ETV Bharat / bharat

অভিযন্তা দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ - শ্ৰেষ্ঠ ৰাষ্ট্ৰ নিৰ্মাতা

বুধবাৰে সমগ্ৰ দেশতে পালন কৰা হৈছে অভিযন্তা দিৱস । অভিযন্তা মোক্ষগুণ্ডাম বিশ্বেশ্বৰায়লৈ শ্ৰদ্ধা জনাই তেওঁৰ ওপজা দিনটো প্ৰতি বছৰে অভিযন্তা দিৱস হিচাপে পালন কৰা হয় । অভিযন্তা দিৱসত "পৰিশ্ৰমী অভিযন্তা"লৈ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

Engineers Day
অভিযন্তা দিৱসত অভিযন্তাসকলক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
author img

By

Published : Sep 15, 2021, 12:08 PM IST

নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ: ভাৰতৰত্ন মোক্ষগুণ্ডাম বিশ্বেশ্বৰায়(Mokshagundam Visvesvaraya)লৈ শ্ৰদ্ধা নিবেদন কৰি ভাৰতত প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো অভিযন্তা দিৱস(Engineers' Day) হিচাপে পালন কৰা হয় । বুধবাৰেও দেশজুৰি পালন কৰা হৈছে অভিযন্তা দিৱস ।

এই বিশেষ দিনটোত বিভিন্ন প্ৰকল্পত অৱদান আগবঢ়াই দেশক উন্নতিৰ দিশত আগুৱাই নিয়া প্ৰতিগৰাকী অভিযন্তাক ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(Narendra Modi) । টুইটযোগে "পৰিশ্ৰমী অভিযন্তা"লৈ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

  • Greetings on #EngineersDay to all hardworking engineers. No words are enough to thank them for their pivotal role in making our planet better and technologically advanced. I pay homage to the remarkable Shri M. Visvesvaraya on his birth anniversary and recall his accomplishments.

    — Narendra Modi (@narendramodi) September 15, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: অভিযন্তা দিৱস 2021: ওপজা দিনত অভিযন্তা এম বিশ্বেশ্বৰায়ক স্মৰণ

প্ৰয়াত অভিযন্তা মোক্ষগুণ্ডাম বিশ্বেশ্বৰায়লৈ মোডীয়ে শ্ৰদ্ধা নিবেদন কৰে । ১৮৬১ চনৰ ১৫ ছেপ্টেম্বৰত চিক্কাবাল্লাপুৰৰ ওচৰৰ মুদ্দেনাহাল্লিত জন্মগ্ৰহণ কৰিছিল মোক্ষগুণ্ডাম বিশ্বেশ্বৰায়ে । এই বিশ্ববিখ্যাত অসামৰিক অভিযন্তা গৰাকীক শ্ৰেষ্ঠ ৰাষ্ট্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয় । আধুনিক জলসিঞ্চন কৌশল, বান নিয়ন্ত্ৰণ আদিৰ ক্ষেত্ৰত কৰা কামৰ বাবে খ্যাতি অৰ্জন কৰিছিল অভিযন্তাগৰাকীয়ে ৷ তেওঁ আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে অভিযন্তা দিৱস পালন কৰা হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.