ETV Bharat / bharat

Chandrayaan-3 mission: চন্দ্ৰযান-৩ অভিযানত জড়িত ইছৰোৰ দলক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 8:02 AM IST

চন্দ্ৰযান-৩ অভিযানৰ লগত জড়িত ইছৰোৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ গ্ৰীচৰ পৰা পূৰ্ব নিৰ্ধাৰিত ভ্ৰমণসূচীৰে পোনে পোনে কৰ্ণাটকৰ বেংগালুৰুত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

PM Modi to meet ISRO team
ইছৰোৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

নিউজ ডেস্ক, 25 আগষ্ট : দুখন দেশৰ ভ্ৰমণ কাৰ্যসূচী সামৰি গ্ৰীচৰ পৰা পূৰ্ব নিৰ্ধাৰিত ভ্ৰমণসূচীৰে পোনে পোনে কৰ্ণাটকৰ বেংগালুৰুলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ বেংগালুৰুত উপস্থিত হৈ চন্দ্ৰযান-৩ অভিযানৰ লগত জড়িত ইছৰোৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

৪০ দিনীয়া মহাকাশ যাত্ৰাৰ অন্তত বুধবাৰে সন্ধিয়া চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰে ৷ ইয়াৰ পিছতেই চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় ভাৰতবৰ্ষ ৷ উল্লেখ্য যে, চন্দ্ৰযান-৩ৰ অৱতৰণৰ লাইভ টেলিকাষ্টত দক্ষিণ আফ্ৰিকাৰ পৰা প্ৰত্যক্ষ কৰে প্ৰধানমন্ত্ৰীয়ে ৷

চন্দ্ৰপৃষ্ঠত মৃসণ অৱতৰণেৰে ইতিহাস সৃষ্টি কৰা চন্দ্ৰযান-৩ অভিযানক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে “ভাৰত এতিয়া চন্দ্ৰত ৷ ” প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, "যেতিয়া আমি এনে ঐতিহাসিক মুহূৰ্তবোৰ দেখিবলৈ পাওঁ তেতিয়া ই আমাক অতি গৌৰৱান্বিত কৰে ৷ এয়া হৈছে নতুন ভাৰতৰ আৰম্ভণি ৷" প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয়, ‘পৃথিৱীত আমি সংকল্প ললো আৰু চন্দ্ৰত ইয়াক সফল কৰিলোঁ...ভাৰত এতিয়া চন্দ্ৰত ৷"

উল্লেখযোগ্য যে, ২৩ আগষ্টৰ দিনটো ভাৰতবৰ্ষৰ বাবে এক ঐতিহাসিক দিন হিচাবে পৰিগণিত হ’ল ৷ কাৰণ এই দিনটোতে ভাৰতৰ চন্দ্ৰযান-৩ চন্দ্ৰ অভিযানে লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানক লৈ ইতিহাস ৰচনা কৰি চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে ছফ্ট লেণ্ডিং কৰে ৷ ইয়াৰ লগতে মহাকাশ বিজ্ঞানৰ ইতিহাসত এক বৃহৎ অভিলেখ গঢ়িলে ভাৰতৰ চন্দ্ৰযান-৩ য়ে ৷

২৩ আগষ্ট বুধবাৰে সন্ধিয়া ৬:০৩ বজাত চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰে চন্দ্ৰযান-৩ য়ে ৷ ইয়াৰ লগে লগে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশত পৰিণত হয় ভাৰত ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পিছতে সফলতাৰে চন্দ্ৰত অৱতৰণ অভিযান পৰিচালনা কৰা চতুৰ্থ ৰাষ্ট্ৰ হিচাপেও পৰিগণিত হয় ভাৰত ৷

লগতে পঢ়ক : Chandrayaan-3 success: ইছৰ’ৰ অধ্যক্ষ সহ অন্যান্য বিজ্ঞানীসকলক সম্বৰ্ধনা মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.