ETV Bharat / bharat

আজি প্ৰধানমন্ত্ৰী মোডী, শ্বেইখ হাছিনাৰ ভাৰ্চুৱেল বৈঠক

author img

By

Published : Dec 17, 2020, 9:55 AM IST

আজি প্ৰধানমন্ত্ৰী মোডী আৰু শ্বেইখ হাছিনাৰ ভাৰ্চুৱেল বৈঠক ৷ বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কত দৃঢ় কৰা সন্দৰ্ভক আলোচনা কৰিব ৷

ভাৰ্চুৱেল বৈঠক
প্ৰধানমন্ত্ৰী মোডী, শ্বেইখ হাছিনা

নেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আজি এক ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰিব ৷ এই বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক গাঢ় কৰা সন্দৰ্ভত আলোচনা কৰিব ৷

বিজয় দিৱসৰ এটা দিন পাচতে এই বৈঠকৰ আয়োজন কৰা হৈছে ৷ উল্লেখ্য যে, 1971 চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয় সাব্যস্ত কৰাৰ পাচতে বাংলাদেশ এক নতুন ৰাষ্ট্ৰ হিচাপে গঠন হৈছিল ৷ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ জয়ৰ এই দিনটোকে ভাৰতত বিজয় দিৱস হিচাপে পালন কৰা হয় ৷

ভাৰত আৰু বাংলাদেশে দ্বিপাক্ষিক সম্পৰ্ক দৃঢ় কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে কাম কৰি আহিছে ৷ 2019 চনৰ অক্টোবৰ মাহত বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত ভ্ৰমণ কৰিছিল ৷

আনহাতে, 2020 চনৰ মাৰ্চত 'মুজিব বৰষো' উপলক্ষ্যে প্ৰধানমন্ত্ৰী মোডীয়ে এক ভিডিঅ' বাৰ্তাও প্ৰেৰণ কৰিছিল ৷ আনহাতে, ক'ভিড-19 মহামাৰীৰ সময়ছোৱাতো দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিছিল ৷

দুয়োখন দেশে পৰিবহণ আৰু যোগাযোগৰ ক্ষেত্ৰতো সহযোগিতা বৃদ্ধি কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : টেলীকমৰ নতুন পৰিসেৱা প্ৰদান কৰা প্ৰতিষ্ঠান সমূহলৈ ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.