নিউজ ডেস্ক, 25 অক্টোবৰ : বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ আৰু গোৱা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই সময়ছোৱাত তেওঁ শিৰদিৰ শ্ৰী সাইবাবা মন্দিৰত প্ৰাৰ্থনা কৰিব ৷ এই তথ্য প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দিছে ৷ লগতে গোৱা ভ্ৰমণো কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ইফালে গোৱাত অনুষ্ঠিত হ’বলগীয়া 37 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াও উদ্বোধন কৰিব তেওঁ ৷
-
PM Modi to visit Maharashtra and Goa on 26th October
— ANI (@ANI) October 25, 2023 " class="align-text-top noRightClick twitterSection" data="
The PM will perform pooja and darshan at Shri Saibaba Samadhi Temple, Shirdi and inaugurate the new Darshan Queue Complex at the temple. During his visit to Maharashtra, the PM launch multiple development projects worth about… pic.twitter.com/rVTH24ED2d
">PM Modi to visit Maharashtra and Goa on 26th October
— ANI (@ANI) October 25, 2023
The PM will perform pooja and darshan at Shri Saibaba Samadhi Temple, Shirdi and inaugurate the new Darshan Queue Complex at the temple. During his visit to Maharashtra, the PM launch multiple development projects worth about… pic.twitter.com/rVTH24ED2dPM Modi to visit Maharashtra and Goa on 26th October
— ANI (@ANI) October 25, 2023
The PM will perform pooja and darshan at Shri Saibaba Samadhi Temple, Shirdi and inaugurate the new Darshan Queue Complex at the temple. During his visit to Maharashtra, the PM launch multiple development projects worth about… pic.twitter.com/rVTH24ED2d
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দিয়া তথ্য অনুসৰি তেওঁ ভক্তসকলে দৰ্শনৰ বাবে শাৰী পাতি থিয় হ’ব পৰাকৈ মন্দিৰ চৌহদত নিৰ্মাণ কৰা নতুন স্থানসমূহো উদ্বোধন কৰিব ৷ মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত প্ৰায় 7,500 কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব ৷ গোৱাৰ মাৰ্গাওৰ পণ্ডিত জৱাহৰলাল নেহৰু ষ্টেডিয়ামত 37 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ইয়াৰ সমান্তৰালকৈ তেওঁ খেলসমূহত অংশগ্ৰহণ কৰা খেলুৱৈসকলকো সম্বোধন কৰিব ৷
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জাৰি কৰা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে দিনৰ প্ৰায় 1 বজাত আহমেদ নগৰ জিলাৰ শিৰদিত উপস্থিত হ’ব ৷ ইয়াত তেওঁ শ্ৰী সাইবাবা সমাধি মন্দিৰত প্ৰাৰ্থনা কৰিব ৷ তেওঁ মন্দিৰত নতুন দৰ্শন শাৰী উদ্বোধন কৰিব ৷ ইয়াত আধুনিক অট্টালিকা এটা আছে ৷ ইয়াত ভক্তসকলৰ বাবে আৰামদায়ক অপেক্ষা কক্ষৰ সুবিধা প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে ৷
ইয়াত দহ হাজাৰৰো অধিক ভক্তৰ আসনৰ ক্ষমতা আছে ৷ ইয়াত শীত-তাপ নিয়ন্ত্ৰিত ৰাজহুৱা সুবিধা যেনে ঘড়ী কক্ষ, শৌচাগাৰ, বুকিং কাউণ্টাৰ, প্ৰসাদ কাউণ্টাৰ, তথ্য কেন্দ্ৰ আদিৰ ব্যৱস্থা আছে ৷ প্ৰধানমন্ত্ৰীয়ে এই নতুন দৰ্শন কিউ কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিছিল 2018 চনৰ অক্টোবৰ মাহত ৷ শিৰদিত ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ইয়াত তেওঁ স্বাস্থ্য, ৰে’ল, পথ, তেল আদি খণ্ডত প্ৰায় 7,500 কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ৷
ইয়াৰ পিছত দুপৰীয়া প্ৰায় 2 বজাত প্ৰধানমন্ত্ৰীয়ে নীলৱাণ্ডে বান্ধৰ পানী পূজা কৰিব ৷ সন্ধিয়া প্ৰায় 6.30 বজাত গোৱাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী য’ত তেওঁ 37 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰিব ৷
লগতে পঢ়ক : One Nation One Election : এক ৰাষ্ট্ৰ এক নিৰ্বাচন; আইন আয়োগে কোবিন্দ পেনেলক দিব ৰোডমেপ