণ বৃদ্ধিকলৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী - India covid update

দেশৰ ৬ খন ৰাজ্য ক্ৰমে তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, উৰিষ্যা, মহাৰাষ্ট্ৰ, কেৰালাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে যাৰ বাবে ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰাম্য অঞ্চলত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে ।

PM Modi urges CMs of six states
৬ খন ৰাজ্যত ক'ভিডৰ ঘটনা বৃদ্ধিকলৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
author img

By

Published : Jul 16, 2021, 10:29 PM IST

নেশ্যনেল ডেস্ক, ১৬ জুলাই: দেশৰ কেইবাখনো ৰাজ্য়ত কৰ'ণা(Corona) আক্ৰান্তৰ হাৰ যথেষ্ট পৰিমাণে বৃদ্ধি হৈ আছে । যাৰ বাবে উদ্বিগ্ন হৈছে কেন্দ্ৰীয় চৰকাৰ । দেশৰ ৬ খন ৰাজ্য ক্ৰমে তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, উৰিষ্যা, মহাৰাষ্ট্ৰ, কেৰালাত আক্ৰান্ত হাৰ বৃদ্ধি পাইছে যাৰ বাবে ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)।

ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰাজ্য কেইখনৰ ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীসকলক বিভিন্ন ধৰণৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে । তেওঁ উল্লেখ কৰা মতে, কেন্দ্ৰীয় চৰকাৰে মহামাৰীৰ সৈতে যুঁজিবলৈ ২৩,০০০ কোটি জৰুৰীকালীন বিশেষ পেকেজ ঘোষণা কৰিছে । সেয়ে উক্ত পেকেজৰ পুঁজি ৰাজ্যসমূহক স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে প্ৰধানমন্ত্ৰীয়ে ।

ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰাম্য অঞ্চলত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নতুনকৈ ক'ভিডৰ ৮০ শতাংশ ঘটনা এই ৰাজ্যসমূহৰ পৰা আহিছে আৰু তেওঁলোকক তৃতীয় ঢৌৰ সম্ভাৱনাৰ সৈতে যুঁজিবলৈ সক্ৰিয় পদক্ষেপ ল'বলৈ আৰু 'টেষ্ট-ট্ৰেক-ট্ৰিট-টীকাকৰণ' (Test-Track-Treat-Vaccinate) পদ্ধতিৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে । ইফালে প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ পাছত শুকুৰবাৰে এই বাৰ্তালাপৰ আয়োজন কৰে ।

মুঠতে দ্বিতীয় ঢৌৱে জুৰুলা কৰাৰ পাছত সম্ভাব্য তৃতীয় ঢৌৰ (Third wave) বাবে চিন্তিত হৈছে কেন্দ্ৰীয় চৰকাৰ । ইফালে যোৱা ২৪ ঘণ্টাত দেশত পূৰ্বতকৈ আক্ৰান্তৰ হাৰ কিছু হ্ৰাস হৈছে আৰু নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৩৮,৯৪৯ টা । স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য মতে যোৱা ২৪ ঘণ্টাত ক'ভিডৰ ফলত ৫৪২ জন লোকে প্ৰাণ হেৰুৱাইছে ।

বৰ্তমান ভাৰতত ক'ভিডৰ ৪,৩০,৪২২ টা সক্ৰিয় ঘটনা আছে । দেশত সম্প্ৰতি আৰোগ্যৰ হাৰ (Recovery rate) হৈছে ৯৭.২৮ শতাংশ । ইয়াৰ বিপৰীতে দেশত টীকাকৰণ (Vaccination) প্ৰক্ৰিয়া এতিয়াও মন্থৰ হৈ আছে বুলি বিভিন্ন মহল প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ ৰেলীত পাকিস্তান পন্থী শ্ল’গান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.