ETV Bharat / bharat

প্ৰধানমন্ত্ৰীয়ে অংশ ল'ব ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত

author img

By

Published : Jan 10, 2021, 7:11 PM IST

১২ জানুৱাৰীৰ পুৱা ১০.৩০ বজাত ভিডিঅ কনফাৰেঞ্চিঙৰ জৰিয়তে নৰেন্দ্ৰ মোডীয়ে দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠান সম্বোধন কৰিব । লোকসভাৰ অধ্য়ক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীসহ কেইবাজনো বিশিষ্ট ব্য়ক্তি উপস্থিত থাকিব অনুষ্ঠানত।

প্ৰধানমন্ত্ৰীয়ে অংশ ল'ব দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত

নিউজ ডেস্ক , ১০ জানুৱাৰী : প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জনোৱা মতে ১২ জানুৱাৰীৰ ১০.৩০ বজাত ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে নৰেন্দ্ৰ মোডীয়ে দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠান সম্বোধন কৰিব । লোকসভাৰ অধ্য়ক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীসহ কেইবাজনো বিশিষ্ট ব্য়ক্তি উপস্থিত থাকিব অনুষ্ঠানত । ১৮ ৰ পৰা ২৫ বছৰ বয়সৰ ভোটাৰ লগতে আগন্তুক দিনত বিভিন্ন সেৱাৰ লগত জড়িত হ'ব লগা যুৱ সমাজৰ মনৰ কথা জনাৰ উদ্দেশ্য়ে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৭ চনৰ ৩১ ডিচেম্বৰত 'মন কী বাত' অনুষ্ঠানৰ মাজতে ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ ঘোষণা কৰিছিল । ইয়াৰ পিছতে ২০১৯ চনত ১২ জানুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ 'বি দ্য় ভইজ অব নিউ ইণ্ডিয়া এণ্ড ফাইণ্ড চলিউচনচ এণ্ড কন্ট্ৰিবিউট টু পলিছি' শীৰ্ষক থীমেৰে প্ৰথম ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ আয়োজন কৰা হৈছিল । প্ৰায় ৮৮ হাজাৰ যুৱ প্ৰজন্মই অংশ লৈছিল এই অনুষ্ঠানত । ইফালে দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱত ২৩ ডিচেম্বৰত ভাৰ্চুৱেলৰ মাধ্য়মত শুভাৰম্ভ কৰা হৈছিল ।

প্ৰায় ২.৩৪ লাখ যুৱ প্ৰজন্মই প্ৰথম পৰ্যায়ত অংশ গ্ৰহণ কৰে এই মহোৎসৱত । ১১ জানুৱাৰীত মহোৎসৱৰ শেষৰ প্ৰতিযোগিতা আয়োজন কৰা হ'ব সংসদৰ চেন্ট্ৰেল হলত । শীৰ্ষ ৩ গৰাকী ৰাষ্ট্ৰীয় বঁটা প্ৰাপকে ১২ তাৰিখৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী সন্মুখত ভাষণ ৰখাৰ সুযোগ লাভ কৰিব ।

ইফালে প্ৰতিবছৰে আয়োজিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ এইবাৰ ১২ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীলৈ কৰ'ণাৰ বাবে ভাৰ্ছুৱেল মাধ্য়মৰে অনুষ্ঠিত হ'ব । ২৪ সংখ্য়ক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ শুভাৰম্ভ আৰু দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱ একেদিনাই অৰ্থাৎ ১২ জানুৱাৰীত সংসদ ভৱনত আয়োজন কৰা হৈছে ।

লগতে পঢ়ক :মধ্য়প্ৰদেশত ধৰ্মান্তৰকৰণ বিৰোধী নতুন আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.