ETV Bharat / bharat

PM Modi Foreign Visit : ১৯ মে'ৰ পৰা প্ৰধানমন্ত্ৰীৰ ত্ৰিদেশীয় ভ্ৰমণসূচী

author img

By

Published : May 17, 2023, 2:15 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চলিত সপ্তাহত জাপান, পাপুৱা নিউগিনি আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব । এই সময়ছোৱাত তেওঁ জি-৭ গোট আৰু কোৱাডকে ধৰি তিনিখন মুখ্য বহুপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব (PM Modi Foreign Visit) ।

PM Modi to Foreign Visit
PM Modi to Foreign Visit

নিউজ ডেস্ক, ১৭ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে জি-৭ গোট (PM Modi to attend G7 summit) আৰু কোৱাডকে ধৰি তিনিখন মুখ্য বহুপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জাপান, পাপুৱা নিউগিনি আৰু অষ্ট্ৰেলিয়ালৈ ছয়দিনীয়া ভ্ৰমণসূচী আৰম্ভ কৰিব (PM Modi 3 foreign countries visit) । ভ্ৰমণৰ প্ৰথম পৰ্যায়ত মোডীয়ে ১৯-২১ মে'লৈকে জাপানৰ হিৰোছিমা চহৰ ভ্ৰমণ কৰিব (PM Modi to Japan visit) । তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বৰ উন্নত অৰ্থনীতিৰ 'গ্ৰুপ অব ছেভেন'ৰ (Group of Seven) বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব । এই সময়ছোৱাত মোডীয়ে জি-৭ সন্মিলনত অংশীদাৰ দেশসমূহৰ সৈতে বিশ্বৰ শান্তি, স্থিৰতা আৰু সমৃদ্ধি, খাদ্যশস্য, সাৰ আৰু শক্তি সুৰক্ষাৰ দৰে বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিব ।

বিদেশ মন্ত্ৰালয়ৰ এক বিবৃতিত জনোৱা মতে, জাপানৰ পৰা মোডীয়ে পোৰ্ট মৰেছবি ভ্ৰমণলৈ যাব । তাত তেওঁ ২২ মে'ত পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰ্পৰ সৈতে 'ফ'ৰাম ফৰ ইণ্ডিয়া-পেচিফিক আইলেণ্ডছ কো-অপাৰেচন'ৰ (Forum for Indo-Pacific Islands Co-operation, FIPIC) তৃতীয় সন্মিলনৰ যুটীয়াভাৱে আয়োজন কৰিব ।

উল্লেখ্য, এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এইটো হ'ব পাপুৱা নিউগিনিলৈ প্ৰথমটো ভ্ৰমণ । 2014 চনত আৰম্ভ কৰা FIPIC-ত ভাৰত আৰু 14 খন প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ আছে (PM Modi to papua new guinea visit) । সেইকেইখন হৈছে ফিজি, পাপুৱা নিউগিনি, টংগা, টুভালু, কিৰিবাটি, চামোৱা, ভানুৱাটু, নিউ, ফেডাৰেটেড ষ্টেটছ অব মাইক্ৰ'নেছিয়া, ৰিপাব্লিক অব মাৰ্শ্বেল দ্বীপপুঞ্জ, কুক দ্বীপপুঞ্জ, পালাউ, নাউৰু আৰু চলোমন দ্বীপপুঞ্জ । তেওঁৰ ভ্ৰমণৰ তৃতীয় আৰু অন্তিম পৰ্যায়ত মোডীয়ে ২২-২৪ মে'লৈ ছিডনীত কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিব (PM Modi to attend QUAD summit 2023) ।

উল্লেখ্য, কোৱাড সন্মিলন আয়োজন কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী আলবানিজয়ে । আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিচিদায়েও সন্মিলনত অংশগ্ৰহণ কৰিব । মোডীৰ জাপান ভ্ৰমণ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে তেওঁ কিচিদাৰ আমন্ত্ৰণত দেশখন ভ্ৰমণ কৰিছে । জাপানে জি-৭ গোটৰ বৰ্তমানৰ অধ্যক্ষ হিচাবে এই সন্মিলন আয়োজন কৰিছে ।

"সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে শান্তি, স্থিৰতা আৰু এক বহনক্ষম গ্ৰহৰ সমৃদ্ধিৰ দৰে বিষয়ত তেওঁৰ মতামত ব্যক্ত কৰিব ।" বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত এই কথা প্ৰকাশ । ইয়াৰ উপৰি তেওঁ খাদ্য, সাৰ আৰু শক্তি সুৰক্ষা, স্বাস্থ্য, লিংগ সমতা, জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ, স্থিতিস্থাপক আন্তঃগাঁথনি আৰু উন্নয়ন সহযোগিতাৰ বিষয়েও আলোচনা কৰিব ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, মোডীয়ে কিচিদাৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ'ব । তেওঁ সন্মিলনৰ সময়ত তাত উপস্থিত থকা আন আন নেতাৰ সৈতেও দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব । পাপুৱা নিউগিনিতো মোডীৰ দ্বিপাক্ষিক সম্পৰ্ক থাকিব । তাত অন্তৰ্ভুক্ত আছে গৱৰ্ণৰ জেনেৰেল ছাৰ বব ডেড আৰু প্ৰধানমন্ত্ৰী জেমছ মাৰাপ্পেৰ সৈতে বৈঠক ।

এই কোৱাড সন্মিলনে নেতাসকলক ইণ্ডো-পেচিফিক অঞ্চলৰ উন্নয়নৰ ওপৰত মত বিনিময় কৰাৰ আৰু এক মুক্ত আৰু সামগ্ৰিক ইণ্ডো-পেচিফিকৰ বাবে তেওঁলোকৰ দৃষ্টিভংগী আগবঢ়াই নিয়াৰ সুযোগ প্ৰদান কৰিব বুলি বিদেশ মন্ত্ৰালয়ে কয় । আনহাতে, অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত মোডীয়ে ২৪ মে'ত এলবানিজৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব । ২৩ মে'ত মোডীয়ে ছিডনীত এক সামূহিক অনুষ্ঠানত অষ্ট্ৰেলিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু ব্যৱসায়িক নেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব আৰু ভাৰতীয় সম্প্ৰদায়কো সম্বোধন কৰিব ।

লগতে পঢ়ক :NIA Major Crackdown : পঞ্জাবকে ধৰি ৬ ৰাজ্যৰ ৭৬ স্থানত NIAৰ অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.