ETV Bharat / bharat

ঘূৰ্ণীবতাহ য়াছৰে মোকাবিলা কৰিবলৈ মোডীৰ পৰ্যালোচনা বৈঠক

author img

By

Published : May 23, 2021, 3:54 PM IST

দেওবাৰে জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ সৈতে ঘূৰ্ণীবতাহ য়াছ সম্পৰ্কে পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । শনিবাৰৰ পৰাই টাস্ক ফ'ৰ্চৰ বিশেষ দল উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ বাবে সাজু হৈ আছে ৷

PM MODI
ঘূৰ্ণীবতাহ য়াছৰে মোকাবিলা কৰিবলৈ মোডৰ পৰ্যালোচনা বৈঠক

নেশ্যনেল ডেস্ক, ২৩ মে': প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় । এই বৈঠকত ঘূৰ্ণীবতাহ য়াছ সম্পৰ্কে পৰ্যালোচনা কৰা হয় ।

দেওবাৰে পুৱা ১১ বজাত অনুষ্ঠিত হয় এই বৈঠক ৷ জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিনিধি, টেলিকম, শক্তি, অসামৰিক বিমান পৰিবহণ, বৈজ্ঞানিক মন্ত্ৰালয়ৰ সচিবসকলে এই বৈঠকত অংশ লয় ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য মন্ত্ৰীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে ।

ওড়িশা আৰু পশ্চিমবংগত প্ৰভাৱ পৰিবলগীয়া ঘূৰ্ণীবতাহ য়াছৰ বাবে ভাৰতীয় সেনাই সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা অৱগত কৰে ৷ লগতে শনিবাৰৰ পৰাই টাস্ক ফ'ৰ্চৰ বিশেষ দল উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ বাবে সাজু হৈ আছে ৷

২৪-২৬ মে'ৰ ভিতৰত বংগ-ওড়িশাৰ উপকূলত ভূমিস্খলন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷ উল্লেখ্যযোগ্য যে, উত্তৰ ৰে'লৱে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ পৰা ভূৱনেশ্বৰ আৰু পুৰীলৈ অহা-যোৱা কৰা এক ডজনৰো অধিক ৰে'ল অস্থায়ীভাৱে বাতিল কৰিছে ৷

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়েও পূৱ উপকূলত য়াছৰ সাম্ভাব্য সকলো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সাজু হৈছে । ইয়াৰোপৰিও, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ঘূৰ্ণী বতাহ য়াছ সন্দৰ্ভত পূৰ্বে পৰ্যালোচনা বৈঠক সম্বোধন কৰিছিল ।

লগতে পঢ়ক: যুৱকক চৰ মাৰি অৱশেষত ক্ষমা বিচাৰিলে উপায়ুক্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.