ETV Bharat / bharat

তেলেংগানাত বিজেপি চৰকাৰ আহিব আৰু পিছপৰা শ্ৰেণীৰ লোক হ'ব মুখ্যমন্ত্ৰী: প্ৰধানমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 5:19 PM IST

নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে তেলেংগানাৰ বিআৰএছ চৰকাৰক তীব্ৰ সমালোচনা কৰে । প্ৰধানমন্ত্ৰীয়ে দাবী কৰা মতে তেলেংগানাত বিজেপিৰ চৰকাৰ আহিব আৰু পিছপৰা শ্ৰেণীৰ লোকক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব ।

Telangana election
তেলেংগানাত বিজেপি চৰকাৰ আহিব আৰু পিছপৰা শ্ৰেণীৰ লোক হ'ব মুখ্যমন্ত্ৰী

নেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ : তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ তুংগত আছে । শাসকীয় বিআৰএছকে ধৰি প্ৰতিটো দলেই ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই আছে । ইফালে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিয়ে শাসকীয় বিআৰএছক তীব্ৰ আক্ৰমণ কৰা দেখা গৈছে । কামাৰেড্ডীৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছে যে এইবাৰ তেলেংগানাত বিজেপিৰ চৰকাৰ গঠন হ'ব আৰু পিছপৰা শ্ৰেণীৰ লোক মুখ্যমন্ত্ৰী হ'ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিআৰএছ শাসনক লৈ জনতা অতিষ্ঠ হৈ পৰিছে । যাৰ বাবে ৰাইজে এই দলৰ শাসনৰ পৰা মুক্ত হ'ব বিচাৰিছে । তেওঁ দাবী কৰে যে বিআৰএছ চৰকাৰৰ শাসনকালত তেলেংগানাবাসীৰ প্ৰতি তীব্ৰ অন্যায় কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৭ দশক ধৰি চলা কংগ্ৰেছৰ শাসনৰ পৰা মানুহে মুক্ত হ'বলৈ বিজেপিক ভোট দিছিল, যাৰ বাবে মানুহে নিৰ্বাচনত বিজেপিক জয়যুক্ত কৰিছে । এইবাৰ বিজেপি চৰকাৰ তেলেংগানালৈ আহিব বুলি তেওঁ দাবী কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিজেপিয়ে যি কয় সেয়া নিশ্চিতভাৱে পূৰণ কৰে । তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে বিধানসভাত মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ দিয়া হৈছে । তেওঁ পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে যে বিজেপি চৰকাৰ আহিলে এগৰাকী পিছপৰা শ্ৰেণীৰ ব্যক্তিক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব । তেওঁ কয় যে কেন্দ্ৰীয় কেবিনেটত পিছপৰা শ্ৰেণীৰ লোকক সৰ্বাধিক সংখ্যক মন্ত্ৰীপদ দিয়া হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰশ্ন কৰিছে যে এগৰাকী দলিত ব্যক্তিক মুখ্যমন্ত্ৰী বনোৱাৰ কেচিআৰৰ প্ৰতিশ্ৰুতি কি হ'ল ? পিছপৰা শ্ৰেণী আৰু দলিতসকলৰ বাবে একো কাম নকৰাৰ বাবে বিআৰএছ আৰু কংগ্ৰেছক প্ৰধানমন্ত্ৰী মোদীয়ে সমালোচনাও কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে তেলেংগানাৰ মাদিগা সম্প্ৰদায়ৰ প্ৰতি অন্যায় কৰা হৈছে । কিন্তু বিজেপি মাদিগা শ্ৰেণী বিভাজনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । বিআৰএছ চৰকাৰে কৃষকসকলক প্ৰতাৰণা কৰিছে বুলিও তেওঁ অভিযোগ কৰে । ইফালে প্ৰধানমন্ত্ৰীৰ অভিযোগ বিআৰএছ চৰকাৰে আঁচনিৰ নামত দুৰ্নীতি কৰিছে । তেওঁৰ মতে বিজেপিয়ে কৃষকসকলৰ কল্যাণৰ কথা জানে । প্ৰধানমন্ত্ৰীৰ মতে এতিয়ালৈকে বিজেপিয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে কৃষকৰ একাউণ্টত ২.৭৫ লাখ কোটি টকা জমা কৰিছে । প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে ৰাজ্যখনৰ ৪০ লাখ কৃষক উপকৃত হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে দাবী কৰে ।

লগতে পঢ়ক :ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.