ETV Bharat / bharat

সংযুক্ত কমাণ্ডাৰ সন্মিলনত অংশগ্ৰহণ কৰিব মোডীয়ে - তিনি প্ৰতিৰক্ষা বাহিনী

মাৰ্চ মাহৰ প্ৰথম সপ্তাহত তিনি প্ৰতিৰক্ষা বাহিনীৰ শীৰ্ষ কমাণ্ডাৰসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

সংযুক্ত কমাণ্ডাৰ সন্মিলনত অংশগ্ৰহণ কৰিব মোডীয়ে

author img

By

Published : Feb 17, 2021, 3:43 PM IST

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী: গুজৰাটৰ কেভাদিয়াত অনুষ্ঠিত হ'ব সংযুক্ত কমাণ্ডাৰ সন্মিলন ২০২১ । মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব এই সন্মিলন । এই সন্মিলনতে তিনি প্ৰতিৰক্ষা বাহিনীৰ শীৰ্ষ কমাণ্ডাৰসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত ভাৰতীয় সেনা, বায়ু সেনা আৰু নৌবাহিনীৰ শীৰ্ষ কমাণ্ডাৰসকলক সম্বোধন কৰিব । এই সন্মিলনতে নিকট আৰু দূৰ ভৱিষ্যতে প্ৰত্যাহ্বানৰ বাবে সাজু হ'বলৈ প্ৰতিৰক্ষা বাহিনীক নিৰ্দেশনা দিব বুলি আশা কৰা হৈছে । কমাণ্ডাৰ সন্মিলনত তিনি প্ৰতিৰক্ষা বাহিনীৰ কমাণ্ডাৰ ইন-চিফ পৰ্যায়ৰ বিষয়া আৰু ত্ৰি-সেৱা সংগঠনৰ কমাণ্ডাৰ সকল উপস্থিত থাকিব ।

গুজৰাটৰ এখন সৰু চহৰ কেভাদিয়া । চৰ্দাৰ বল্লভ ভাই পেটেলৰ বিশাল প্ৰতিমূৰ্তিৰ বাবে বিখ্যাত কেভাদিয়া । যাক 'ষ্টেচু অফ ইউনিটি' বুলিও কোৱা হয় । শেহতীয়াকৈ শীৰ্ষ আৰক্ষী বিষয়া আৰু সাংসদকে ধৰি ইয়াত কেইবাখনো মুখ্য সন্মিলন অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক: তেলেংগানাৰ মুখ্যমন্ত্ৰীলৈ জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.