ETV Bharat / bharat

সমৰ্পণ দিৱসত বিজেপি সাংসদক সম্বোধন প্ৰধানমন্ত্ৰীৰ - সাংসদসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মৃত্যু বাৰ্ষিকী । উপাধ্যায়ক সুঁৱৰি সমৰ্পণ দিৱসত বিশেষ বক্তব্য আগবঢ়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

'সমৰ্পণ দিৱস'ত বিজেপিৰ সাংসদসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Feb 11, 2021, 1:00 PM IST

নেশ্যনেল ডেস্ক,১১ ফেব্ৰুৱাৰী: প্ৰসিদ্ধ শিক্ষাবিদ তথা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী অগ্ৰণী নেতা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি বিজেপিয়ে সমৰ্পণ দিৱস উদযাপন কৰিছে । দিল্লীৰ জনপথস্থিত আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত সমৰ্পণ দিৱসৰ অনুষ্ঠানত বিজেপিৰ সাংসদসকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে জনাইছিল যে, বৃহস্পতিবাৰে দিনৰ ১১ বজাত সমৰ্পণ দিৱস উপলক্ষে বিজেপিৰ সাংসদসকলক সম্বোধন কৰিব ।

লগতে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আদৰ্শই সকলোকে অনুপ্ৰাণিত কৰে বুলি কৈ শ্ৰদ্ধা নিবেদন কৰে । আনহাতে, আজি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰকাশ নাড্ডায়ো আবেলি ৫ বজাত সমৰ্পণ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়াব । পণ্ডিত দীনদয়াল উপাধ্যায় আৰএছএছ-ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল । তেওঁ ভাৰতীয় জনসংঘৰ প্ৰাক্তন নেতা আৰু ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্বসুৰী আছিল ।

১৯৬৭ চনত তেওঁ ভাৰতীয় জনসংঘৰ অধ্যক্ষৰ আসন অলংকৃত কৰিছিল । তেওঁ লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে যদিও পৰাজিত হয় । ১৯৬৮ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে ।

লগতে পঢ়ক:18 ফেব্ৰুৱাৰীত কৃষকৰ দেশজোৰা ৰে’লপথ অৱৰোধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.