নিউজ ডেস্ক, ২৯ এপ্ৰিল : কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে কংগ্ৰেছক পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় (PM Modi slams Congress in Karnataka) । কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰে মোডীয়ে । এক প্ৰকাৰ কংগ্ৰেছ নেতাসকলক তুলাধুনা দিয়ে মোডীয়ে । কংগ্ৰেছৰ সভাপতি এম মল্লিকাৰ্জুন খাৰ্গেৰ 'বিষাক্ত সাপ' অভিধাৰ ওপৰত টিপ্পনি দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে এতিয়ালৈকে কংগ্ৰেছ দল আৰু তাৰ নেতাসকলে তেওঁক ৯১ বাৰ বিভিন্ন ধৰণৰ গালি-গালাজ কৰিছে (congress leaders abused Modi 91 times) ।
আনহাতে, নিৰ্বাচনমুখী কৰ্ণাটকৰ প্ৰভাৱশালী লিংগায়ত সম্প্ৰদায়ক কংগ্ৰেছে অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে (Prime Minister Narendra Modi) লগতে কয় যে, বিশাল পুৰণি দলটোৱে আনকি বাবাচাহেব আম্বেদকাৰকো দুৰ্ব্যৱহাৰ কৰিছিল আৰু বীৰ সাভাৰকাৰকো গালি-গালাজ কৰিবলৈ এৰা নাছিল (Karnataka election 2023) । ২৯ মাৰ্চত নিৰ্বাচন ঘোষণা হোৱাৰ পিছত নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যখনলৈ প্ৰথমবাৰৰ বাবে অহা মোডীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয়, মানুহে ইয়াৰ অপব্যৱহাৰৰ উত্তৰ প্ৰতিটো ভোটৰ জৰিয়তে দিব । লগতে কংগ্ৰেছে বিজেপিৰ ওপৰত যিমানে বোকা ছটিয়াব সিমানে পদুম ফুলিব বুলিও মোডীয়ে কয় (Hitting out at Congress in Karnataka) ।
"কংগ্ৰেছে সাধাৰণ মানুহৰ বিষয়ে কোৱা সকলোকে ঘৃণা কৰে । যিসকলে তেওঁলোকৰ দুৰ্নীতি উলিয়াই আনে, যিসকলে তেওঁলোকৰ স্বাৰ্থপৰতাৰ ৰাজনীতিক আক্ৰমণ কৰে সেইসকলক কংগ্ৰেছে ঘৃণা কৰে । এনে লোকৰ বিৰুদ্ধে কংগ্ৰেছৰ ঘৃণা স্থায়ী হৈ গৈ আছে । এই নিৰ্বাচনতো কংগ্ৰেছে আকৌ এবাৰ মোক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰিছে ।" মোডীয়ে কয় ।
কৰ্ণাটকৰ বিদাৰ জিলাত এক ৰাজহুৱা সমাবেশত ভাষণ দি তেওঁ কয়, "কোনোবাই মোৰ বিৰুদ্ধে এনে ধৰণৰ উৎপীড়নৰ এখন তালিকা প্ৰস্তুত কৰিছে আৰু সেইখন মোলৈ প্ৰেৰণ কৰা হৈছে । এতিয়ালৈকে কংগ্ৰেছৰ মানুহে মোক বিভিন্ন প্ৰকাৰে ৯১ বাৰ গালি-গালাজ কৰিছে । যদি কংগ্ৰেছৰ লোকসকলে সুশাসনৰ বাবে প্ৰচেষ্টা চলাইছে আৰু দলটোৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰিব বিচাৰিছে, তেন্তে এই দুৰ্ব্যৱহাৰৰ অভিধানত সময় অপচয় কৰাৰ পৰিৱৰ্তে কংগ্ৰেছে নিজৰ কৰুণ দুৰ্দশা আঁতৰোৱাৰ চেষ্টা কৰক ।"
উল্লেখ্য, ১০ মে'ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া কৰ্ণাটকৰ নিৰ্বাচনী জনসভাত ভাষণ প্ৰদান কৰি বৃহস্পতিবাৰে খাৰ্গেয়ে মোডীক এডাল বিষাক্ত সাপৰ সৈতে তুলনা কৰিছিল । কিন্তু ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে তেওঁ পিছত এই মন্তব্যৰ পৰা আঁতৰি আহি কয় যে তেওঁৰ উদ্দেশ্য কাৰো অনুভূতিক আঘাত কৰাটো নাছিল । "বিবৃতিটো প্ৰধানমন্ত্ৰী মোডীৰ বাবে নহয়, কিন্তু তেওঁ প্ৰতিনিধিত্ব কৰা আদৰ্শৰ বাবেহে আছিল ।" খাৰ্গেয়ে আত্মপক্ষ সমৰ্থনত এনেদৰে কয় । আহাতে, মোডীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় : "যিসকলে দৰিদ্ৰ আৰু দেশৰ বাবে কাম কৰে তেওঁলোকক অপমান কৰাটো কংগ্ৰেছৰ পুৰণি ইতিহাস ।"
লগতে পঢ়ক :Rahul defamation case : গুজৰাট উচ্চ ন্যায়ালয়ত আজি ৰাহুল গান্ধীৰ আবেদনক লৈ শুনানি