ETV Bharat / bharat

Manipur Naked Women Row : প্ৰধানমন্ত্ৰী মোদীয়ে সদনৰ মজিয়াত বিবৃতি দিয়া উচিত; মল্লিকাৰ্জুন খাৰ্গে - Manipur naked women parade case

খাৰ্গেয়ে কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে সদনৰ বাহিৰত মণিপুৰ সম্পৰ্কে এটা বিবৃতি দিয়ে । কিন্তু তেওঁ প্ৰথমে সদনৰ মজিয়াত এটা বিবৃতি দিবলগা আছিল আৰু তাৰ পিছতো বাহিৰত দিব পাৰিলেহেঁতেন । কিন্তু তাকে নকৰি তেওঁ ইতিমধ্যে বাহিৰত এটা বিবৃতি দিছে ।"

Manipur Naked Women Row
Manipur Naked Women Row
author img

By

Published : Jul 21, 2023, 6:38 PM IST

নিউজ জেস্ক, ২১ জুলাই : কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে শুকুৰবাৰে কয় যে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'সদনৰ বাহিৰত নহয় ভিতৰত' এটা বিবৃতি দিব লাগিছিল । দিনটোৰ আৰম্ভণিতে খাৰ্গেয়ে টুইটাৰযোগে পোষ্ট কৰিছিল যে যদি প্ৰধানমন্ত্ৰীৰ সঁচাকৈয়ে মণিপুৰক লৈ খং উঠিছিল, তেন্তে তেওঁ প্ৰথমে মুখ্যমন্ত্ৰী বীৰেন সিঙক বৰ্খাস্ত কৰিব পাৰিলেহেঁতেন ।

  • Manipur is burning. Women are raped, naked, paraded and horrific violence is taking place.

    But the Prime Minister has kept quiet for so long.

    Today, after so much outrage, he gave a statement outside the Parliament.

    We want a detailed discussion on Manipur and PM Modi should… pic.twitter.com/oeuCxG72Az

    — Mallikarjun Kharge (@kharge) July 20, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য, দীৰ্ঘদিনৰ মৌনতাৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি ঘূৰাই ফুৰোৱা ঘটনাটোৰ ওপৰত নিজৰ বেদনা আৰু ক্ষোভ প্ৰকাশ কৰে । ঘটনাটোক 'যিকোনো নাগৰিক সমাজৰ বাবে লজ্জাজনক' বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত সংসদৰ বৰ্যাকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে সাংবাদিকসকলক সম্বোধন কৰে । তাত তেওঁ কয়, "কোনো অভিযুক্তকে ৰেহাই দিয়া নহ'ব, আমি ঘটনাৰ আঁৰত থকাসকলক কেতিয়াও ক্ষমা নকৰোঁ ।"

আনহাতে, কংগ্ৰেছৰ মুৰব্বী খাৰ্গেয়ে কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে সদনৰ বাহিৰত মণিপুৰ সম্পৰ্কে এটা বিবৃতি দিয়ে । কিন্তু তেওঁ প্ৰথমে সদনৰ মজিয়াত এটা বিবৃতি দিবলগা আছিল আৰু তাৰ পিছতো বাহিৰত দিব পাৰিলেহেঁতেন । কিন্তু তাকে নকৰি তেওঁ ইতিমধ্যে বাহিৰত এটা বিবৃতি দিছে ।" তেওঁ কয় যে যেতিয়া সদনত কাম চলি থাকে তেতিয়া সকলো নেতাই প্ৰথমে সদনৰ সদস্যসকলক বিবৃতি দিব লাগে আৰু তাৰ পিছতহে বাহিৰত দিব লাগে । কিয়নো সংসদৰ সদস্যসকলৰ এইটো কৰ্তব্য ।

"প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত তেওঁৰ বিফলতা প্ৰদৰ্শন কৰিছে ।" খাৰ্গেয়ে লগতে কয় । উল্লেখ্য যে কংগ্ৰেছ আৰু বিৰোধী নেতাসকলে চলিত বৰ্ষাকালীন অধিবেশনৰ সময়ত সদনৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ পৰা এটা বিবৃতি দাবী কৰিছে । দিনটোৰ আৰম্ভণিতে খাৰ্গেয়ে টুইটাৰযোগে কয়, "নৰেন্দ্ৰ মোদীজী, আপুনি কালি সংসদৰ ভিতৰত কোনো বিবৃতি দিয়া নাছিল । যদি আপুনি খং কৰিছিল তেন্তে কংগ্ৰেছশাসিত ৰাজ্যসমূহৰ সৈতে মিছা তুলনা কৰাৰ পৰিৱৰ্তে আপুনি প্ৰথমে আপোনাৰ দলৰ মণিপুৰৰ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰিব পাৰিলেহেঁতেন । ভাৰতে আশা কৰে যে আপুনি কেৱল এটা ঘটনাৰ ওপৰতেই নহয়, ৰাজ্য আৰু কেন্দ্ৰত আপোনাৰ চৰকাৰে সভাপতিত্ব কৰা ৮০ দিনীয়া হিংসাত্মক ঘটনাৰ ওপৰত আজি সংসদত এক বিস্তৃত বিবৃতি দিব, যিটো সম্পূৰ্ণৰূপে অসহায় আৰু অনুশোচনাহীন দেখা গৈছে ।"

কেন্দ্ৰীয় চৰকাৰক অধিক আক্ৰমণ কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰী মোদীক সদনৰ ভিতৰত মৌনতা ভংগ কৰিবলৈ আহ্বান জনোৱা দাবীৰ পুনৰাবৃত্তি কৰে । ইফালে মণিপুৰৰ ঘটনা সন্দৰ্ভত হোৱা হুলস্থূলৰ মাজতে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰম একেৰাহে দ্বিতীয়দিনৰ বাবেও স্থগিতৰ সন্মুখীন হয় । লোকসভাত দিনটোৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ কেইমিনিটমানৰ ভিতৰতে বিৰোধী সাংসদসকলে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ দাবী জনায় ।

বিৰোধীয়ে শ্লোগানো দিয়ে, যাৰ ফলত দুপৰীয়া ১২ বজালৈ সদন স্থগিত ৰাখিবলগা হয় । ইয়াৰ পুনৰ দুপৰীয়া ১২ বজাত লোকসভাৰ কাৰ্যসূচী আৰম্ভ হয় আৰু ২৪ জুলাই, সোমবাৰলৈকে স্থগিত ৰখা হয় । আনহাতে, মণিপুৰৰ হিংসাক লৈ বিৰোধীৰ হুলস্থূলৰ মাজতে ৰাজ্যসভা আজি দুপৰীয়া ২.৩০ বজালৈকে স্থগিত ৰাখিবলগা হয় । উল্লেখ্য যে সংসদৰ বৰ্ষাকালীন অধিবেশন ১১ আগষ্টলৈকে চলিব ।

লগতে পঢ়ক :Priyanka Gandhi slams PM Modi : মণিপুৰৰ হিংসাক লৈ প্ৰধানমন্ত্ৰীক আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.