ETV Bharat / bharat

9th International yoga day : ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত যোগাসনৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰী মোদীয়ে

author img

By

Published : Jun 16, 2023, 11:13 AM IST

21 জুনৰ দিনা বিশ্বৰ বিভিন্ন প্ৰান্তত পালন কৰা হ’ব নৱম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত যোগাসনৰ বহু উপকাৰিতাৰ বিষয়ে বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগাসন অধিৱেশনৰ নেতৃত্ব প্ৰদান কৰিব ।

PM Modi to lead yoga session at UNHQ on June 21
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত যোগাসনৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰী মোদীয়ে

নেশ্যনেল ডেস্ক, 16 জুন : নৱম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ৷ 21 জুন অৰ্থাৎ বিশ্ব যোগ দিৱসৰ দিনা নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যোগাসনৰ নেতৃত্ব দিব বুলি জানিবলৈ পৰা গৈছে । 21 জুনত উদযাপন হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নৱম সংস্কৰণৰ এই অনুষ্ঠানত ভাৰতীয়-আমেৰিকানসকলে প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে সাংস্কৃতিক কাৰ্যসূচীৰো ব্যৱস্থা কৰিছে বুলি জানিবলৈ পৰা গৈছে ৷

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘই 2014 চনৰ ডিচেম্বৰ মাহত 21 জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছিল আৰু ইয়াৰ উদ্দেশ্য আছিল যোগাভ্যাসৰ উপকাৰিতাৰ বিষয়ে বিশ্বজুৰি সজাগতাৰ সৃষ্টি কৰা । যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত ভাৰতে ৰাষ্ট্ৰসংঘক উপহাৰস্বৰূপে দিয়া মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিৰ সমীপত 21 জুনৰ পুৱা 8 বজাৰ পৰা 9 বজালৈ এই যোগ অধিৱেশন অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে ।

ঐতিহাসিক যোগ অধিৱেশনত ৰাষ্ট্ৰসংঘৰ শীৰ্ষ বিষয়া, ৰাষ্ট্ৰদূত, দূত, সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ লগতে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । অধিৱেশনৰ উপদেষ্টাসকলে অধিৱেশনৰ সময়ত যোগ মেটৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰি স্মৃতিগ্ৰন্থ হিচাপে সকলোকে ঘৰলৈ লৈ যাবলৈ দিয়া হ’ব বুলি উল্লেখ কৰে । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 77 সংখ্যক অধিৱেশনৰ সভাপতি চাবা কোৰোচিয়ে এই যোগ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী বুলি এক টুইটযোগে উল্লেখ কৰে ৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ আমন্ত্ৰণত 21-24 জুনলৈ আমেৰিকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । 22 জুনত ৰাষ্ট্ৰপতিৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । 22 জুনত কংগ্ৰেছৰ যুটীয়া অধিৱেশনত ভাষণ দিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷

উল্লেখ্য যে, বিগত এসপ্তাহ ধৰি 160 জনতকৈ অধিক শিল্পীয়ে 15 খনকৈ ভাৰতীয় ৰাজ্যক প্ৰতিনিধিত্ব কৰি প্ৰায় 25 টা সাংস্কৃতিক অনুষ্ঠান উপস্থাপন কৰিবলৈ আখৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ পৰা গৈছে । এই সাংস্কৃতিক অনুষ্ঠানৰ অধিকাংশই ভাৰতৰ সভ্যতা-সংস্কৃতিক প্ৰতিফলিত কৰিব বুলি জানিবলৈ পৰা গৈছে ।

উইলাৰ্ড হোটেলৰ সন্মুখৰ হোৱাইট হাউছৰ ওচৰৰ ঐতিহাসিক ফ্ৰিডম প্লাজাত পৰিৱেশন কৰা হ’ব এই সাংস্কৃতিক অনুষ্ঠান ।

লগতে পঢ়ক : Manipur Violence: ইম্ফলত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জনৰ বাসগৃহত পেট্ৰ'ল বোমা নিক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.